DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 1, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

প্ৰতিজন অসমীয়াৰ বুকুৰ মাজত ৰৈ যোৱা সেই গানবোৰ, সেই সুৰবোৰ-

অসমৰ সংগীত জগত ভোতাতৰা হৈ জিলিকাই ৰখা দীপালী বৰঠাকুৰৰ বিষয়ে-

এন ই নাও নিউজ by এন ই নাও নিউজ
December 21, 2018 5:39 pm
Dipali Borthaku

দীপালী বৰঠাকুৰ। ফাইল ফটো।

1.5k
VIEWS
Share on FacebookShare on Twitter

অসমৰ সংগীত জগতখন স্বকীয় সুৰ আৰু স্বকীয় গীতৰ পোহৰেৰে জিলিকাই ৰখা দীপালী বৰঠাকুৰৰ আজি দেহাৱসান ঘটে। বহুদিন অসুস্থ হৈ থকা শিল্পীগৰাকীৰ মৃত্যু অস্বাভাৱিক নহয় যদিও প্ৰতিজন অসমীয়াই আজি শিল্পীগৰাকীৰ মৃত্যু গভীৰ মৰ্মবেদনা অনুভৱ কৰাটোও সমানেই স্বাভাৱিক।

এই আৱেগিক মুহূৰ্তত আমি অসাধাৰণ শিল্পীগৰাকীৰ জীৱনৰ ওপৰত সামান্য আলোকপাতৰ প্ৰয়াসেৰে তেওঁৰ বিষয়ে কেইটামান গুৰুত্বপূৰ্ণ তথ্য আগ বঢ়ালো-

দীপালী বৰঠাকুৰৰ-

  • জন্ম : ১৯৪১ চনৰ ৩০ জানুৱাৰিত, শিৱসাগৰ জিলাৰ সোণাৰিৰ নীলমনি বাগিচাত।
  • দেউতাকৰ নাম : বিশ্বনাথ বৰঠাকুৰ
  • মাকৰ নাম : চন্দ্ৰকান্তি বৰঠাকুৰ

১৯৫৮ চনত নৱম শ্ৰেণীৰ ছাত্ৰী হৈ থাকোঁতেই তেওঁ কণ্ঠদান কৰিছিল ‘বন্ধু সময় পালে আমাৰ ফালে এবাৰ আহি যাবা…’ শীৰ্ষক গীতত।

ইয়াৰ পাছতে তেওঁৰ কণ্ঠৰ আৱেদনময়তাই বিপুল সমাদৰ লাভ কৰে। ক্ৰমে তেওঁ বহুকেইটা কালজয়ী গীত গাই অসমৰ সংগীতপ্ৰেমীৰ হৃদয়ত আছুতীয়া ঠাই দখল কৰে।

কিন্তু দুৰ্ভাগ্যৰ কথা যে কটন কলেজৰ পৰা প্ৰি-য়ু পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ সময়তে শিল্পীগৰাকী বিৰলপ্ৰায় মটৰ নিউৰন (Motor Neuron) ৰোগত আক্ৰান্ত হয় আৰু গান গাব নোৱৰা হয়।

বিবাহ : ১৯৭৬ চনত অসমৰ আন এজন খ্যাতিমান ব্যক্তি চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ লগত বিবাহ হয়।

তেওঁ কণ্ঠদান কৰা কেইটামান বিখ্যাত আৰু জনপ্ৰিয় গীত হ’ল-

  • ‘চেনাই মই যাওঁ দেই’
  • ‘অ’ বন্ধু সময় পালে আমাৰ ফালে এবাৰ আহি যাবা’
  • ‘সোণৰ খাৰু নালাগে মোক বিয়াৰ বাবে আই’
  • ‘জোনধনে জোনালীতে’
  • ‘কণমান বৰশীৰে চিপ’
  • ‘আগলি বাঁহৰে লাহৰী গগনা’
  • ‘আগলি কলাপাত লৰে কি চৰে’
  • ‘ডালে ডালে গাই কুলি বুলবুলি’
  • ‘কোন সেই ৰূপৱতী যায়’

বঁটা-বাহন আৰু স্বীকৃতি-

  • দীপালী বৰঠাকুৰক অসমৰ নাইটিংগেল বুলি কোৱা হয়।
  • ১৯৯৮ চনত দীপালী বৰঠাকুৰে পদ্মশ্ৰী সন্মান লাভ কৰে।
  • ২০০৭ চনত ‘লিঅ’ এক্সপো শিল্পী সন্মান লাভ কৰে।
  • ২০১০ চনত অসম চৰকাৰৰ শিল্পী বঁটা লাভ কৰে।
  • ২০১২ চনত আইদেউ সন্দিকৈ শিল্পী বঁটা লাভ কৰে।
  • তেওঁ অসম চৰকাৰৰ শিল্পী পেন্সনো লাভ কৰিছিল।

Recent News

Maharashtra politics

পুনৰ নিৰাশ উদ্ধৱ ঠাকৰে শিবিৰ: উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে জৰুৰী শুনানিৰ আবেদন

Raj Thackeray on Uddhav Thackeray

সৌভাগ্য সফলতা নহয়: পতনৰ পাছতে উদ্ধৱ ঠাকৰেক কটাক্ষ ৰাজ ঠাকৰেৰ

Amarinder Singh

শীঘ্ৰেই বিজেপিলৈ অমৰিন্দৰ সিং: বিজেপিৰ সৈতে চামিল হ’ব পঞ্জাৱ লোক কংগ্ৰেছ

Assam career MHRB

Assam Career : এমএইচআৰবিত বৈজ্ঞানিক বিষয়া আৰু বিশ্লেষকৰ খালী পদৰ বাবে আবেদন আহ্বান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd