NORTHEAST NOW (Assamese)

গণৰাজ্য দিৱসৰ ট্ৰেক্টৰ ৰেলীৰ হিংসাত্মক কাণ্ডৰ মূল অভিযুক্ত অভিনেতা দীপ সিদ্ধুক গ্ৰেপ্তাৰ

February 9, 2021 11:12 am · এন ই নাও নিউজ

গণৰাজ্য দিৱসৰ দিনা লাল কিল্লাত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি কৰাৰ মূল অভিযুক্ত অভিনেতা দীপ সিদ্ধুক গ্ৰেপ্তাৰ কৰা হৈছে।

পঞ্জাৱ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি পঞ্চাৱৰ জাকিৰপুৰৰ পৰা অভিযুক্ত অভিনেতাগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে।

উল্লেখ্য যে গণৰাজ্য দিৱসৰ দিনা কৃষকৰ ট্ৰেক্টৰ ৰেলীত সংঘটিত বিক্ষিপ্ত হিংসাত্মক ঘটনাৰ মূল অভিযুক্ত দীপ সিদ্ধুৱে সেইদিনাই দিল্লীৰ পৰা পলায়ন কৰি আত্মগোপন কৰি আছিল।

আন্দোলনৰত সকলো কৃষক নেতাসকলে ট্ৰেক্টৰ ৰেলীৰ হিংসাত্মক ঘটনাৰ বাবে দীপ সিদ্ধুক জগৰীয়া কৰিছিল। কৃষক নেতাসকলে অভিযোগ কৰিছিল যে আৰএছএছৰ পৰিকল্পনা অনুসৰি দীপ সিদ্ধুৱে কৃষকৰ শান্তিপূৰ্ণ ট্ৰেক্টৰ ৰেলীত হিংসাত্মক কাৰ্য সংঘটিত কৰিবলৈ সকলোকে পৰোচিত কৰিছিল।

আত্মগোপন কৰি থাকিলেও অভিযুক্ত দীপ সিদ্ধুৰ ফেচইবুক পেইজৰ পৰা মাজে মাজে নিজৰ ভিডিঅ’ শ্বেয়াৰ কৰা হৈছিল আৰু আৰক্ষীয়ে তেওঁৰ একাউন্টটো বিদেশৰ পৰা কোনো বন্ধুৱে হেণ্ডেল কৰা বুলি দাবী কৰি আহিছিল।

ডিচিপিৰ স্পেচিয়েল চেলৰ মতে দীপ সিদ্ধুৱে ভিডিঅ’সমূহ প্ৰস্তুত কৰি কেলিফ’নিয়াস্থিত তেওঁৰ বন্ধুলৈ প্ৰেৰণ কৰিছিল আৰু তাৰ পৰাই দীপ সিদ্ধুৰ ফেইচবুক পেজত আপল’ড কৰা হৈছিল।

ইফালে দীপ সিদ্ধৰ সন্ধান দিয়া লোকক ১ লাখ টকাৰ আৰ্থিক পুৰস্কাৰ দিয়াৰ কথাও ঘোষণা কৰিছিল দিল্লী আৰক্ষীয়ে।

Related News