• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ক্ষমতাৰ অপব্যৱহাৰ! চিবিআইৰ দুই বিষয়াক তিনি মাহৰ কাৰাদণ্ডৰ নিৰ্দেশ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 10:41 am
41
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লীৰ এখন আদালতে শেহতীয়াকৈ এক গুৰুত্বপূৰ্ণ ৰায়দান কৰি চিবিআইৰ দুজন বিষয়াক তিনি মাহৰ কাৰাদণ্ড বিহিছে। প্ৰায় আঢ়ৈ দশক পুৰণি এক গোচৰৰ ভিত্তিত এই ৰায় প্ৰদান কৰা হৈছে য’ত এজন ভাৰতীয় ৰাজহ বিভাগৰ বিষয়াৰ ঘৰত অন্যায়ভাৱে প্ৰৱেশ কৰি তেওঁক লাঞ্ছিত কৰাৰ অভিযোগ প্ৰমাণিত হৈছে। আদালতৰ পৰ্যবেক্ষণ অনুসৰি এই দুই বিষয়াই চৰকাৰী পদত থাকি নিজৰ আইনী ক্ষমতাৰ চৰম অপব্যৱহাৰ কৰিছিল। দণ্ডিভৃত বিষয়া দুজন হৈছে অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভি কে পাণ্ডে আৰু ৰামনিশ।

উল্লেখযোগ্য যে ২০০০ চনত যেতিয়া এই ঘটনাটো ঘটিছিল তেতিয়া ৰামনিশ আৰক্ষী অধীক্ষক হিচাপে কৰ্মৰত আছিল আৰু বৰ্তমান তেওঁ চিবিআইৰ যুটীয়া সঞ্চালক হিচাপে দায়িত্ব পালন কৰি আছে।

Apply Now

বিচাৰক হাকিম শশাঙ্ক নন্দন ভাটৰ আদালতে এই কাৰ্যক অতি গুৰুতৰ বুলি অভিহিত কৰি কয় যে চৰকাৰী কৰ্মচাৰী হৈ আইন উলংঘা কৰা কাৰ্যটো কোনো কাৰণতে লঘু কৰি চাব নোৱাৰি। অৱশ্যে ৰায়দানৰ পাছতেই দোষী সাব্যস্ত হোৱা বিষয়াদ্বয়ে কাৰাদণ্ড স্থগিত ৰখাৰ আবেদন জনাইছিল। যিহেতু এই অপৰাধসমূহ জামিনযোগ্য আছিল গতিকে আদালতে তেওঁলোকৰ আবেদন গ্ৰহণ কৰি এ মাহৰ বাবে ৰায় স্থগিত ৰাখিছে। ইয়াৰ বিনিময়ত প্ৰত্যেককে ২৫ হাজাৰ টকাৰ জামিননামা দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

এই সমগ্ৰ ঘটনাটো ২০০০ চনৰ ১৯ অক্টোবৰত সংঘটিত হৈছিল। সেইদিনা চিবিআইৰ এটা দলে পশ্চিম বিহাৰৰ অশোক কুমাৰ আগৰৱালাৰ বাসগৃহত অভিযান চলাইছিল। আগৰৱালাই অভিযোগ কৰিছিল যে বিষয়াসকলে অতি পুৱাই তেওঁৰ ঘৰত বলপূৰ্বক সোমাই তেওঁক অপমান কৰিছিল আৰু গ্ৰেপ্তাৰৰ সময়ত কোনো ধৰণৰ আইনী প্ৰক্ৰিয়া মানি চলা নাছিল। আদালতে নিজৰ মন্তব্যত স্পষ্ট কৰি দিয়ে যে বিষয়াসকলৰ এনে কামৰ বাবে এজন ব্যক্তিয়ে অকাৰণতে কাৰাগাৰলৈ যাবলগীয়া হৈছিল যিয়ে দেশৰ আইন ব্যৱস্থাৰ প্ৰতি সাধাৰণ মানুহৰ বিশ্বাস ভংগ কৰি তুলিছে।

