• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শলঠেকত আদানি : জুণ্টা শাসিত ম্যানমাৰত বন্দৰ সাজিব নে নাই? বল ঠেলিছে আমেৰিকালৈ

 এন ই নাও নিউজ by এন ই নাও নিউজ
June 24, 2021 7:00 am
add
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সামৰিক জুণ্টাই চলিত বৰ্ষৰ ১ ফেব্ৰুৱাৰীৰ দিনা গণতান্ত্ৰিক শাসন ওফৰাই ক্ষমতাৰ বাঘজৰী হস্থগত কৰা ম্যানমাৰত বন্দৰ নিৰ্মাণৰ কাম কৰিবলৈ গৈ এতিয়া বিশ্ব সম্প্ৰদায়ৰ গৰিহণাৰ পাত্ৰ হৈ পৰিছে গুজৰাটৰ ব্যৱসায়ী গৌতম আদানি মালিকানাধীন আদানি পোৰ্ট নামৰ সংস্থাটো।

আদানি পোৰ্টে ম্যানমাৰৰ য়াংগুনত এটা কণ্টেইনাৰ টাৰ্মিনেল নিৰ্মাণৰ বাবে ঠিকা লাভ কৰিছিল।

Apply Now

ম্যানমাৰৰ জুণ্টাই নিৰ্ধাৰণ কৰি দিয়া স্থানতে আদানি পোৰ্টে সেই টাৰ্মিনেল নিৰ্মাণ কৰিব লাগে যদিও বিশ্ব সম্প্ৰদায়ৰ সমোলোচনাৰ বাবে আদানিয়ে কামত হাত দিব পৰা নাই।

ইপিনে সেই ঠিকা বাতিল কৰি নে নাই তাকে লৈয়ো সিদ্ধান্ত ল’ব পৰা নাই আদানি পোৰ্টে। এতিয়া আদানিয়ে সমগ্ৰ বিষয়টো এৰি দিছে আমেৰিকাৰ ওপৰত।

যদি আমেৰিকাই জুণ্টা শাসিত ম্যানমাৰৰ বিৰুদ্ধে নিষেধাজ্ঞা জাৰি কৰে তেন্তে আদানি গ্ৰুপেও ম্যানমাৰত টাৰ্মিনেল নিৰ্মাণৰ বিষয়টো সন্দৰ্ভত নতুনকৈ চিন্তা কৰিব।

শেহতীয়াকৈ নৰ’ৱেৰ পেঞ্চন ফাণ্ড কেএলপিয়ে জুণ্টা শাসিত ম্যানমাৰৰ উক্ত প্ৰকল্পটোত বিনিয়োগ নকৰিবলৈ লোৱা সিদ্ধান্তৰ পিছতে আদানি পোৰ্টে এই বিষয়ত এক বিবৃতি প্ৰকাশ কৰিছে।

বিবৃতিত কোৱা হৈছে যে কোম্পানীটোৱে আমেৰিকাৰ অফিচ অব দ্য ফৰেইন এছেট কণ্ট্ৰলৰ সৈতে কথা পাতি আছে আৰু আমেৰিকাই ম্যানমাৰৰ বিৰুদ্ধে নিষেধাজ্ঞা আৰোপ কৰিলেই তাৰ অচিলালৈ আদানি পোৰ্টেও দেশ খনত কাম বন্ধ কৰিব পাৰিব।উল্লেখ্য ম্যানমাৰৰ উক্ত প্ৰকল্পটোত নিউজিলেণ্ডৰ কেএলপিৰ অংশীদাৰিত্বৰ পৰিমাণ হৈছে ১.০৫ লাখ ইকুইটি।

আদানিয়ে লহতে ম্যানমাৰৰ সমৰিক জুণ্টাৰ সৈতে ৫২ নিযুত মাৰ্কিন ডলাৰৰ বন্দৰ নিৰ্মাণ চুক্তি কৰাৰ বাতৰিও অস্বীকাৰ কৰিছে।

উল্লেখ্য ভাৰতৰ সৰ্ববৃহৎ বন্দৰ নিৰ্মাণ প্ৰতিষ্ঠান আদানি পোৰ্টে বিদেশতো কাম কৰি আহিছে। এনেদৰে কোৰোণাৰে ধন চপাইছে গুজৰাটী ব্যৱসায়ী গৌতম আদানিয়ে।

