ৰাজ্য চৰকাৰৰ এক গুৰুত্বপূৰ্ণ বিভাগ হিচাপে পৰিচিত আভ্যন্তৰীণ জল পৰিবহণ সঞ্চালকালয়ৰ অস্তিত্ব বিলুপ্তিৰ পথত অগ্ৰসৰ হৈছে। ১৯৫৯ চনত প্ৰতিষ্ঠা হোৱা এই ঐতিহাসিক বিভাগটোৰ সমস্ত সেৱা আৰু আন্তঃগাঁথনি চৰকাৰে ইতিপূৰ্বে গঠন কৰা ‘অসম আভ্যন্তৰীণ জলপথ কোম্পানী লিমিটেড’লৈ (AIWCL) হস্তান্তৰ কৰাৰ বাবে যোৱা ১৬ জানুৱাৰীত পাঁচখনকৈ চৰকাৰী জাননী জাৰি কৰা হৈছে।
ব্ৰহ্মপুত্ৰৰ ওপৰত কেইবাখনো দলং নিৰ্মাণৰ দোহাই দি জল পৰিবহণৰ সেৱা ক্ষেত্ৰ সংকুচিত কৰাৰ অভিযোগ উত্থাপন কৰি চৰকাৰে পৰিকল্পিতভাৱে এই বিভাগটো ব্যক্তিগতকৰণৰ দিশে ঠেলি দিয়া বুলি চৰ্চা চলিছে।
২০২২ চনতেই সঞ্চালকালয়টো বিলুপ্ত কৰাৰ লক্ষ্যৰে চৰকাৰে ‘অসম আভ্যন্তৰীণ জলপথ কোম্পানী লিমিটেড’ আৰু ‘অসম আভ্যন্তৰীণ জল পৰিবহণ নিয়ামক প্ৰাধিকৰণ’ (AIWTRA) গঠন কৰিছিল, যাৰ অংশস্বৰূপ এতিয়া ১৭০ খনতকৈও অধিক জাহাজ আৰু বিভাগীয় সমস্ত সম্পত্তি কোম্পানীটোক গতোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে।
ব্যক্তিগতকৰণৰ এই প্ৰক্ৰিয়াৰ প্ৰথম পদক্ষেপ হিচাপে বিশ্ববেংকৰ ২০০ কোটি টকাৰ ঋণ সাহায্যৰে নিৰ্মিত ‘গেটৱে অৱ গুৱাহাটী’ টাৰ্মিনেলটো ইতিমধ্যে মাত্ৰ ২৪.১১ শতাংশ ৰাজহৰ বিনিময়ত ‘অসম কমিউনিকেচন আৰু কেবল প্ৰাইভেট লিমিটেড’ নামৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানক গতাই দিয়া হৈছে।
আই এ এছ বিষয়া আদিত্য বিক্ৰম যাদৱৰ পৰিচালনাত চলিবলগীয়া AIWCL-এ পৰ্যায়ক্ৰমে সমগ্ৰ চৰকাৰী জল পৰিবহণ ব্যৱস্থাটো ব্যক্তিগত খণ্ডৰ হাতত অৰ্পণ কৰিব বুলি বিভাগীয় কৰ্মচাৰীসকলে গুৰুতৰ শংকা প্ৰকাশ কৰিছে।
উল্লেখ্য যে, কৰ্মচাৰীসকলৰ তীব্ৰ প্ৰতিবাদ আৰু আইনী যুঁজৰ বাবে চৰকাৰে দীৰ্ঘদিন ধৰি এই হস্তান্তৰ প্ৰক্ৰিয়া সম্পন্ন কৰিব পৰা নাছিল যদিও শেহতীয়াকৈ কেবিনেট সিদ্ধান্তৰ দোহাই দি এই বিতৰ্কিত পদক্ষেপ গ্ৰহণ কৰা হৈছে।
চৰকাৰৰ এই সিদ্ধান্তৰ ফলত বিভাগটোৰ প্ৰায় ৩,০০০ কৰ্মচাৰীৰ জীৱিকা আৰু ভৱিষ্যতক লৈ গভীৰ অনিশ্চয়তাই দেখা দিছে। কোম্পানীটোৱে মাত্ৰ তিনি বছৰৰ অধিক কাৰ্যকাল বাকী থকা কৰ্মচাৰীসকলকহে সংলগ্ন কৰাৰ আশ্বাস দিছে যদিও অৱসৰৰ ওচৰ চপা কৰ্মচাৰীসকলৰ সন্দৰ্ভত কোনো স্পষ্ট নীতি সদৰী কৰা নাই।
তদুপৰি, পৰৱৰ্তী পাঁচ বছৰ চৰকাৰী অনুদানেৰে দৰমহা পৰিশোধ কৰাৰ কথা কোৱা হৈছে যদিও পাঁচ বছৰৰ পাছত যদি কোম্পানীটো লাভজনক নহয়, তেন্তে কৰ্মচাৰীসকলৰ সংস্থান কি হ’ব, তাক লৈ তীব্ৰ উদ্বেগৰ সৃষ্টি হৈছে।
চৰকাৰৰ এই ‘অবিবেচকী’ সিদ্ধান্তৰ বিৰুদ্ধে সদৌ অসম আভ্যন্তৰীণ জল পৰিবহণ শ্ৰমিক সংঘই ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে।
সংঘৰ সাধাৰণ সম্পাদক অম্বিকাচৰণ বৈশ্যই এই জাননীসমূহ বাতিলৰ দাবী জনাই চৰকাৰৰ এনে পদক্ষেপক কৰ্মচাৰী বিৰোধী বুলি অভিহিত কৰিছে।





