NORTHEAST NOW (Assamese)

গনেশ চতুৰ্থীৰ বাবে ৩০০ গৰাকী শ্ৰমিকক নিজ গৃহলৈ উভতি যোৱাত সহায় চনু চুডৰ

August 20, 2020 5:19 pm · এন ই নাও নিউজ
Updated: August 20, 2020 5:21 pm
অভিনেতা চনু চুদ

অভিনেতা চনু চুডে মহাৰাষ্ট্ৰ আৰু কনকানৰ ৩০০ শ্ৰমিকক গনেশ চতুৰ্থী উপলক্ষে নিজ গৃহলৈ যোৱাৰ বাবে বাছৰ যোগাৰ কৰি দিয়ে।

”প্ৰভাদেৱীৰ শ্ৰী সিদ্ধিবিনায়ক গণপতী মন্দিৰৰ পিছফালে থকা লালবাঙৰ কিছুসংখ্যক শ্ৰমিকে মোৰ ওচৰলৈ আহি তেওঁলোকক নিজ গৃহলৈ যোৱাৰ বাবে সহায় কৰাৰ কাৰণে অনুৰোধ কৰে,” অভিনেতা চনু চুডে কয়।

অভিনেতা গৰাকীয়ে প্ৰথম পৰ্যায়ত কিছু সংখ্যক শ্ৰমিকে পাঁচদিন পূৰ্বে নিজ গৃহলৈ উভতি গৈছে আৰু বাকী থকা শ্ৰমিক সকলে দুই-এদিনৰ ভিতৰতে নিজ গৃহলৈ ৰাওনা হ’ব বুলি জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে, ল’কডাউনৰ সময়ত অভিনেতা চনু চুডে বিভিন্ন ৰাজ্যৰ প্ৰব্ৰজিত শ্ৰমিক সকলক নিজ নিজ গৃহ ৰাজ্যলৈ উভতি যোৱাৰ ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়াইছিল।

প্ৰব্ৰজিত শ্ৰমিকৰ উপৰিও ল’কডাউনৰ সময়ত আৱদ্ধ বিভিন্ন ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীকো নিজ গৃহলৈ উভতি যোৱাৰ ক্ষেত্ৰত অভিনেতা গৰাকীয়ে বিমানৰ টিকত আৰু বাছৰ ব্যৱস্থা কৰি সহায় কৰিছিল।

Related News