বিমান দুৰ্ঘটনাত দুই কন্যাসহ মৃত্যু হলিউডৰ প্ৰসিদ্ধ অভিনেতা ক্রিষ্টিয়ান অলিভাৰৰ

হলিউডৰ প্ৰসিদ্ধ অভিনেতা ক্রিষ্টিয়ান অলিভাৰ। ফাইল ফটোঃ সংগ্ৰহীত।

কেৰিবিয়ান সাগৰত এখন সৰু ব্যক্তিগত বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যু ঘটিছে হলিউডৰ প্ৰসিদ্ধ অভিনেতা ক্রিষ্টিয়ান অলিভাৰৰ। একেটা দুৰ্ঘটনাত তেওঁৰ দুই কন্যাইও প্ৰাণ হেৰুৱাইছে। বৃহস্পতিবাৰে বিয়লি কেৰিবিয়ানৰ গ্ৰেনাডাইনছৰ সৰু দ্বীপ বেকিয়াৰ পৰা চেণ্ট লুচিয়ালৈ গৈ আছিল বিমানখন।

মাছমৰীয়া, ডুবাৰু আৰু ক’ষ্ট গাৰ্ডৰ সদস্যসকল ক্ষিপ্ৰতাৰে ঘটনাস্থলীত উপস্থিত হয়। উদ্ধাৰ কৰা হয় চাৰিটা মৃতদেহ। এই দুৰ্ঘটনাত ৫১ বছৰীয়া অলিভাৰ, তেওঁৰ দুগৰাকী কন্যা মাডিতা (১০) আৰু এনিক (১২) আৰু পাইলট ৰবাৰ্ট চাছৰ মৃত্যু হয়।

স্থানীয় আৰক্ষীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে বিমানখন উৰণৰ কিছু মুহূৰ্তৰ পিছতে কেৰিবিয়ান সাগৰত দুৰ্ঘটনাগ্ৰস্ত হয়।

লগতে পঢ়কঃ আদালত কক্ষত হুইস্কিৰ বটল লৈ হাজিৰ অধিবক্তা, চলিল তৰ্কযুদ্ধ; সকলো লক্ষ্য কৰিলে মুখ্য ন্যায়াধীশে

জাৰ্মানীত জন্মগ্ৰহণ কৰা হলিউডৰ অভিনেতাগৰাকীয়ে জৰ্জ ক্লুনীৰ সৈতে ‘দ্য গুড জাৰ্মান’ আৰু ২০০৮ চনৰ একচন-কমেডী ছবি ‘স্পীড ৰেচাৰ’ত অভিনয় কৰিছিল।

কেৰিবিয়ান অঞ্চলৰ ৰয়েল ছেইণ্ট ভিনচেণ্ট আৰু গ্ৰেনাডিন আৰক্ষী বাহিনীয়ে এক বিবৃতিত কয় যে বৃহস্পতিবাৰে একক ইঞ্জিনৰ ব্যক্তিগত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত তেওঁলোক নিহত হয়।

ধাৰণা কৰা হৈছে যে অলিভাৰে পৰিয়ালৰ সৈতে ছুটী কটাবলৈ কেৰিবিয়ানলৈ গৈছিল। কিছুদিন পূৰ্বে তেওঁ ইনষ্টাগ্ৰামত সাগৰৰ পাৰৰ ফটো পোষ্ট কৰি লিখিছিল, ‘স্বৰ্গৰ কোনো স্থানৰ পৰা সমূহলৈ শুভেচ্ছা আৰু ভালপোৱা… (২০২৪)আমি আহিছো।’

লগতে পঢ়কঃ হাস্পাতালত এ চি বিস্ফোৰণত পতি মৃত বুলি শুনি পত্নীয়ে দিলে প্ৰাণ; এতিয়া জীৱিত ওলাল স্বামী

ক্রিষ্টিয়ান অলিভাৰে ৬০খনতকৈও অধিক ছবি আৰু টিভি ধাৰাবাহিকত কাম কৰিছে।