• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কেন্দ্ৰীয় ৰে’ল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁইৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীৰে ৰাষ্ট্ৰপতি-প্ৰধান মন্ত্ৰীলৈ যুৱ ছাত্ৰৰ স্মাৰক পত্ৰ

মিণ্টু দাস by মিণ্টু দাস
August 13, 2018 10:29 pm
ৰাজেন গোহাঁই

কেন্দ্ৰীয় ৰে'ল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁই। ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় ৰে’ল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁইৰ বিৰুদ্ধে উত্থাপিত যৌন নিৰ্যাতনৰ গোচৰক কেন্দ্ৰ কৰি আজিও নগাঁৱত অব্যাহত আছে প্ৰতিক্ৰিয়া। মন্ত্ৰী গোহাঁইৰ শাস্তিৰ দাবীত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে নগাঁৱৰ উপায়ুক্তৰ জৰিয়তে ভাৰতবৰ্ষৰ প্ৰধান মন্ত্ৰী আৰু ৰাষ্ট্ৰপতিলৈ এক  স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

স্মাৰক পত্ৰত সংগঠনটোৱে উল্লেখ কৰে যে, ভাৰতৰ ৰেল ৰাজ্যিক মন্ত্ৰী তথা নগাঁৱৰ সাংসদ ৰাজেন গোহাঁইৰ বিৰুদ্ধে নগাঁও সদৰ থানাত যোৱা ২ আগষ্টত ভাৰতীয় দণ্ডবিধিৰ ৪১৭/৩৭৬/৫০৬  ধাৰাত গোচৰ এক ৰুজু হৈছে।

Apply Now

এগৰাকী মহিলাই যৌন নিৰ্যাতন চলোৱা বুলি  দিয়া এজাহাৰৰ ভিত্তিত ৰুজু হোৱা গোচৰটোৰ তদন্তৰ ক্ষেত্ৰত আৰক্ষীয়ে লোৱা ভূমিকাৰ ক্ষেত্ৰত  যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতি আৰু নগাঁওবাসী  আশ্বস্ত হ’ব পৰা নাই। কাৰণ বলাৎকাৰৰ দৰে গুৰুতৰ অভিযোগ উঠা মন্ত্ৰী ৰাজেন গোহাঁইক আৰক্ষীয়ে আজিকোপতি সোধা পোচা কৰাতো দূৰৰে কথা ওলোটাই অভিযোগ কাৰীয়ে গোচৰ প্ৰত্যাহাৰ কৰা প্ৰসংগতহে আৰক্ষী ব্যস্ত হোৱা পৰিলক্ষিত হৈছে।

স্মাৰক পত্ৰত সংগঠনটোৱে আৰু উল্লেখ কৰে যে, উক্ত গোচৰটোৰ প্ৰত্যাহাৰৰ ক্ষেত্ৰত মন্ত্ৰী গোহাঁয়ে ধনবল বাহুবল আদিৰ সহায়ত অভিযোগকাৰীক ভয়-ভীতি প্ৰদৰ্শন কৰি গোচৰটো গাপ দিয়াৰ সম্পূৰ্ণ পৰিৱেশ ৰচনা কৰাৰ সুযোগ পালে। কিয়নো ২ আগষ্টত ৰুজু হোৱা গোচৰটো অভিযোগকাৰীয়ে ৬ আগষ্টতহে প্ৰত্যাহাৰৰ বাবে আবেদন জনাইছে। মাজৰ চাৰি দিনত আৰক্ষীয়ে কিয় গোহাঁইৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰিলে অসমবাসী ৰাইজে জানিব বিচাৰিছে।

আনহাতে, সাংসদ হোৱাৰ সুবাদতে গোহাঁয়ে ১৯৯০ চনত এনে ধৰণৰ কু-কৰ্মৰ বাবে জিলাখনৰ জাজৰি থানাত ৰুজু হোৱা গোচৰৰ পৰা মুক্ত হ’বলৈ সক্ষম হৈছিল। সাংসদ ৰাজেন গোহাঁইৰ এনে কৰ্ম কাণ্ডই ঐতিহ্যমণ্ডিত নগাঁও লোক সভা সমষ্টিৰ বাসিন্দাক লজ্জিত কৰিছে। সেয়ে গোঁহাইক ৰেল ৰাজ্যিক মন্ত্ৰীৰ পদৰ পৰা অব্যাহতি দিয়াৰ লগতে তেওঁৰ বিৰুদ্ধে যি গোচৰ ৰুজু হৈছে সেই গোচৰটো খৰটকীয়াকৈ তথা সম্পূৰ্ণ নিকাভাৱে তদন্ত কৰি দোষীক শাস্তি প্ৰদান কৰিবলৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে স্মাৰক পত্ৰ যোগে ৰাষ্ট্ৰপতি আৰু প্ৰধান মন্ত্ৰীক অনুৰোধ জনাইছে।

ইপিনে মন্ত্ৰী ৰাজেন গোহাঁইক ৰক্ষণাবেক্ষণ দিয়াৰ লক্ষ্যৰে নগাঁও জিলা  বিজেপিৰ  মহিলা মৰ্চাই দলটোৰ মৰিকলংস্থিত জিলা কাৰ্যালয়ত আজি বিয়লি এখন সংবাদ মেল আয়োজন কৰি মূৰকত বাতিল কৰে। সন্দেহ কৰা হৈছে যে সংবাদ মেলখনত সাংবাদিকৰ বিভিন্ন প্ৰশ্নৰ সন্মুখীন হৈ অস্বস্তিত পৰাৰ আশংকা প্ৰকাশ কৰিয়েই শেষ মূহুৰ্তত সংবাদ মেলখন বাতিল কৰে ।

মিণ্টু দাস

মিণ্টু দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

July 26, 2026 6:45 am
ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

July 26, 2026 6:45 am
ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd