NORTHEAST NOW (Assamese)

ওমৰ খালিদ, শ্বাৰ্জিল ইমামৰ জামিন আবেদন নাকচৰ পিছতেই ক্ষোভ অভিনেতা প্ৰকাশ ৰাজৰ

September 2, 2025 10:28 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: September 2, 2025 7:57 pm

ওমৰ খালিদ, শ্বাৰ্জিল ইমাম আৰু আন আঠজন অভিযুক্তৰ জামিন আবেদন নাকচ কৰাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অভিনেতা প্ৰকাশ ৰাজে।

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত তেওঁ লিখিছে, “কৰুণ… অন্যায়… আপোচ কৰা… ন্যায়ক উপহাস। ইতিহাসে এই কথা কেতিয়াও ক্ষমা নকৰে।”

এই অন্যায়ৰ বিৰুদ্ধে আমি আমাৰ যুঁজ অব্যাহত ৰাখিব লাগিব আৰু ওমৰ খালিদ আৰু সকলো ৰাজনৈতিক বন্দীৰ সৈতে থিয় দিব লাগিব।

মঙলবাৰে দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ নবীন চাওলা আৰু ন্যায়াধীশ শলিন্দৰ কৌৰৰ বিচাৰপীঠে ওমৰ খালিদ, শ্বাৰ্জিল ইমাম আৰু আন আঠজন অভিযুক্তৰ জামিন আবেদন নাকচ কৰে।এই আবেদনসমূহ ২০২০ চনৰ দিল্লী দাঙ্গাৰ সৈতে জড়িত আছিল। অভিযোগ উত্থাপন হৈছে যে দিল্লী দাঙ্গা ‘বৃহৎ ষড়যন্ত্ৰ’ৰ অংশ আছিল।

Related News