দীঘলীপুখুৰী-আমবাৰী অঞ্চলত গছ কটা সন্দৰ্ভত অভিনেতা ৰবি শৰ্মাই সামাজিক মাধ্যমযোগে দিছে স্পষ্টীকৰণ। কালি সামাজিক মাধ্যম ফেচবুকত দিয়া এটা ভিডিঅ’ত সমগ্ৰ ঘটনা সন্দৰ্ভত বহুকেইটা কথা ৰাজহুৱা কৰে অভিনেতাজনে। আনকি আমবাৰী-দীঘলীপুখুৰীৰ পৰা হস্ততাঁত আৰু বস্ত্ৰ প্ৰতিষ্ঠান চৌহদ আৰু লাচিত ঘাটলৈ স্থানান্তৰিত কৰা গছৰ দুৰাৱস্থাৰ কথাও সদৰী কৰে।
ফেচবুকযোগে এই ভিডিঅ’ পোষ্ট কৰি শৰ্মাই লিখে ‘অনুগ্ৰহ কৰি মন কৰিব যে, এই পোষ্টটো বিশেষকৈ সেইসকলৰ বাবে যিসকলে মোৰ ওপৰত অতবছৰে বিশ্বাস ৰাখি মোক সমৰ্থন কৰিছিল আৰু একাংশই মোৰ বক্তব্য ভুল আছিল বুলি প্ৰমাণ কৰিবলৈ চেষ্টা কৰি মোক বদনাম কৰাৰ সময়ত মনত আঘাত পাইছিল। বি.দ্ৰ. ইয়াৰ দ্বাৰা মই মোৰ এই বিষয়টোৰ সামৰণি মাৰিছো আৰু এনে ঘটনাৰ দ্বাৰা কোনো বিচলিত নহৈ জুবিন গাৰ্গৰ তদন্ত ক্ষীপ্ৰতাৰে, ন্যায্য আৰু স্বচ্ছ পদ্ধতিৰে সম্পন্ন হোৱাৰ ক্ষেত্ৰত সৰ্বোত্তম প্ৰচেষ্টা চলাই যাবলৈ সমূহ সচেতন নাগৰিককে অনুৰোধ কৰিছো।মোৰ প্ৰতি থকা বিশ্বাসৰ বাবে সকলোকে পুনৰবাৰ ধন্যবাদ জনাইছোঁ। এতিয়াও সাৰে আছো মই।’
https://www.facebook.com/share/v/14RVWU2DP3F
স্মৰ্তব্য যে, নুনমাটি-দীঘলীপুখুৰীৰ উৰণীয়া সেঁতু নিৰ্মাণ সন্দৰ্ভত আদালতৰ নিৰ্দেশ উলংঘা কৰিছে অসম চৰকাৰে। এই সম্পৰ্কত অসম চৰকাৰৰ পৰা উত্তৰ বিচাৰিছে উচ্চ ন্যায়ালয়ে। সাংবাদিক মহেশ ডেকা, চন্দন বৰগোহাঁই আৰু জয়ন্ত গগৈয়ে দাখিল কৰা হস্তক্ষেপ আবেদনৰ শুনানি গ্ৰহণ কৰি বুধবাৰে মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰ আৰু ন্যায়াধীশ অৰুণ দেৱ চৌধুৰীৰ বিচাৰপীঠে অসম চৰকাৰক ২৮ অক্টোবৰৰ ভিতৰত উত্তৰ দিবলৈ নিৰ্দেশ দিয়ে।
আবেদনকাৰীৰ অভিযোগ যে লোক নিৰ্মাণ বিভাগে ন্যায়ালয়ত দিয়া শপতনামাত উৰণীয়া সেঁতুখন ৰবীন্দ্ৰ ভৱনৰ ওচৰতে সমাপ্ত কৰিব বুলি কৈছিল যদিও এতিয়া সেই প্ৰতিশ্ৰুতি ভংগ কৰিছে। চৰকাৰে ঐতিহাসিক দীঘলীপুখুৰী পুখুৰী আৰু অঞ্চলটোৰ গছ-গছনি, জৈৱ বৈচিত্ৰ আৰু ঐতিহ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা নিৰ্মাণৰ কাম আৰম্ভ কৰিছে। মহেশ ডেকা, চন্দন বৰগোহাঁই আৰু জয়ন্ত গগৈয়ে যোৱা বছৰ এই উৰণীয়া সেঁতুৰ সম্প্ৰসাৰণৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত দাখিল কৰা ৰাজহুৱা স্বাৰ্থজনিত আবেদনৰ পাছত চৰকাৰে উৰণীয়া সেঁতুখন ৰবীন্দ্ৰ ভৱনতে শেষ কৰি অতিৰিক্ত গছ কটা নহব বুলি ন্যায়ালয়ত আশ্বাস দিছিল।
