কেন্দ্ৰীয় ৰে’ল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁইৰ বিৰুদ্ধে উত্থাপিত যৌন নিৰ্যাতনৰ গোচৰক কেন্দ্ৰ কৰি আজিও নগাঁৱত অব্যাহত আছে প্ৰতিক্ৰিয়া। মন্ত্ৰী গোহাঁইৰ শাস্তিৰ দাবীত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে নগাঁৱৰ উপায়ুক্তৰ জৰিয়তে ভাৰতবৰ্ষৰ প্ৰধান মন্ত্ৰী আৰু ৰাষ্ট্ৰপতিলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে।
স্মাৰক পত্ৰত সংগঠনটোৱে উল্লেখ কৰে যে, ভাৰতৰ ৰেল ৰাজ্যিক মন্ত্ৰী তথা নগাঁৱৰ সাংসদ ৰাজেন গোহাঁইৰ বিৰুদ্ধে নগাঁও সদৰ থানাত যোৱা ২ আগষ্টত ভাৰতীয় দণ্ডবিধিৰ ৪১৭/৩৭৬/৫০৬ ধাৰাত গোচৰ এক ৰুজু হৈছে।
এগৰাকী মহিলাই যৌন নিৰ্যাতন চলোৱা বুলি দিয়া এজাহাৰৰ ভিত্তিত ৰুজু হোৱা গোচৰটোৰ তদন্তৰ ক্ষেত্ৰত আৰক্ষীয়ে লোৱা ভূমিকাৰ ক্ষেত্ৰত যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতি আৰু নগাঁওবাসী আশ্বস্ত হ’ব পৰা নাই। কাৰণ বলাৎকাৰৰ দৰে গুৰুতৰ অভিযোগ উঠা মন্ত্ৰী ৰাজেন গোহাঁইক আৰক্ষীয়ে আজিকোপতি সোধা পোচা কৰাতো দূৰৰে কথা ওলোটাই অভিযোগ কাৰীয়ে গোচৰ প্ৰত্যাহাৰ কৰা প্ৰসংগতহে আৰক্ষী ব্যস্ত হোৱা পৰিলক্ষিত হৈছে।
স্মাৰক পত্ৰত সংগঠনটোৱে আৰু উল্লেখ কৰে যে, উক্ত গোচৰটোৰ প্ৰত্যাহাৰৰ ক্ষেত্ৰত মন্ত্ৰী গোহাঁয়ে ধনবল বাহুবল আদিৰ সহায়ত অভিযোগকাৰীক ভয়-ভীতি প্ৰদৰ্শন কৰি গোচৰটো গাপ দিয়াৰ সম্পূৰ্ণ পৰিৱেশ ৰচনা কৰাৰ সুযোগ পালে। কিয়নো ২ আগষ্টত ৰুজু হোৱা গোচৰটো অভিযোগকাৰীয়ে ৬ আগষ্টতহে প্ৰত্যাহাৰৰ বাবে আবেদন জনাইছে। মাজৰ চাৰি দিনত আৰক্ষীয়ে কিয় গোহাঁইৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰিলে অসমবাসী ৰাইজে জানিব বিচাৰিছে।
আনহাতে, সাংসদ হোৱাৰ সুবাদতে গোহাঁয়ে ১৯৯০ চনত এনে ধৰণৰ কু-কৰ্মৰ বাবে জিলাখনৰ জাজৰি থানাত ৰুজু হোৱা গোচৰৰ পৰা মুক্ত হ’বলৈ সক্ষম হৈছিল। সাংসদ ৰাজেন গোহাঁইৰ এনে কৰ্ম কাণ্ডই ঐতিহ্যমণ্ডিত নগাঁও লোক সভা সমষ্টিৰ বাসিন্দাক লজ্জিত কৰিছে। সেয়ে গোঁহাইক ৰেল ৰাজ্যিক মন্ত্ৰীৰ পদৰ পৰা অব্যাহতি দিয়াৰ লগতে তেওঁৰ বিৰুদ্ধে যি গোচৰ ৰুজু হৈছে সেই গোচৰটো খৰটকীয়াকৈ তথা সম্পূৰ্ণ নিকাভাৱে তদন্ত কৰি দোষীক শাস্তি প্ৰদান কৰিবলৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে স্মাৰক পত্ৰ যোগে ৰাষ্ট্ৰপতি আৰু প্ৰধান মন্ত্ৰীক অনুৰোধ জনাইছে।
ইপিনে মন্ত্ৰী ৰাজেন গোহাঁইক ৰক্ষণাবেক্ষণ দিয়াৰ লক্ষ্যৰে নগাঁও জিলা বিজেপিৰ মহিলা মৰ্চাই দলটোৰ মৰিকলংস্থিত জিলা কাৰ্যালয়ত আজি বিয়লি এখন সংবাদ মেল আয়োজন কৰি মূৰকত বাতিল কৰে। সন্দেহ কৰা হৈছে যে সংবাদ মেলখনত সাংবাদিকৰ বিভিন্ন প্ৰশ্নৰ সন্মুখীন হৈ অস্বস্তিত পৰাৰ আশংকা প্ৰকাশ কৰিয়েই শেষ মূহুৰ্তত সংবাদ মেলখন বাতিল কৰে ।