দলীয় টিকট লৈ সমষ্টিত উপস্থিত আব্দুল বাতিন খন্দকাৰ; মাণিকপুৰত সমৰ্থকৰ উষ্ম আদৰণি

IMG20210317160827

কংগ্ৰেছৰ প্ৰাৰ্থিত্ব লাভ কৰি সমষ্টিত উপস্থিত আব্দুল বাতিন খন্দকাৰ। ফটো: নৰ্থইষ্ট নাও।

বহু জল্পনা কল্পনাৰ অন্ত পেলাই অৱশেষত কংগ্ৰেছ আৰু এআইডিইউএফৰ সমৰ্থিত টিকট লৈ গৃহ সমষ্টিত উপস্থিত হ’ল আব্দুল বাতিন খন্দকাৰ।

ৰাজ্যৰ তৃতীয় পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ তৃতীয়খন প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ পিছত উত্তৰ অভয়াপুৰী সমষ্টিত কংগ্ৰেছৰ  দলীয় কৰ্মীৰ মাজত ব্যাপক উৎসাহ-উদ্দীপনা পৰিলক্ষিত হৈছে।

বুধবাৰে আবেলি সমষ্টিটোৰ কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী আব্দুল বাতিন খন্দকাৰে মানিকপুৰত উপস্থিত হোৱাৰ লগে লগে দলীয় সমৰ্থকে বিপুল আদৰণি জনায়।

৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ঢোল, তাল, খোল বজাই সমদল কৰি মাণিকপুৰ ৰাজীৱ ভৱনলৈ আগুৱাই লৈ যায় দলীয় কৰ্ম কৰ্তা সকলে।

উল্লেখ্য যে সমষ্টিটোৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন বিধায়ক আব্দুল হাই নাগৰীৰ পৰিৱৰ্তে আব্দুল বাতিন খন্দকাৰে সমষ্টিৰ দলীয় প্ৰাৰ্থিত্ব লাভ কৰাত কংগ্ৰেছৰ অধিকাংশ কৰ্ম কৰ্তাৰ মাজত ব্যাপক উৎসাহ-উদ্দীপনা পৰিলক্ষিত হৈছে।

আব্দুল বাতিন খন্দকাৰে মাণিকপুৰৰ পৰা পোনে পোনে নোৱাগাওঁ, চাকলা, শৌলমাৰী কীৰ্তনপাৰা হৈ স্বগৃহলৈ যায়।

সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত খন্দকাৰে কয় যে সমষ্টিটোৰ উন্নয়নেই মোৰ প্ৰথম লক্ষ্য আৰু শিক্ষা, স্বাস্থ্য সেৱা, ৰাস্তা ঘাট, নাৰী সৱলীকৰণকে আদি কৰি কেতবোৰ দিশত সমাজ দেশ আগুৱাই নিয়াই হব মূল লক্ষ্য।

তেওঁ পুনৰ উল্লেখ কৰে যে কংগ্ৰেছে চৰকাৰ গঠন কৰিলে যি ৫ লাখ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছে তাৰে নিম্নতম ১০০০০ চাকৰি কাঢ়ি হ’লেও সমষ্টিত আনি দিম।

এতিয়া কথা হ’ল এ আই ইউ ডি এফৰ পৰা প্ৰাৰ্থিত্বৰ দাবী জনাইছিল যদিও মিত্ৰজোঁটৰ বাবে সমষ্টিটো কংগ্ৰেছক এৰি দিয়াত এ আই ইউ ডি এফৰ কৰ্ম কৰ্তা সকলে কিমানখিনি সহযোগ কৰিব সেয়াই লক্ষণীয় হ’ব।