আই পি এল জুৱা কেলেংকাৰীত গুৱাহাটীত ই ডিৰ জেৰাৰ সন্মুখীন অভিনেত্ৰী তমন্না ভাটিয়া

তমন্না ভাটিয়া। ফাইল ফটো।

মহাদেৱ বেটিং এপত অবৈধ আই পি এল মেচ ষ্ট্ৰীমিংৰ প্ৰচাৰৰ অভিযোগ সন্দৰ্ভত বৃহস্পতিবাৰে গুৱাহাটীস্থিত প্ৰৱৰ্তনকাৰী সঞ্চালকালয়ৰ (ইডি) কাৰ্যালয়ত হাজিৰ হয় বলীউডৰ অভিনেত্ৰী তমন্না ভাটিয়া।

সূত্ৰৰ পৰা জানিব পৰা মতে, তদন্তকাৰী সংস্থাই মাতি অনাৰ পিছত প্ৰায় ১:২৫ বজাত পিতৃ-মাতৃৰ সৈতে গুৱাহাটীত উপস্থিত হয় তমন্না।

পিতৃ তেওঁৰ লগত সোধা-পোছাৰ বাবে ভিতৰলৈ সোমাই যোৱাৰ সময়তে মাতৃ বাহিৰত গাড়ীতে অপেক্ষা কৰি থাকে। পাঁচ ঘণ্টাৰো অধিক সময়ৰ জেৰা চলিছিল যদিও তেওঁৰ গোচৰৰ নিৰ্দিষ্ট তথ্য প্ৰকাশ কৰা হোৱা নাই।

মহাদেৱ বেটিং এপৰ ​​সৈতে জড়িত থকাৰ বাবে অভিনেত্ৰীগৰাকীয়ে দ্বিতীয়বাৰৰ বাবে তদন্তৰ সন্মুখীন হৈছে।

এপ্ৰিল মাহত মহাদেৱৰ সহযোগী প্ৰতিষ্ঠান ফেয়াৰপ্লে এপত আই পি এল মেচৰ প্ৰচাৰ কৰাৰ অভিযোগত মহাৰাষ্ট্ৰ চাইবাৰ চেলে তেওঁক চমন কৰিছিল।

মহাদেৱ বেটিং এপ কেলেংকাৰীয়ে যথেষ্ট চৰ্চা লাভ কৰিছে। কৰ্তৃপক্ষই আনুমানিক ১৫ হাজাৰ কোটি টকাৰ কেলেংকাৰীৰ তদন্ত আৰম্ভ কৰিছে।

অভিযোগ অনুসৰি এই এপটোৱে ক্ৰিকেট প্ৰতিযোগিতাখনৰ অফিচিয়েল ব্ৰডকাষ্টাৰ ভায়াকম ১৮ৰ অনুমতি অবিহনে আই পি এলৰ মেচসমূহ অবৈধভাৱে ষ্ট্ৰীম কৰাৰ ফলত যথেষ্ট আৰ্থিক লোকচান হয়।

তমন্না ফেয়াৰপ্লে এপৰ সৈতে জড়িত আছিল বুলি জানিব পৰা গৈছে, যাৰ ফলত ভায়াকমৰ এক কোটি টকাৰ লোকচান হোৱা বুলি কোৱা হৈছে। মহাদেৱৰ সহযোগী এপটোৰ সমৰ্থনৰ বাবে তেওঁক তদন্তৰ আওতালৈ আনিছিল।

মহাদেৱ বেটিং এপ কেলেংকাৰীত ৩৮ জনতকৈ অধিক ব্যক্তি জড়িত হৈ আছে আৰু ইয়াৰ সৈতে এক বৃহৎ আৰ্থিক জালিয়াতিৰ সম্পৰ্ক আছে।

এণ্ড্ৰইড আৰু আই অ’ এছ দুয়োটা প্লেটফৰ্মতে উপলব্ধ এই এপটোৱে বিস্তৃতভাৱে ক্ৰীড়া আৰু মনোৰঞ্জনৰ জুৱা বিকল্প আগবঢ়ায়।