সচেতন নাগৰিকৰ ব্যাপক প্ৰতিবাদ আৰু উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপৰ পিছত চৰকাৰে ২০২৪ চনৰ ৫ নৱেম্বৰত আদালতত দাখিল কৰা শপতনামাত উৰণীয়া সেঁতুখন দীঘলীপুখুৰীলৈকে সম্প্ৰসাৰণ কৰা নহয় বুলি আশ্বাস দিছিল। শপতনামাত দিয়া মূল প্ৰতিশ্ৰুতি আছিল যে সংশোধিত নক্সাই নিশ্চিত কৰিব যে উৰণীয়া সেঁতুখন লেম্ব ৰোড পইণ্টত শেষ হ’ব আৰু এজোপা গছকো ক্ষতি নকৰিব। এই প্ৰতিশ্ৰুতিৰ পিছত ২০২৪ চনৰ ১৩ নৱেম্বৰত ন্যায়ালয়ে গোচৰটো নিষ্পত্তি কৰিছিল। এতিয়া এই প্ৰতিশ্ৰুতি ভ্ংগ কৰা বুলি হস্তক্ষেপ গোচৰ দিছে মহেশ ডেকা, চন্দন বৰগোহাঁই আৰু জয়ন্ত গগৈয়ে। আবেদনকাৰীসকলৰ মতে, সংশ্লিষ্ট কৰ্তৃপক্ষই ২০২৫ চনৰ ২৫ ছেপ্টেম্বৰৰ নিশাৰ পৰা দীঘলীপুখুৰীত উৰণীয়া সেঁতুৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে। আবেদনকাৰীসকলে যুক্তি আগবঢ়ায় যে এই নতুন কাৰ্য্যকলাপে কেৱল আদালতৰ নিৰ্দেশ উলংঘা কৰাই নহয়, ইয়াৰ ফলত ঐতিহাসিক অঞ্চলটোৰ নান্দনিক সৌন্দৰ্য্যত বিৰূপ প্ৰভাৱ পেলাব। কেৱল এয়াই নহয়, এই উৰণীয়া সেঁতুৰ ফলত দীঘলীপুখুৰীৰ ভিতৰত থকা সুধাকণ্ঠ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিটোক ঢাকি ধৰিব, যাৰ ফলত আঁতৰৰ পৰা প্ৰতিমূৰ্তিটোৰ দৰ্শন পোৱা অসম্ভৱ হৈ পৰিব। দীঘলীপুখুৰী মূল প্ৰৱেশদ্বাৰতো এই সেঁতুখনৰ প্ৰভাৱ পৰিব।
আবেদনখনত উচ্চতম ন্যায়ালয়ৰ এক পৰ্যবেক্ষণৰ উল্লেখ কৰা হৈছে। ২১ নং অনুচ্ছেদৰ অধীনত সুস্থ পৰিৱেশত জীয়াই থকাৰ অধিকাৰ অন্তৰ্ভুক্ত কৰা হৈছে। চৰকাৰৰ এই কাৰ্য্যই জনসাধাৰণৰ সাংবিধানিক অধিকাৰ উলংঘা কৰা বুলি যুক্তি আগবঢ়াইছে।
উল্লেখ্য যে অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গে বাৰম্বাৰ এই উৰণীয়া সেঁতু তথা দীঘলীপুখুৰী-আমবাৰী অঞ্চলৰ গছ-গছনি কটাৰ বিৰোধিতা কৰিছিল। সেই সময়ত গুৱাহাটী সচেতন নাগৰিক সমাজে কৰা প্ৰতিবাদতো ভাগ লৈছিল জুবিন গাৰ্গে। কিন্তু জুবিন গাৰ্গৰ মৃত্যুৰ শোকত ৰাইজ ম্ৰিয়মান হৈ থকাৰ সুযোগ লৈ শিল্পীগৰাকী মৃত্যুৰ ৬ দিনৰ পিছতেই দীঘলীপুখুৰীৰ পাৰলৈকে উৰণীয়া সেঁতুখন আগবঢ়াই নিয়াৰ কাম আৰম্ভ কৰে। যাৰ বাবে এতিয়া স্থানীয় ৰাইজে জুবিন গাৰ্গৰ প্ৰতি অসন্মান কৰা বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰিছে।




