• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইনষ্টাগ্ৰামৰ এটা সাহসী পোষ্টেৰে চৰ্চাত অসম কন্যা

এন ই নাও নিউজ by এন ই নাও নিউজ
September 20, 2021 3:45 pm
Ankita Konwar
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সামাজিক মাধ্যম ইনষ্টাগ্ৰামত কৰা এটি সাহসী পোষ্টেৰে চৰ্চালৈ আহিছে এগৰাকী অসম কন্যা।

‘‘শৈশৱতেই নিৰ্যাতনৰ বলি হৈছিলো। হোষ্টেলত ডাঙৰ-দীঘল হ’লো। এখন অচিনাকি চহৰত অকলে বাস কৰিছিলো। মই আটাইতকৈ বিশ্বাসত লোৱা লোকসকলৰ পৰা প্ৰৱঞ্চিত হৈছিলো। মোৰ ভাতৃক হেৰুৱালো। প্ৰাক্তন প্ৰেমিকক হেৰুৱালো। দেউতাক হেৰুৱালো। মই দেখাত যেনেকুৱা, তেনেধৰণেই মোক মতা হৈছিল আৰু মই ভালপোৱা পুৰুষজনৰ স’তে থকা বাবে মোক বিচাৰ কৰা হৈছিল। তেন্তে ইয়াৰ পাছতো যদি তুমি দেখা যে মই আশাবাদী হৈ জীয়াই আছো, তেন্তে জানি থোৱা যে সেয়াই হৈছো মই! তুমি নিজকে ভালপোৱা!’’

Apply Now

এই তাৎপৰ্যপূৰ্ণ ভাষ্য আগবঢ়াইছে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত চৰ্চিত এগৰাকী অসম কন্যাই। নাম তেওঁৰ- অংকিতা কোঁৱৰ। বলিউডৰ জনপ্ৰিয় অভিনেতা-মডেল তথা ফিটনেছ বিশেষজ্ঞ মিলিন্দ সুমনৰ পত্নী অংকিতাই এটা ইনষ্টাগ্ৰাম প’ষ্ট যোগেৰে দিয়া এই ভাষ্যই চৰ্চা লাভ কৰা দেখা গৈছে। ইনষ্টাগ্ৰাম প’ষ্টটোত অংকিতাই নিজৰ জীৱনকালত লাভ কৰি অহা সামাজিক আৰু ব্যক্তিগত আঘাতসমূহ উল্লেখ কৰিছে। ইয়াৰ দ্বাৰা জানিব পাৰি যে তেওঁ শৈশৱৰে পৰা বৰ্তমানলৈকে কিদৰে মানসিক নিৰ্যাতনৰ বলি হৈও জীৱন সংগ্ৰামত ব্ৰতি হৈ আছে।

অংকিতাৰ বয়স বৰ্তমান ৩০। আনহাতে, তেওঁৰ স্বামী মিলিন্দ সুমনৰ বয়স হৈছে ৫৫। ২০১৮ চনত অংকিতাই মিলিন্দ সুমনৰ স’তে বিবাহপাশত আৱদ্ধ হয়। অংকিতাৰ প্ৰাক্তন প্ৰেমিকৰ মৃত্যুৰ পাছতে তেওঁ মিলিন্দ সুমনৰ স’তে যোগাযোগ হয়। কিন্তু তেওঁলোকৰ প্ৰেমক লৈ বিভিন্নজনে সামাজিক মাধ্যমযোগে উপহাস তথা ট্ৰ’লিং কৰে। ইয়াৰ কাৰণ হ’ল তেওঁলোকৰ বয়সৰ মাজত বৃহৎ তফাৎ। তেওঁলোকৰ প্ৰেমৰ সমস্ত ঘটনাৱলী সম্পৰ্কে ইতিমধ্যে অংকিতাই এটা ইনষ্টাগ্ৰাম প’ষ্ট কৰিছিল। তাত তেওঁ লিখিছিল যে তেওঁলোকৰ প্ৰেম পাঁচ বছৰধৰি কৰি আহিছিল আৰু শেষত বিয়াত বহে। তেওঁলোকৰ বিবাহক লৈ অংকিতাৰ ঘৰৰ পৰাও বিশেষ আপত্তি নাছিল বুলিও অংকিতাই লিখিছিল। তৎসত্বেও অংকিতা আৰু মিলিন্দৰ বয়সক লৈ ট্ৰ’ল কৰি অহা লোকসকলক উদ্দেশ্য কৰিয়েই অংকিতাই শেহতীয়া প’ষ্টটো দিয়া বুলি ক’ব পাৰি।

উল্লেখযোগ্য যে কন্যাশিশু তথা নাৰী নিৰ্যাতনৰ ক্ষেত্ৰত অসমৰ স্থান ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সন্তোষজনক নহয়। শেহতীয়াকৈ এগৰাকী প্ৰাপ্তবয়স্কা ১৯ বৰ্ষীয় ছাত্ৰীয়ে এটা এণ্ট্ৰেন্স পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ যাওতে সামান্য হাফপেণ্ট পৰিধান কৰি যোৱাক লৈয়ে উত্তাল হৈ আছে সংবাদ মাধ্যমসমূহ। আনকি বিবিচিৰ দৰে আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো ইয়াৰ বাতৰিয়ে মুখ্য স্থান লাভ কৰিছে। সামাজিক মাধ্যমসমূহত উক্ত মেধাৱী ছাত্ৰীগৰাকীক বিভিন্ন ধৰণৰ অশালীন-অসামাজিক গালি-গালাজ, ট্ৰ’লিং কৰা হৈ আছে। এইসমূহৰ প্ৰভাৱ নিশ্চিতভাৱে ছাত্ৰীগৰাকীৰ মন-মানসিকতাক চুই যাব। তেনে পৰিস্থিতিত ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত চৰ্চিত এগৰাকী অসম কন্যাই আগবঢ়োৱা এই ভাষ্যৰ ব্যাপক গুৰুত্ব আছে বুলি ক’ব পাৰি।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আৰক্ষীৰ প্ৰহাৰত কাণেৰে নুশুনা হ’ল দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰী! সংবাদমেলত ভুক্তভোগীয়ে বৰ্ণনা কৰিলে বৰ্বৰতাৰ কাহিনী

আৰক্ষীৰ প্ৰহাৰত কাণেৰে নুশুনা হ’ল দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰী! সংবাদমেলত ভুক্তভোগীয়ে বৰ্ণনা কৰিলে বৰ্বৰতাৰ কাহিনী

October 14, 2026 3:10 pm
সাধাৰণ জনতাৰ পকেটত মাধমাৰ! অৰ্থনীতিবিদৰ অনুমানক চেৰ পেলাই উৰ্ধ্বমুখী দেশৰ মুদ্ৰাস্ফীতিৰ হাৰ

সাধাৰণ জনতাৰ পকেটত মাধমাৰ! অৰ্থনীতিবিদৰ অনুমানক চেৰ পেলাই উৰ্ধ্বমুখী দেশৰ মুদ্ৰাস্ফীতিৰ হাৰ

October 14, 2026 2:41 pm
“নিজৰ দেশত ত্ৰিৰংগা উৰুওৱাটো অপৰাধ নেকি?” চিজেপি নেতাক জেললৈ প্ৰেৰণ কৰাত গৰজি উঠিল ৰাহুল-কেজৰিৱাল

“নিজৰ দেশত ত্ৰিৰংগা উৰুওৱাটো অপৰাধ নেকি?” চিজেপি নেতাক জেললৈ প্ৰেৰণ কৰাত গৰজি উঠিল ৰাহুল-কেজৰিৱাল

October 14, 2026 12:17 pm
চৌদি আৰামকোৰ কাৰ্যালয়ত আক্ৰমণ! ১০৬ ডলাৰ অতিক্ৰম কৰিলে খাৰুৱা তেলৰ মূল্যই, বিশ্বজুৰি ইন্ধন সংকটৰ আশংকা

চৌদি আৰামকোৰ কাৰ্যালয়ত আক্ৰমণ! ১০৬ ডলাৰ অতিক্ৰম কৰিলে খাৰুৱা তেলৰ মূল্যই, বিশ্বজুৰি ইন্ধন সংকটৰ আশংকা

October 14, 2026 10:46 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আৰক্ষীৰ প্ৰহাৰত কাণেৰে নুশুনা হ’ল দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰী! সংবাদমেলত ভুক্তভোগীয়ে বৰ্ণনা কৰিলে বৰ্বৰতাৰ কাহিনী

আৰক্ষীৰ প্ৰহাৰত কাণেৰে নুশুনা হ’ল দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰী! সংবাদমেলত ভুক্তভোগীয়ে বৰ্ণনা কৰিলে বৰ্বৰতাৰ কাহিনী

October 14, 2026 3:10 pm
সাধাৰণ জনতাৰ পকেটত মাধমাৰ! অৰ্থনীতিবিদৰ অনুমানক চেৰ পেলাই উৰ্ধ্বমুখী দেশৰ মুদ্ৰাস্ফীতিৰ হাৰ

সাধাৰণ জনতাৰ পকেটত মাধমাৰ! অৰ্থনীতিবিদৰ অনুমানক চেৰ পেলাই উৰ্ধ্বমুখী দেশৰ মুদ্ৰাস্ফীতিৰ হাৰ

October 14, 2026 2:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd