কাৰাগাৰতে চৰম পন্থা ল’লে ছলমান খানৰ ঘৰৰ বাহিৰত গুলীচালনাৰ গোচৰত ধৃত অভিযুক্তই

Salman Khan

অভিনেতা ছলমান খানৰ ঘৰৰ বাহিৰত গুলীচালনাৰ গোচৰত আৰক্ষীৰ জিম্মাত থকা এক অভিযুক্তই আজি জিম্মাত থকা অৱস্থাতে আত্মহত্যা কৰিছে। যোৱা ২৬ এপ্ৰিলত পঞ্জাৱৰ পৰা গ্ৰেপ্তাৰ হোৱা অনুজ থাপন (৩২)-এ গ্ৰহণ কৰিছে এই চৰম পন্থা।

আজি দুপৰীয়া প্ৰায় ১১ বজাত আৰক্ষীৰ লক-আপৰ লগত সংলগ্ন শৌচাগাৰত অনুজে চৰম পদক্ষেপ গ্ৰহণ কৰে বুলি সূত্ৰই প্ৰকাশ কৰিছে। অনুজ থাপনে কি কাৰণত আত্মহত্যাৰ সিদ্ধান্ত ল’লে সেই সন্দৰ্ভত তদন্ত চলি আছে বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে।

উল্লেখ্য যে যোৱা ১৪ এপ্ৰিলত অভিনেতা ছলমান খানৰ মুম্বাইস্থিত ঘৰৰ বাহিৰত গুলীচালনাত ব্যৱহৃত অস্ত্ৰ-শস্ত্ৰ অনুজ আৰু আন এজন অভিযুক্ত সোণু সুভাষ চন্দৰে যোগান ধৰিছিল বুলি অভিযোগ উত্থাপন হৈছিল। ইয়াৰ পিছতে দুয়োগৰাকী অভিযুক্তকে গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে।

আনহাতে গুলীচালনাৰ অভিযোগত বিকি গুপ্তা আৰু সাগৰ পাল নামৰ আন দুজন অভিযুক্তকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু দুয়ো সম্প্ৰতি আৰক্ষীৰ জিম্মাত আছে। চাৰিওজন অভিযুক্ত প্ৰত্যক্ষ বা পৰোক্ষভাৱে কাৰাগাৰত থকা গেংষ্টাৰ লৰেন্স বিষ্ণৈৰ সৈতে জড়িত বুলি জানিব পৰা গৈছে।