• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিদেশত পঢ়াৰ খৰচ ক’ৰ পৰা আহিল? চিজেপিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেৰ পিতৃৰ সম্পত্তিৰ তদন্তৰ দাবী আৰটিআই কৰ্মীৰ

চিজেপিলৈ অহা ১ কোটি টকাৰ অনুদান আৰু দীপকেৰ পিতৃৰ সম্পত্তিৰ তদন্তৰ দাবীৰে নিৰ্বাচন আয়োগৰ দ্বাৰস্থ আৰটিআই কৰ্মী অমিত তিৱাৰী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 2, 2026 3:09 pm
12
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ককৰোচ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেৰ পিতৃৰ সা-সম্পত্তি আৰু আয়ক লৈ এতিয়া তীব্ৰ প্ৰশ্নৰ সৃষ্টি হৈছে। এগৰাকী অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰীয়ে কেনেকৈ নিজৰ পুত্ৰৰ বিদেশত শিক্ষা গ্ৰহণৰ বিশাল খৰচ বহন কৰিলে, সেয়া জানিবলৈ তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত আবেদন দাখিল কৰিছে চুৰাটৰ এগৰাকী আৰটিআই কৰ্মীয়ে। তেওঁ দীপকেৰ পিতৃ ভগৱানৰাও দীপকেৰ সম্পত্তিৰ তদন্ত বিচৰাৰ লগতে নিৰ্বাচন আয়োগ আৰু কেন্দ্ৰীয় জিএছটি কৰ্তৃপক্ষৰ ওচৰত চিজেপিৰ পঞ্জীয়ন আৰু পুঁজিৰ উৎসৰো অনুসন্ধানৰ দাবী জনাইছে।

 

Apply Now

জানিব পৰা মতে, দীপকেৰ পিতৃ ভগৱানৰাও মহাৰাষ্ট্ৰ চৰকাৰৰ এগৰাকী কৰ্মচাৰী আছিল। আৰটিআই কৰ্মী অমিত তিৱাৰীয়ে সংশ্লিষ্ট কৰ্তৃপক্ষলৈ পত্ৰ প্ৰেৰণ কৰি প্ৰশ্ন কৰিছে যে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছতো তেওঁ কেনেকৈ আমেৰিকাৰ বষ্টনত অধ্যয়নৰত পুত্ৰৰ শিক্ষাৰ খৰচ যোগাৰ কৰিলে? উল্লেখ্য যে, অভিজিৎ দীপকে যোৱা জুন মাহৰ আৰম্ভণিতে দেশলৈ উভতি আহিছিল।

 

শেহতীয়াকৈ নিট (NEET) কেলেংকাৰীৰ প্ৰতিবাদত দিল্লীৰ যন্তৰ-মন্তৰকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত আন্দোলন কৰা চিজেপিৰ একাংশ সদস্যৰ বিৰুদ্ধে এফআইআৰ ৰুজু হোৱাৰ লগতে কেইবাজনো আটক হৈছে। তেওঁলোকক দিয়া আইনী সাহায্যৰ অনুদানৰ পুঁজি ক’ৰ পৰা আহিছে, তাক লৈয়ো আৰটিআই কৰ্মীগৰাকীয়ে প্ৰশ্ন তুলিছে। ১৯৫১ চনৰ জনপ্ৰতিনিধিত্ব আইনৰ ২৯(এ) ধাৰাৰ অধীনত চিজেপি পঞ্জীয়নভুক্ত হয় নে নহয়, সেয়াও নিৰ্বাচন আয়োগৰ পৰা জানিব বিচাৰিছে তিৱাৰীয়ে। তেওঁৰ মতে, “পঞ্জীয়নভুক্ত নোহোৱাকৈয়ে চিজেপিয়ে এটা ৰাজনৈতিক দলৰ দৰে কাম কৰি আছে আৰু আইনী সাহায্যৰ বাবে এক কোটি টকাৰ অনুদান লাভ কৰিছে। সেয়েহে আইন অনুসৰি ইয়াৰ পঞ্জীয়ন হৈছিল নে নাই সেয়া নিৰ্বাচন আয়োগে পৰীক্ষা কৰা উচিত।” যদি পঞ্জীয়ন হোৱা নাই, তেন্তে চিজেপিৰ অনুদানৰ ৰচিদ পৰীক্ষা কৰিব লাগে বুলিও তেওঁ দাবী জনায়।

 

যোৱা সোমবাৰে কংগ্ৰেছ সাংসদ তথা জ্যেষ্ঠ অধিবক্তা কপিল চিবলে প্ৰতিবাদকাৰীসকলৰ গোচৰ চলাবলৈ চিজেপিক আইনী সাহায্য হিচাপে ১ কোটি টকা প্ৰদান কৰাৰ কথা ঘোষণা কৰিছিল। এই অনুদানক লৈ কেন্দ্ৰীয় জিএছটি কৰ্তৃপক্ষৰ ওচৰত আবেদন দাখিল কৰা তিৱাৰীয়ে প্ৰশ্ন কৰিছে যে চিবলৰ এই অনুদানৰ ওপৰত ১৮ শতাংশ জিএছটি আৰোপ কৰা উচিত নেকি? বিষয়টো বিবেচনা কৰি চাবলৈ তেওঁ জিএছটি কৰ্তৃপক্ষক অনুৰোধ জনাইছে।

 

ইফালে, গোচৰ প্ৰত্যাহাৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতে কেন্দ্ৰীয় চৰকাৰ আৰু চিজেপিৰ মাজত সংঘাত আৰম্ভ হৈছে। কেন্দ্ৰই স্পষ্ট কৰি দিছে যে যাৰ বিৰুদ্ধে পূৰ্বৰ অপৰাধমূলক গোচৰ আছে, তেওঁলোকক ৰেহাই দিয়া নহ’ব। কিন্তু চিজেপিয়ে এই সিদ্ধান্ত মানি ল’বলৈ অস্বীকাৰ কৰি প্ৰয়োজনত পুনৰ আন্দোলন আৰম্ভ কৰাৰ হুংকাৰ দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

August 26, 2026 9:45 pm
মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

August 26, 2026 8:45 pm
বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

August 26, 2026 7:44 pm
পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

August 26, 2026 7:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

August 26, 2026 9:45 pm
মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

August 26, 2026 8:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd