• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়ি নিলে ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতাৰ

NE NOW NEWS ময়ূখ গোস্বামী
মঙলদৈ , June 25, 2019 8:58 am

2 min read

Apurba-Sarma-Barua-576x375

অপূৰ্ব শৰ্মা বৰুৱা। ফটো উৎস : নৰ্থ-ইষ্ট নাও

5.3k
VIEWS
Share on FacebookShare on Twitter

সোমবাৰে বাইহাটা চাৰিআলিৰ সমীপৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত পথ দুৰ্ঘটনাত অপূৰ্ব কুমাৰ শৰ্মা বৰুৱা (৫৭) নামৰ এগৰাকী প্ৰাক্তন আছু নেতাৰ মৃত্যু হয়। প্ৰাক্তন আছু নেতা গৰাকীৰ এই কৰুণ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে মঙলদৈবাসী।

জানিব পৰা মতে অপূৰ্ব কুমাৰ শৰ্মা বৰুৱা আৰু তেওঁৰ পত্নী জ্যোতিস্মিতা শৰ্মা বৰুৱাই সোমবাৰে ব্যক্তিগত বাহনেৰে মঙলদৈৰ পৰা গুৱাহাটী অভিমুখে যাত্ৰা কৰি আছিল। আৰু তেনে সময়তে বিপৰীত দিশৰ পৰা আহি থকা এখন ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষ হোৱাত ঘটনাস্থলতে মৃত্যু হয় অপূৰ্ব কুমাৰ শৰ্মা বৰুৱাৰ।

ইফালে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় অপূৰ্ব কুমাৰ শৰ্মা বৰুৱাৰ পত্নী জ্যোতিস্মিতা শৰ্মা বৰুৱা। লগে লগে তেওঁক উত্তৰ গুৱাহাটীস্থ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আৰু বৰ্তমানো চিকিৎসাধীন হৈ থকা বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে ঐতিহাসিক অসম আন্দোলনৰ সময়ত নিষ্ঠা তথা সক্ৰিয়তাৰে ছাত্ৰ সন্থাৰ হৈ কাম কৰাৰ উপৰি মঙলদৈ জিলা ছাত্ৰ সন্থাৰ বিত্তীয় সম্পাদক হিচাপেও দায়িত্ব পালন কৰিছিল। তদুপৰি মঙলদৈ কলেজৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক হিচাপেও দায়িত্ব পালন কৰিছিল।

এইগৰাকী প্ৰাক্তন ছাত্ৰ নেতাৰ অকাল বিয়োগত মঙলদৈ চহৰৰ লগতে জন্মস্থান আওলাচৌকাৰ বৈনাওজাত শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে।

গড়কাপ্তানী বিভাগৰ এগৰাকী কনিষ্ঠ অভিযন্তা হিচাপে কৰ্মৰত অপূৰ্ব কুমাৰ শৰ্মা বৰুৱাই মৃত্যুৰ সময়ত পত্নীৰ উপৰি দুগৰাকী কন্যা সন্তানক এৰি থৈ যায়।

Recent News

আজিৰ পৰা বোকাখাতত কৃষি আৰু উদ্যান শস্যৰ ৰাষ্ট্ৰীয় প্ৰদৰ্শনী; উদ্বোধন কৰিব মুখ্য মন্ত্ৰী সোণোৱালে

আজিৰ পৰা বোকাখাতত কৃষি আৰু উদ্যান শস্যৰ ৰাষ্ট্ৰীয় প্ৰদৰ্শনী; উদ্বোধন কৰিব মুখ্য মন্ত্ৰী সোণোৱালে

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd