সোমবাৰে কলিয়াবৰত বিভিন্ন কাৰ্যসূচীৰ মাজেৰে অভিৰুচি ক্ৰীড়া দিৱস পালন
এছিয়াডত অসমক প্ৰথমটো পদকৰ সোৱাদ দিয়া তথা অৰ্জুন বঁটা প্ৰাপক ভোগেশ্বৰ বৰুৱাৰ ওপজা দিনটো সমগ্ৰ ৰাজ্যই অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰাৰ লগতে কলিয়াবৰৰ নাগশংকৰস্থিত অৰ্জুন ভোগেশ্বৰ বৰুৱা পেভিলিয়নতো দিনজোৰা কাৰ্যসূচীৰে উক্ত ক্ৰীড়া দিৱস পালন কৰা হয়।
কলিয়াবৰ জিলা ক্ৰীড়া সন্থাৰ ব্যৱস্থাপনাত অনুষ্ঠিত অভিৰুচি ক্ৰীড়া দিৱসত ক্ৰীড়া সন্থাৰ পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভণি হয়। ইয়াৰ পাছতে বন্তি প্ৰজ্বলন, সমূহীয়া দৌৰ আৰু কলিয়াবৰ জিলা ক্ৰীড়া সন্থা বনাম কলিয়াবৰ কেন্দ্ৰীয় ছাত্র সন্থাৰ মাজত এখন প্ৰদৰ্শনীমূলক প্ৰীতি ফুটবল খেল অনুষ্ঠিত হয়।
কলিয়াবৰ জখলাবন্ধা নিবাসী তথা আন্তৰ্জাতিক খ্যাতি সম্পন্ন প্ৰবীণ খেলুৱৈ মিনু শইকীয়াই অনুষ্ঠানৰ পতাকা উত্তোলন কৰাৰ বিপৰীতে অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিনৰ কেক কাটে কলিয়াবৰ জিলা ক্ৰীড়া সন্থাৰ যুটীয়া সম্পাদক তথা সদৌ অসম ছাত্ৰ সন্থাৰ উপ সভাপতি মণি মাধৱ মহন্তই।
আনহাতে এই অভিৰুচি ক্ৰীড়া দিৱসৰ লগত সংগতি ৰাখি কলিয়াবৰ জিলা ক্ৰীড়া সন্থাই কলিয়াবৰৰ প্ৰাক্তন ফুটবল খেলুৱৈ কমল নাথক সম্বৰ্ধনা জ্ঞাপন কৰে। সন্ধিয়া বন্তি প্ৰজ্বলন কৰি দিনজোৰা কাৰ্যসূচীৰ অন্ত পেলায়।