NORTHEAST NOW (Assamese)

নৌসেনাক গটোৱাৰ পূৰ্বে গুজৰাটৰ উপকূলত ভাঙি পৰিল আদানী নিৰ্মিত দৃষ্টি ১০ ষ্টাৰলাইনাৰ ড্ৰোন

January 16, 2025 11:56 am · এন ই নাও নিউজ, গুৱাহাটী

ভাৰতীয় নৌসেনাৰ বাবে গ্ৰহণযোগ্যতা পৰীক্ষা চলি থকা আদানী ডিফেন্সত নিৰ্মিত দৃষ্টি ১০ ষ্টাৰলাইনাৰ ড্ৰ’ন মঙলবাৰে (১৪ জানুৱাৰী) গুজৰাটৰ পোৰোবন্দৰ উপকূলৰ পৰা এৰি দিয়া হৈছিল। কিন্তু ড্ৰ’নখন ভাঙি পৰে। সূত্ৰসমূহে আৰু কয় যে দুৰ্ঘটনাগ্ৰস্ত ড্ৰ’নখন উদ্ধাৰ কৰা হৈছে।

১৪৫ কোটি টকা ব্যয় সাপেক্ষ এই ড্ৰ’ন ভাঙি পৰাৰ পিছতে আদানী ডিফেন্সক লৈ প্ৰশ্ন উত্থাপিত হৈছে।

প্ৰতিষ্ঠানটোৰ সূত্ৰই জনোৱা মতে, ‘ড্ৰ’নখন ভাৰতীয় নৌসেনালৈ প্ৰেৰণ কৰা হোৱা নাছিল। ড্ৰ’নখন বিক্ৰেতাৰ দ্বাৰা প্ৰি-একচেপটেন্স ট্ৰায়েলৰ অধীনত আছিল।”

২০২৪ চনত আদানী ডিফেন্সে হায়দৰাবাদৰ উৎপাদন স্থানত তদানীন্তন ভাৰতীয় নৌসেনাৰ মুৰব্বী এডমিৰেল আৰ হৰি কুমাৰক প্ৰথমখন মধ্যমীয়া উচ্চতাৰ দীৰ্ঘদিনীয়া (MALE) ড্ৰ’ন – দৃষ্টি ১০ ষ্টাৰলাইনাৰ অৰ্পণ কৰে।

এই ড্ৰ’নসমূহ জৰুৰীকালীন বিত্তীয় ক্ষমতাৰ অধীনত ক্ৰয় কৰা হৈছিল বাহিনীটোৰ চোৰাংচোৱা, নিৰীক্ষণ আৰু গোপনীয়তাৰ (আই এছ আৰ) ক্ষমতা বৃদ্ধিৰ বাবে।

আদানী ডিফেন্সে ইজৰাইলী এলবিট চিষ্টেমছৰ অনুজ্ঞাপত্ৰত দৃষ্টি ১০ ষ্টাৰলাইনাৰ নিৰ্মাণ কৰিছিল। ই ৭০ শতাংশ থলুৱা সামগ্ৰীৰে সকলো বতৰৰ বাবে ব্যৱহাৰ কৰিব পৰা ড্ৰ’ন। ৩৬ ঘণ্টাৰ বহন ক্ষমতা থকা এই ড্ৰ’নে ৪৫০ কিলোগ্ৰাম পেলোড কঢ়িয়াব পাৰে।

প্ৰশ্ন উত্থাপিত হৈছে যে দেশৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত ইমান টকা ব্যয় কৰি আদানীৰ দৰে মুনাফালোভী ব্যৱসায়িক কিয় এই কামৰ ভাৰ দিয়া হৈছে। একাংশই আনকি দেশৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত মোদী চৰকাৰৰ আপোচৰ পিনেও আঙুলিয়াইছে।

Related News