আদালতত অভিযুক্ত বিষয়াসকলে যুক্তি দিছিল যে তেওঁলোকে কেৱল ওপৰৰ মহলৰ নিৰ্দেশহে পালন কৰিছিল। কিন্তু বিচাৰকে এই যুক্তি খাৰিজ কৰি কয় যে এজন চৰকাৰী বিষয়া হিচাপে নিজৰ বিচাৰ-বুদ্ধি প্ৰয়োগ কৰি স্বাধীনভাৱে সিদ্ধান্ত লোৱাটো তেওঁলোকৰ কৰ্তব্য আছিল। কেৱল উৰ্ধতম কৰ্তৃপক্ষৰ নিৰ্দেশৰ দোহাই দি কোনো বিষয়াই নিজৰ নৈতিক আৰু পেছাদাৰী দায়িত্বৰ পৰা হাত সাৰিব নোৱাৰে। আনহাতে অভিযোগকাৰীৰ অধিবক্তাই আদালতত কয় যে তেওঁৰ মক্কেলে এই গোচৰটোৰ বাবে বিগত ২৬ বছৰ ধৰি মানসিক আৰু শাৰীৰিক যন্ত্ৰণা ভোগ কৰিছে। চৰকাৰী পদত থাকি ব্যক্তিগত শত্ৰুতা পূৰণ কৰিবলৈ কৰা এনে দুষ্কাৰ্যৰ বিৰুদ্ধে কঠোৰ বাৰ্তা যোৱাটো দৰকাৰ বুলিও তেওঁ যুক্তি দৰ্শায়।

অভিযুক্তৰ অধিবক্তাই অৱশ্যে তেওঁলোকৰ পূৰ্বৰ উজ্জ্বল কৰ্মজীৱন আৰু কোনো অপৰাধমূলক ইতিহাস নথকাৰ কথা উল্লেখ কৰি শাস্তি লাঘৱ কৰিবলৈ অনুৰোধ জনাইছিল। কিন্তু আদালতে জনাই দিয়ে যে এজন সাধাৰণ মানুহতকৈ এজন উচ্চপদস্থ বিষয়াৰ জবাবদিহিতা বহু বেছি হোৱা উচিত। অৱশেষত আদালতে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩২৩, ৪২৭ আৰু ৪৪৮-ৰ অধীনত দুয়োকে দোষী সাব্যস্ত কৰি তিনি মাহৰ কাৰাদণ্ডৰ লগতে অভিযোগকাৰীক ৫০ হাজাৰ টকাকৈ ক্ষতিপূৰণ দিবলৈ নিৰ্দেশ দিয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আজিৰ ৰাজনীতি হৈ পৰিছে “যাদুকৰী বাস্তৱতা”

আজিৰ ৰাজনীতি হৈ পৰিছে “যাদুকৰী বাস্তৱতা”

June 25, 2026 2:58 pm
ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদন : বিশ্বৰ ৬৫ কোটিৰো অধিক লোকৰ ঘৰত আজিও নাই বিজুলী সংযোগ

ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদন : বিশ্বৰ ৬৫ কোটিৰো অধিক লোকৰ ঘৰত আজিও নাই বিজুলী সংযোগ

June 25, 2026 2:28 pm
বাৰিষাৰ প্ৰথমটো বানৰ সংহাৰ : ২০ হাজাৰৰো অধিক লোক আক্ৰান্ত, ৰাজ্যত হাই এলাৰ্ট জাৰি

বাৰিষাৰ প্ৰথমটো বানৰ সংহাৰ : ২০ হাজাৰৰো অধিক লোক আক্ৰান্ত, ৰাজ্যত হাই এলাৰ্ট জাৰি

June 25, 2026 1:05 pm
গাজাত ধ্বংস হৈছে শৈশৱ! যুদ্ধত প্ৰাণ গ’ল ২০ হাজাৰৰো অধিক শিশুৰ, ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনৰ পাছতে জৰুৰী হস্তক্ষেপ বিচাৰিলে পেলেষ্টাইনে

গাজাত ধ্বংস হৈছে শৈশৱ! যুদ্ধত প্ৰাণ গ’ল ২০ হাজাৰৰো অধিক শিশুৰ, ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনৰ পাছতে জৰুৰী হস্তক্ষেপ বিচাৰিলে পেলেষ্টাইনে

June 25, 2026 12:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আজিৰ ৰাজনীতি হৈ পৰিছে “যাদুকৰী বাস্তৱতা”

আজিৰ ৰাজনীতি হৈ পৰিছে “যাদুকৰী বাস্তৱতা”

June 25, 2026 2:58 pm
ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদন : বিশ্বৰ ৬৫ কোটিৰো অধিক লোকৰ ঘৰত আজিও নাই বিজুলী সংযোগ

ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদন : বিশ্বৰ ৬৫ কোটিৰো অধিক লোকৰ ঘৰত আজিও নাই বিজুলী সংযোগ

June 25, 2026 2:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd