• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আদালত কক্ষত হুইস্কিৰ বটল লৈ হাজিৰ অধিবক্তা, চলিল তৰ্কযুদ্ধ; সকলো লক্ষ্য কৰিলে মুখ্য ন্যায়াধীশে

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
January 6, 2024 12:32 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তিনিজন ন্যায়াধীশে শুনানি গ্ৰহণ কৰিব উচ্চতম ন্য়ায়ালয়ত। সকলোৱে এজলাছত উপস্থিত হ’ল। সকলো পক্ষৰ অধিবক্তাও উপস্থিত। শুনানি আৰম্ভ হোৱাৰ লগে লগে জ্যেষ্ঠ অধিবক্তা মুকুল ৰোহতাগীয়ে অনুৰোধ জনায় যে তেওঁ দুটা হুইস্কিৰ বটল আনিব বিচাৰে। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড় মান্তি হোৱাত তেওঁ দুটা বটল আনি নিজৰ টেবুলত থৈ ৰাখিলে।

এই দৃশ্য দেখি বিচাৰকসকল আচৰিত হৈ পৰিল। মুখ্য ন্যায়াধীশে হাঁহিয়েই দিলে। তেওঁ সুধিলে, ‘আপুনি লগত দুটা বটল লৈ আহিছে নেকি?’ ৰোহতাগীয়ে বুজাই দিলে যে তেওঁ এই বটল দুটা গোচৰৰ স্বাৰ্থতে লৈ আহিছে।

দৰাচলতে সুৰা প্ৰস্তুত কৰা কোম্পানীয়ে কৰা আবেদনৰ ওপৰত ভিত্তিতে এই গোচৰটো চলি আছে। শুনানিৰ সময়ত ৰোহতাগীয়ে অভিযোগটো বুজাই দিবলৈ দুটা বটল লৈ আহিছিল। সেই দুটা সন্মুখত ৰাখিয়েই তেওঁ সংশ্লিষ্ট সংস্থাৰ হৈ যুক্তি প্ৰদৰ্শন কৰে। ‘পেৰনড ৰিকাৰ্ড’ নামৰ এটা কোম্পানীয়ে আন এটা সুৰা প্ৰস্তুত কৰা কোম্পানী ‘জে কে এণ্টাৰপ্ৰাইজ’ৰ বিৰুদ্ধে গোচৰ তৰিছিল।

Apply Now

লগতে পঢ়কঃ হাস্পাতালত এ চি বিস্ফোৰণত পতি মৃত বুলি শুনি পত্নীয়ে দিলে প্ৰাণ; এতিয়া জীৱিত ওলাল স্বামী

‘পেৰনড ৰিকাৰ্ড’ৰ অভিযোগ যে ট্ৰেডমাৰ্ক উলংঘা কৰি অবৈধভাৱে সুৰা বিক্ৰী কৰি আছে ‘জে কে এণ্টাৰপ্ৰাইজ’। তেওঁলোকে দাবী কৰে যে ইন্দোৰৰ কোম্পানীটোৱে ‘পেৰনড ৰিকাৰ্ড’ৰ এটা সামগ্ৰীৰ নাম কপি কৰি নিজৰ সামগ্ৰীৰ নাম ৰাখিছে। আন এটা সামগ্ৰীৰ ক্ষেত্ৰত বটলৰ আকৃতিৰ ডুপ্লিকেট কৰা বুলিও দাবী কৰে। অধিবক্তাজনে শুকুৰবাৰে কোম্পানী দুটাৰ বটলৰ আকাৰৰ কিমান মিল আছে সেয়া দেখুৱাবলৈ আদালতত বটল দুটা লৈ উপস্থিত হৈছিল।

ইয়াৰ পূৰ্বে এই আৱেদন মধ্য প্ৰদেশ উচ্চ ন্যায়ালয়ত দাখিল কৰা হৈছিল। আবেদন আছিল, ‘জে কে এণ্টাৰপ্ৰাইজ’ক সেই সামগ্ৰী নিৰ্মাণ কৰিবলৈ দিব নালাগে। কিন্তু উচ্চ ন্যায়ালয়ে এই আবেদন খাৰিজ কৰে। ইয়াৰ পিছত উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু কৰা হয়। এই গোচৰটো চলি আছে মুখ্য ন্যায়াধীশ, ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু ন্যায়াধীশ মনোজ মিশ্ৰৰ বিচাৰপীঠত। উচ্চতম ন্যায়ালয়ে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ স্থগিত ৰাখিছে।

লগতে পঢ়কঃ ১১ বছৰ পিছত পেৰ’লত মুকলি হ’ল ভেলেণ্টাইন ডে’ত প্ৰেমিকাক হত্যা কৰা অলিম্পিয়ান অস্কাৰ পিষ্ট’ৰিয়াছ

শুনানিৰ শেষত অধিবক্তা ৰোহতাগীয়ে মুখ্য ন্যায়াধীশক সুধিলে, ‘মই বটল দুটা লৈ যাব পাৰোনে?’ মুখ্য ন্যায়াধীশে হাঁহি হাঁহি ক’লে, ‘হয়, হয়, নিয়ক।’

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd