• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুপ্তহত্যা প্রসংগ : শইকীয়া আয়োগক অবৈধ ঘোষণা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 4, 2018 8:20 am
Guwahati-High-court-570x320
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ ইতিহাসৰ এক ক’লা অধ্যায় হিচাপে চিহ্নিত গুপ্তহত্যাক লৈ কৰা ৰাজনীতিয়ে বিষয়টোক গভীৰ ৰহস্যৰ মাজলৈ লৈ গৈছে। গুপ্তহত্যাৰ বলি হোৱাসকলৰ পৰিয়ালে ন্যায় প্ৰাপ্তিৰ পৰিৱৰ্তে প্ৰৱঞ্চনাৰহে বলি হ’বলগীয়া হৈছে। দুৰ্ভাগ্যজনকভাৱে, গুপ্তহত্যাৰ ঘটনাসমূহৰ ন্যায়িক তদন্তৰ বাবে গঠন কৰা শেষৰ আয়োগখনেই বৈধ নাছিল।

তিনিটাকৈ কাৰ্যকালৰ বাবে মুখ্যমন্ত্ৰী হোৱা তৰুণ গগৈৰ প্ৰথমটো কাৰ্যকালত গঠন কৰা উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ (বৰ্তমান প্ৰয়াত) খগেন্দ্ৰ নাথ শইকীয়া নেতৃত্বাধীন গুপ্তহত্যা তদন্ত আয়োগখন আইনগতভাৱে বৈধ নাছিল বুলি সোমবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে ঘোষণা কৰে।

Apply Now

তদুপৰি ৰাজ্য চৰকাৰে উক্ত আয়োগখনক অনুৰূপ ধৰণৰ সকলো গোচৰৰ তদন্ত কৰাৰ বাবে কৰ্তৃত্ব দিয়া এখন অধিসূচনাকো ন্যায়ালয়ে বিধিসন্মত নহয় বুলি ৰায় দিছে।

উল্লেখযোগ্য যে ১৯৯৮ চনৰ পৰা ২০০১ চনৰ ভিতৰত সংঘটিত হোৱা এই গুপ্তহত্যাৰ ঘটনাৰ সময়ত অগপ চৰকাৰৰ মুখ্যমন্ত্ৰী পদত থকা প্ৰফুল্ল কুমাৰ মহন্তই দাখিল কৰা (৭৪৬/২০০৮) এখন লেখ আবেদনৰ ওপৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ উজ্বল ভূঞা সোমবাৰে এই ৰায় প্ৰদান কৰে।

গুপ্তহত্যা সম্পৰ্কত প্ৰথমখন আয়োগ প্ৰাক্তন ন্যায়াধীশ ছফিকুল হক আয়োগৰ পিছত গগৈ চৰকাৰে শাসনভাৰ গ্ৰহণ কৰিয়েই ন্যায়াধীশ মীৰা শৰ্মাক লৈ এখন আয়োগ গঠন কৰিছিল। ২০০৩ চনত ন্যায়াধীশ শৰ্মাই পদত্যাগ কৰাৰ পিছত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ জে এন শৰ্মা আয়োগ গঠন কৰে।

২০০৫ চনৰ আগষ্টত জে এন শৰ্মা আয়োগে দাখিল কৰা প্ৰতিবেদন চৰকাৰে অগ্ৰাহ্য কৰি ২০০৫ চনৰ ২২ আগষ্টত উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ খগেন্দ্ৰ নাথ শইকীয়া তদন্ত আয়োগ গঠন কৰে।

২০০৬ চনৰ ২১ আগষ্ট আৰু ২০০৭ চনৰ ৭ আগষ্টত শইকীয়া আয়োগে দাখিল কৰা প্ৰতিবেদনত উক্ত ঘটনালানি সংঘটিত হোৱা সময়ত গৃহমন্ত্ৰীৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক জগৰীয়া কৰিব পৰা কিছু বিষয় সন্নিৱিষ্ট কৰিছিল।

২০০৮ চনত মহন্তই শইকীয়া আয়োগৰ প্ৰতিবেদনক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ত আবেদন জনায়। মহন্তৰ আবেদন কোৱা হৈছিল যে শইকীয়া গঠন কৰাৰ পূৰ্বে জে এন শৰ্মা আয়োগ ভংগ কৰি চৰকাৰে ৰাজপত্ৰিত অধিসূচনা জাৰি কৰা নাছিল। এইদৰে ই তদন্ত আয়োগ আইন-১৯৫২’ ৰ ধাৰা ৩ উলংঘন কৰিছে। সেইদৰে আয়োগখন গঠনৰ পিছত অনুৰূপ সকলো গোচৰৰ কৰ্তৃত্ব দিয়াটোও আইনখনৰ ধাৰা ৭ ৰ উলংঘন।

উল্লেখযোগ্য যে মহন্তৰ আবেদনৰ ভিত্তিত উচ্চ ন্যায়ালয়ত গোচৰটো চলি থকাৰ মাজতে ২০১৬ চনৰ ৭ ডিচেম্বৰত প্ৰাক্তন ন্যায়াধীশ শইকীয়াৰ মৃত্যু হয়।

আনহাতে, দীৰ্ঘদিন শুনানিৰ পিছত সোমবাৰে উচ্চ ন্যায়ালয়ে মহন্তৰ আবেদন গ্ৰহণ কৰি শইকীয়া আয়োগৰ গঠন আৰু তাৰ পৰৱৰ্তী চৰকাৰী নিৰ্দেশনাখন অবৈধ বুলি ৰায়দান কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd