• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৮টা শিয়ালেই নহয়, মুঠ ৩৯টা জন্তু মৰিছে : প্ৰকৃত সংখ্যা লুকুওৱাৰ অভিযোগ চিৰিয়াখানা সুৰক্ষা মঞ্চৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 21, 2018 8:43 pm
entrance-of-assam-state-zoo-570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশেষ এবিধ ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈ ৰাজ্যিক চিৰিয়াখানাত ৮টা শিয়ালৰ মৃত্যু হোৱাৰ পাছত আজি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে চিৰিয়াখানাখন হঠাতে পৰিদৰ্শন কৰাৰ পিছতেই এই সন্দৰ্ভত গুৰুতৰ কিছুমান অভিযোগ আনিছে চিৰিয়াখানা সুৰক্ষা মঞ্চই।

চিৰিয়াখানা সুৰক্ষা মঞ্চৰ সাধাৰণ সম্পাদক ৰাজকুমাৰ বৈশ্যই কয় যে যোৱা ১৫ আগষ্টৰ স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰাৰ পাছৰ পৰা বহু সংখ্যক জীৱ-জন্তুৰ মৃত্যু হৈছে। কিন্তু ঘটনাটোৰ প্ৰকৃত তথ্য প্ৰকাশ কৰাৰ পৰা বিৰত আছে চিৰিয়াখানা কৰ্তৃপক্ষ।

Apply Now

তেওঁ দাবী কৰে যে যোৱা ১৭ আগষ্টৰ পৰা বৰ্তমানলৈকে চিৰিয়াখানাত মুঠ ৩৯টা জীৱ-জন্তুৰ মৃত্যু হৈছে।

তেওঁৰ মতে, ১৭ আগষ্টত ২২ টা (হায়েনা, হৰিণ, শিয়াল, চৰাই), ১৮ আগষ্টত ৮টা (হায়েনা, শিয়াল, শগুন), ১৯ আগষ্টত ৫টা (শগুন, শিয়াল), ২০ আগষ্টত (২টা শগুন), ২১ আগষ্টত ২টা শগুন। সৰ্বমুঠ ৩৯ টা জীৱ-জন্তু মৰিছে।

আনহাতে তেওঁ অভিযোগ কৰি কয়, “মুখ্য মন্ত্ৰীয়ে ডি এফ অ’গৰাকীৰ কথাকে বিশ্বাস কৰি হয়ভৰ দিয়াৰ পৰা এটা কথাই স্পষ্ট হ’ল যে তেওঁ চিৰিয়াখানাখনক ৰক্ষণাবেক্ষণ দিয়াৰ পৰিৱৰ্তে ডি এফ অ’ আৰু অন্যান্য বিষয়াসকলক ৰক্ষণাবেক্ষণ দিয়াৰ বাবেহে চিৰিয়াখানা পৰিদৰ্শনৰ বাবে আহিছিল।”

বৈশ্যই দাবী কৰে যে চাৰিটা ঢেঁকীয়াপতীয়া বাঘ বৰ্তমানো সংকটজনক অৱস্থাত আছে।

উল্লেখযোগ্য যে ৰাজ্যিক চিৰিয়াখানা কৰ্তৃপক্ষৰ মতে, চিৰিয়াখানাত কেনাইন জিছটেম্পাৰ ভাইৰাছৰ আক্ৰমণৰ ফলত যোৱা ১০ দিনত ৮টাকৈ শিয়ালৰ মৃত্যু হৈছে।

এই ঘটনাৰ বাতৰি সম্প্ৰচাৰ হৈ থকাৰ মাজতে আজি বিয়লি ৪:৩০ বজাত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল হঠাৎ উপস্থিত হয় অসম ৰাজ্যিক চিৰিয়াখানাত।

মুখ্য মন্ত্ৰীয়ে প্ৰায় আধাঘণ্টা সময় খোজ কাঢ়ি চিৰিয়াখানাখন পৰিদৰ্শন কৰে আৰু চিৰিয়াখানাৰ জীৱ-জন্তুসমূহৰ অৱস্থাৰ বুজ লয়।

পৰিদৰ্শন কালছোৱাত মুখ্য মন্ত্ৰীগৰাকীয়ে চিৰিয়াখানাত এটা গৱেষণা আৰু প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰা হ’ব বুলি সংবাদ মাধ্যমৰ আগত ঘোষণা কৰে।

এই সম্পৰ্কত তেওঁ কয় “অসমৰ ছাত্ৰ-ছাত্ৰীসকলৰ জীৱ-জন্তু তথা গছ-গছনিসমূহৰ বিষয়ে জ্ঞান আহৰণ আৰু তেওঁলোকৰ মাজত এইবোৰৰ সংৰক্ষণৰ সজাগতা সৃষ্টি কৰিবলৈ উন্নত মানৰ গৱেষণা আৰু প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰা হ’ব।”

পৰিদৰ্শন কালছোৱাত মুখ্য মন্ত্ৰীগৰাকীয়ে ৮টাকৈ শিয়ালৰ মৃত্যুৰ বিষয়টোত উদ্বিগ্নতা প্ৰকাশ কৰি কয়, “চিৰিয়াখানাৰ পৰিৱেশ ঠিক কৰাৰ প্ৰয়োজন আছে। আগন্তুক দিনত এনে ধৰণৰ ঘটনা যাতে নঘটে, তাৰ প্ৰতি দৃষ্টি ৰাখি অত্যাধুনিক সা-সুবিধা তথা চিকিৎসাৰ ব্যৱস্থা কৰা হ’ব।”

ইফালে চিৰিয়াখানাৰ পশু চিকিৎসক ডাঃ পঞ্চমী শৰ্মাই সংবাদ মাধ্যমক জনোৱা অনুসৰি এই কেনাইন ডিছটেম্পাৰ ভাইৰাচ এবিধ মাৰাত্মক ভাইৰাছ, ই অতি তৎক্ষণাৎ অন্য জীৱ-জন্তুলৈ বিয়পি পৰে। এই বেমাৰৰ আগতীয়া কোনো লক্ষণ নাথাকে আৰু এই বেমাৰে পোনপটীয়াকৈ মগজুত আক্ৰমণ কৰে। তেতিয়াই জীৱ-জন্তুবিলাকে ঠাইতে ঘূৰি ঘূৰি মৃত্যুক সাৱটি লয়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: যুৱপ্ৰজন্মৰ জয়ত প্ৰিয়ংকা চোপ্ৰা, কমল হাছান আৰু জয়া আখতাৰৰ প্ৰতিক্ৰিয়া

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: যুৱপ্ৰজন্মৰ জয়ত প্ৰিয়ংকা চোপ্ৰা, কমল হাছান আৰু জয়া আখতাৰৰ প্ৰতিক্ৰিয়া

July 25, 2026 5:39 pm
দেশত বৃদ্ধি পালে এম বি বি এছৰ আসন! ২০২৬-২৭ বৰ্ষৰ বাবে ১.৩৬ লাখলৈ বৃদ্ধি আসনৰ সংখ্যা

দেশত বৃদ্ধি পালে এম বি বি এছৰ আসন! ২০২৬-২৭ বৰ্ষৰ বাবে ১.৩৬ লাখলৈ বৃদ্ধি আসনৰ সংখ্যা

July 25, 2026 5:00 pm
কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

July 25, 2026 4:07 pm
দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

July 25, 2026 2:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: যুৱপ্ৰজন্মৰ জয়ত প্ৰিয়ংকা চোপ্ৰা, কমল হাছান আৰু জয়া আখতাৰৰ প্ৰতিক্ৰিয়া

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: যুৱপ্ৰজন্মৰ জয়ত প্ৰিয়ংকা চোপ্ৰা, কমল হাছান আৰু জয়া আখতাৰৰ প্ৰতিক্ৰিয়া

July 25, 2026 5:39 pm
দেশত বৃদ্ধি পালে এম বি বি এছৰ আসন! ২০২৬-২৭ বৰ্ষৰ বাবে ১.৩৬ লাখলৈ বৃদ্ধি আসনৰ সংখ্যা

দেশত বৃদ্ধি পালে এম বি বি এছৰ আসন! ২০২৬-২৭ বৰ্ষৰ বাবে ১.৩৬ লাখলৈ বৃদ্ধি আসনৰ সংখ্যা

July 25, 2026 5:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd