NORTHEAST NOW (Assamese)

‘আম্বেদকাৰৰ নামটোতে তেওঁলোকৰ এলাৰ্জী’, অমিত শ্বাহক কটাক্ষ তামিল ছুপাৰষ্টাৰ বিজয়ৰ

December 19, 2024 11:44 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: December 19, 2024 11:45 am

সংসদত বি আৰ আম্বেদকাৰক লৈ গৃহমন্ত্ৰী অমিত শ্বাহৰ মন্তব্যৰ পিছত বিতৰ্কৰ সৃষ্টি হৈছে। তেওঁৰ ভাষণৰ পিছতে আৰম্ভ হয় এক তুমুল বিতৰ্ক। কংগ্ৰেছকে ধৰি কেইবাটাও বিৰোধী দলে শ্বাহক তীব্ৰ সমালোচনা কৰিছে। ৰাজনৈতিক ক্ষেত্ৰখনত নতুনকৈ খোজ দিয়া তামিল ছুপাৰষ্টাৰ থালাপতি বিজয়ে এক মন্তব্যৰে গৃহমন্ত্ৰীক কটাক্ষ কৰিলে। তেওঁ কয়, “আম্বেদকাৰৰ নামটোতে তেওঁলোকৰ এলাৰ্জি।”

মঙলবাৰে ৰাজ্যসভাত সংবিধান সন্দৰ্ভত বিতৰ্কৰ সময়ত শ্বাহে কয়, ‘এতিয়া এটা ফেশ্বন হৈছে – আম্বেদকাৰ, আম্বেদকাৰ, আম্বেদকাৰ, আম্বেদকাৰ, আম্বেদকাৰ, আম্বেদকাৰ। ইমানবাৰ যদি ভগবানৰ নাম লোৱা হ’লহেঁতেন তেন্তে সাত জনম স্বৰ্গবাস হ’লহেঁতেন।”

একে সময়তে তেওঁ এই প্ৰশ্ন কৰে, “তেওঁৰ নাম (বি আৰ আম্বেদকাৰ) ১০০ বাৰ উল্লেখ কৰিলেও তেওঁৰ প্ৰতি আপোনাৰ কি অনুভৱ আছিল? অনুসূচিত জাতি বা অনুসূচিত জনজাতিৰ প্ৰতি চৰকাৰে কৰা ব্যৱহাৰত আম্বেদকাৰ সুখী নাছিল।” এই মন্তব্যৰ পিছতে আৰম্ভ হয় এক তুমুল বিতৰ্ক।

বুধবাৰে শ্বাহৰ এই মন্তব্যৰ বিৰুদ্ধে কটাক্ষ কৰি দক্ষিণৰ অভিনেতাগৰাকীয়ে এক্স হেণ্ডেলে লিখিছে, ‘বি আৰ আম্বেদকাৰৰ নামত কিছুমান মানুহৰ এলাৰ্জী আছে। আম্বেদকাৰ এজন অতুলনীয় ৰাজনীতিবিদ আৰু বুদ্ধিজীৱী। তেওঁ সকলো ভাৰতীয়ৰ মাজত স্বাধীনতাৰ মনোভাৱ জাগ্ৰত কৰিছিল। আম্বেদকাৰ, আম্বেদকাৰ, আম্বেদকাৰ…আহক আমি অন্তৰত আনন্দৰে তেওঁৰ নাম জপ কৰো।’

উল্লেখ্য যে লোকসভা নিৰ্বাচনৰ পূৰ্বে এক বিৰাট চমক দিছিল থালাপতি বিজয়ে।  তেওঁ ‘তামিলাগা ভেত্ৰী কোঝাগাম’ নামেৰে নিজাকৈ ৰাজনৈতিক দল আৰম্ভ কৰাৰ বিষয়ে অৱগত কৰিছিল। তেওঁ লগতে ঘোষণা কৰিছিল যে তেওঁ অতি সোনকালে ছবি জগতক বিদায় দি নিজৰ ৰাজনৈতিক কেৰিয়াৰত মনোনিৱেশ কৰিব। অৱশ্যে লোকসভা নিৰ্বাচনত তেওঁ অংশগ্ৰহণ নকৰিলে। তেওঁৰ দৃষ্টি ২০২৬ চনৰ তামিলনাডু বিধানসভা নিৰ্বাচনত। ইতিমধ্যে প্ৰাথমিক পৰ্যায়ত থালাপতিৰ প্ৰস্তুতি আৰম্ভ হৈছে।

ইপিনে অমিত শ্বাহৰ ‘ফেশ্বন’ মন্তব্যক লৈ ক্ষোভিত হৈ পৰিছে বিৰোধী শিবিৰ। কংগ্ৰেছকে ধৰি বিৰোধী দলসমূহে দাবী কৰিছে যে শ্বাহে সেই কথাবোৰ যিদৰে কৈছিল, তাত আম্বেদকাৰক অপমান কৰা হৈছে। গৃহমন্ত্ৰীগৰাকীৰ পদত্যাগৰ দাবীৰ সমান্তৰালকৈ বুধবাৰে গোটেই দিনটো বিৰোধী শিবিৰে বিভিন্ন ধৰণে বিক্ষোভ প্ৰদৰ্শন কৰে। বৃহস্পতিবাৰেও সংসদত এই প্ৰতিবাদ অব্যাহত থাকিব পাৰে।

ইতিমধ্যে তৃণমূল কংগ্ৰেছে অমিত শ্বাহৰ বিৰুদ্ধে বিশেষাধিকাৰ প্ৰস্তাৱ আনিছে। কংগ্ৰেছে কৈছে যে শ্বাহে ৰাজহুৱাভাৱে ক্ষমা খুজিব লাগে। যদি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আম্বেদকাৰক সন্মান কৰে তেন্তে অমিত শ্বাহক বৰ্খাস্ত কৰা উচিত।

Related News