‘ম্যেনগ্ৰোভ বন’ ৰক্ষাৰ বাবে বুলেট ট্ৰেইন বন্ধ কৰক : আদিল হুছেইন

Adil Mangrove tree

আদিল হুছেইন। উৎস-ইণ্টাৰনেট

বলীউদৰ জনপ্ৰিয় অভিনেতা তথা অসম সন্তান আদিল হুছেইনে মহাৰাষ্ট্ৰৰ ‘ম্যানগ্ৰোভ বন’ সংৰক্ষণৰ বাবে ওলাই আহিছে

‘লাইফ অব পাই’ নামৰ জনপ্ৰিয় চলচ্চিত্ৰখনৰ বাবে সমগ্ৰ বিশ্বজুৰি সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা আদিল হুছেইনে প্ৰস্তাৱিত মুম্বাই-আহমেদাবাদ বুলেট ট্ৰেইন প্ৰজেক্টৰ ফলত ধ্বংস হব’লৈ ওলোৱা ৫৪,০০০ ম্যেনগ্ৰোভ বনক ৰক্ষা কৰাৰ বাবে জনসাধাৰণক ওলাই অহাৰ বাবে আহ্বান জনাই।

২০১৬ চনত মহাৰাষ্ট্ৰ চৰকাৰে ১৫,০৮৭.৬ হেক্টৰ ভূমিত বিয়পি থকা ম্যেনগ্ৰোভ বনক সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰি ভাৰতৰ ভিতৰত তেনেকাম কৰা প্ৰথমখন ৰাজ্য হিচাপে পৰিগণিত হৈছিল।

২০০৫ চনত বোম্বাই উচ্চ ন্যায়ালয়ে সমগ্ৰ মহাৰাষ্ট্ৰত ম্যানগ্ৰোভ বন কটা আৰু ধ্বংস কৰা সম্পূৰ্ণৰূপে বন্ধ কৰাৰ বাবে আহ্বান জনাইছিল।

উচ্চ ন্যায়ালয়ে ম্যেনগ্ৰোভ বন থকা অঞ্চলত বৰ্জনীয় সামগ্ৰী নিক্ষেপ কৰা আৰু নিৰ্মাণ কাৰ্য্য বন্ধ ৰখাৰ বাবে নিৰ্দেশ দিছিল।

২০১৩ চনৰ ভাৰতৰ বন জৰীপ অনুসৰি মহাৰাষ্ট্ৰৰ ছয়খন জিলা ম্যেনগ্ৰোভ বনেৰে আবৰি আছে। জিলাকেইখন হ’ল ক্ৰমে-মুম্বাই চিটি, মুম্বাই চুবুৰবছ, ৰাইগড়, ৰত্নাগিৰি, সিন্ধুদুৰ্গ আৰু থানে। ইয়াৰ ভিতৰত ৰাইগড় জিলাত সৰ্বাধিক ৬,২০০ হেক্টৰ ম্যেনগ্ৰোভ বন আছে।

কেন্দ্ৰীয় বন-পৰিবেশ আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰণালয় বিভাগক বুলেট ট্ৰেইন সংযোগৰ বাবে ম্যেনগ্ৰোভ বন কটা বন্ধ কৰা সন্দৰ্ভত আদিল হুছেইনে টুইটাৰ যোগে অনুৰোধ কৰি কয় ‘‘ আমি নিশ্চিতভাৱে ৰে’লপথ নিৰ্মাণৰ বাবে বেলেগ ৰাস্তা বিচাৰি পাম’’।

মহাৰাষ্ট্ৰৰ পৰিবহন মন্ত্ৰী দিবাকৰ ৰাৱাটে কিছুদিন পূৰ্বে মুম্বাই-আহমেদাবাদ বুলেট ট্ৰেইন প্ৰকল্পৰ বাবে প্ৰায় ৫৪,০০০ ম্যেনগ্ৰোভ বন কটিব লগা হ’ব বুলি উল্লেখ কৰিছিল।

শিৱসেনাৰ মানিষা কায়েন্দেৰ এটা প্ৰশ্নৰ উত্তৰ দি মন্ত্ৰীগৰাকীয়ে যিহেতু ৰে’লপথৰ খুটাসমূহ ওখ হ’ব গতিকে ম্যেনগ্ৰোভ বন কটাৰ পৰিমান কম হ’ব আৰু ইয়াৰ ফলত পৰিবেশৰ ওপৰত বেছি প্ৰভাৱ নপৰিব বুলি উল্লেখ কৰে।

পৰিবহন মন্ত্ৰীগৰাকীয়ে যি পৰিমানত ম্যেনগ্ৰোভ বন কটা যাব তাতকৈ পাঁচগুণ অধিক ম্যনগ্ৰোভ বন ৰোপন কৰিব বুলি তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰে।

.উল্লেখযোগ্য যে, এক লাখ কোটি টকা ব্যয়েৰে জাপান ইণ্টাৰনেশ্যনেল কো-অপেৰেশ্যন এজেঞ্চিয়ে মুম্বাই-এলাহাবাদ বুলেট ট্ৰেইন প্ৰকল্পটোৰ কাম হাতত লৈছে।

পৰিবেশ সুৰক্ষা কৰ্মী আৰু মাছমৰীয়াসকলে ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নৱিছক ৫৪,০০০ ম্যেনগ্ৰোভ বন নাকাটিবৰ বাবে অনুৰোধ কৰি সাক্ষাৎ কৰিছে।