`আমি পাকিস্তানত আছো নেকি?’ কানাড়া ভাষাত কথা কোৱাৰ বাবেই আক্ৰমণৰ বলি অভিনেত্ৰী!

অভিনেত্ৰী হৰ্ষিকা পুনাচা। ফাইল ফটোঃ সংগ্ৰহীত।

কানাড়া আৰু বলীউদৰ জনপ্ৰিয় অভিনেত্ৰী হৰ্ষিকা পুনাচা আৰু তেওঁৰ পৰিয়াল আক্ৰমণৰ বলি হৈছে। শুকুৰবাৰে এই ঘটনাৰ ভিডিঅ’ আৰু ছবি শ্বেয়াৰ কৰি অভিনেত্ৰীগৰাকীয়ে লিখিছে, ‘আমি পাকিস্তানত বাস কৰিছো নেকি?

বেংগালুৰুৰ ফ্ৰেজাৰ টাউনত সপৰিয়ালে নিশাৰ আহাৰ গ্ৰহণৰ বাবে গৈ কানাড়া ভাষাত কথা কোৱাৰ পিছতে আক্ৰমণ কৰে এটা দুষ্কৃতিকাৰীৰ দলে। অভিনেত্ৰীগৰাকীয়ে  দুষ্কৃতিকাৰীয়ে হাৰাশাস্তি কৰা ছবি আৰু ভিডিঅ’ও শ্বেয়াৰ কৰিছে।

দুষ্কৃতিকাৰীয়ে তেওঁৰ অভিনেতা স্বামী ভুৱন পোন্নান্নাৰ সোণৰ চেইন কাঢ়ি নিবলৈ চেষ্টা কৰা বুলি অভিযোগ উত্থাপন কৰে হৰ্ষিকাই। তেওঁ লিখিছে, নিজৰ চহৰতে বাংগালুৰুৰ বাসিন্দাসকল কিমান সুৰক্ষিত!

লগতে পঢ়কঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা; উত্তীৰ্ণৰ হাৰ ৭৫.৭ শতাংশ, শীৰ্ষ ৩ টা স্থানত কোন ৫ গৰাকী শিক্ষাৰ্থী?

তেওঁ জনাইছে যে দুদিন পূৰ্বে তেওঁলোকে ফ্ৰেজাৰ টাউনৰ পুলিকেশী নগৰৰ মছজিদ ৰোডৰ এখন ৰেষ্টুৰেণ্টত সপৰিয়ালে নিশাৰ আহাৰ খাবলৈ গৈছিল। তাত কানাড়া ভাষাত কথা কোৱাৰ বাবেই একাংশ দুস্কৃতিকাৰীয়ে তেওঁলোকক আক্ৰমণ কৰে।

সেইদিনাৰ ঘটনাৰ বিশদ বিৱৰণ দি হৰ্ষিকাই লিখিছে যে দুজন লোক তেওঁলোকৰ গাড়ীৰ সন্মুখত আহি ড্ৰাইভাৰৰ চিটত বহি থকা স্বামীক কয় যে ইমান ডাঙৰ গাড়ী ইয়াত চলাব নোৱাৰে। গাড়ীখন চলালে মানুহক খুন্দা মাৰিব পাৰে। তাৰ পিছত তেওঁৰ স্বামী ভূৱনে কানাড়া ভাষাত তেওঁলোকক শান্ত কৰাৰ চেষ্টা কৰে।

ইয়াৰ পিছতে লোক দুজনে কানাড়া ভাষাক লৈ তেওঁক আৰু তেওঁৰ পৰিয়ালক অপমানজনক তথা অভৱ্য ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে। এই কানাড়াবোৰক শিক্ষা দিয়া উচিত বুলিও কয়। তাৰ পাছত এজনে ভুৱনক ঘুচা মাৰে।

লগতে পঢ়কঃ CAA-ৰ নিয়মত আপত্তি দৰ্শাই জনোৱা ড০ হীৰেণ গোহাঁইৰ আবেদন সন্দৰ্ভত কেন্দ্ৰ, অসম চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

কিছু মুহূৰ্তৰ ভিতৰতে তাত ভিৰ গোট খায়। অভিনেত্ৰীগৰাকীয়ে লিখিছে, প্ৰায় ২০-৩০ জন লোকে তেওঁলোকৰ গাড়ীখন ঘেৰি ধৰিলে। এজনে তেওঁৰ সোণৰ চেইনডাল টানি ছিঙিলেও ভুৱনে সেই চেইনডাল কাঢ়ি লৈ ​​মোৰ হাতত দিয়ে। তাৰ বাবে ক্ষুব্ধ হৈ গোটেই দলটোৱে আমাৰ গাড়ীখনত লাথি, ঘুচা মাৰি ওলোটাই দিবলৈ চেষ্টা কৰে। আমাক শাৰীৰিক নিৰ্যাতনো কৰা হয়।

তেওঁলোকে কৈ যায়, য়ে সব কানাড়াৱালা হায়। আমি যেতিয়া নিজৰ ভাষাত কথা পাতি থাকোঁ তেতিয়া তেওঁলোকে কয়, সেই কানাড়া ষ্টাইলবোৰ নিজৰ মাজতে ৰাখক। তেওঁলোকে বেছিভাগেই হিন্দী বা উৰ্দু ভাষাত কথা পাতিছিল বুলিও লিখিছে হৰ্ষিকাই।

অভিনেত্ৰীগৰাকীয়ে অভিযোগ কৰে যে যেতিয়া তেওঁ স্থানীয় আৰক্ষীক এই বিষয়ে অৱগত কৰে তেতিয়া তেওঁলোকেও সহায় কৰিবলৈ অস্বীকাৰ কৰে। পুনাচাই লিখিছে, মই ডাঙৰ হোৱা চহৰখনত এই হাৰাশাস্তি মই মানি ল’ব নোৱাৰো। তেওঁ প্ৰশ্ন কৰে, আমি পাকিস্তানত বাস কৰিছো নে আফগানিস্তানত? যদি আমি নিজৰ চহৰত কানাড়া ভাষা ক’ব নোৱাৰো তেন্তে ইয়াত আমি কিমান সুৰক্ষিত? এই ক্ষেত্ৰত হৰ্ষিকাই কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়াক সহায়ৰ বাবে আহ্বান জনায়।