শেহতীয়াকৈ তেওঁ এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি ব্যক্তি হিচাপে দ্বিতীয় স্থানলৈ উন্নীত হৈছে।
এইক্ষেত্ৰত তেওঁ অতিক্ৰম কৰে চীনৰ বিলিয়নাৰ ঝং শ্বেনশ্বানক।

ব্লুমবাৰ্গ বিলিয়নাৰ্ছ ইনডেক্সে প্ৰকাশ কৰা বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিৰ শেহতীয়া তালিকাখনত আদানিয়ে বিশ্বৰ ভিতৰত ১৪ নম্বৰ স্থানলৈ আৰোহণ কৰিছিল।

অৱশ্যে এতিয়া তেওঁৰ স্থান অৱনমিত হ’ব পাৰে বুলি আলোচনা হৈছে।

আদানি গ্ৰুপৰ প্ৰতিষ্ঠাপক আৰু প্ৰমোটাৰ গৌতম আদানিৰ সম্পত্তিৰ পৰিমাণ হৈছে ৬৭.৮ বিলিয়ন ডলাৰ।

উল্লেখযোগ্য যে মুকেশ আম্বানীৰ পাছতে ভাৰতৰ আটাইতকৈ ধনী ব্যক্তি হিচাপে স্থান লাভ কৰা গৌতম আদানিৰ সম্পত্তিৰ পৰিমাণ চলিত বৰ্ষতে ১০০ শতাংশ বৃদ্ধি হৈছে।

 এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বৃদ্ধ আৰু মৃত্যুমুখী কাৰাবন্দীক আগতীয়া মুক্তিৰ নীতি প্ৰণয়নৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ, সময়সীমা ৩ মাহ

বৃদ্ধ আৰু মৃত্যুমুখী কাৰাবন্দীক আগতীয়া মুক্তিৰ নীতি প্ৰণয়নৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ, সময়সীমা ৩ মাহ

July 17, 2026 12:12 pm
বেয়া ফৰ্মৰ অৰ্থ অৱসৰ নহয়, ৰোহিতৰ পক্ষ লৈ সমালোচকক উত্তৰ দিলে বেটিং প্ৰশিক্ষকে

বেয়া ফৰ্মৰ অৰ্থ অৱসৰ নহয়, ৰোহিতৰ পক্ষ লৈ সমালোচকক উত্তৰ দিলে বেটিং প্ৰশিক্ষকে

July 17, 2026 12:12 pm
‘মই তেওঁক চিনিয়ে নাপাইছিলো’, থ্ৰী ইডিয়টছ সোণম ৱাংচুকৰ কাহিনী নহয়; কি ক’লে আমিৰ খানে?

‘মই তেওঁক চিনিয়ে নাপাইছিলো’, থ্ৰী ইডিয়টছ সোণম ৱাংচুকৰ কাহিনী নহয়; কি ক’লে আমিৰ খানে?

July 17, 2026 10:59 am
এফ বি আইৰ ম’ষ্ট ৱাণ্টেড তালিকাত থকা ভাৰতীয় মূলৰ গেংষ্টাৰ নীতিশ কৌশলক আমেৰিকাত গ্ৰেপ্তাৰ

এফ বি আইৰ ম’ষ্ট ৱাণ্টেড তালিকাত থকা ভাৰতীয় মূলৰ গেংষ্টাৰ নীতিশ কৌশলক আমেৰিকাত গ্ৰেপ্তাৰ

July 17, 2026 10:01 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বৃদ্ধ আৰু মৃত্যুমুখী কাৰাবন্দীক আগতীয়া মুক্তিৰ নীতি প্ৰণয়নৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ, সময়সীমা ৩ মাহ

বৃদ্ধ আৰু মৃত্যুমুখী কাৰাবন্দীক আগতীয়া মুক্তিৰ নীতি প্ৰণয়নৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ, সময়সীমা ৩ মাহ

July 17, 2026 12:12 pm
বেয়া ফৰ্মৰ অৰ্থ অৱসৰ নহয়, ৰোহিতৰ পক্ষ লৈ সমালোচকক উত্তৰ দিলে বেটিং প্ৰশিক্ষকে

বেয়া ফৰ্মৰ অৰ্থ অৱসৰ নহয়, ৰোহিতৰ পক্ষ লৈ সমালোচকক উত্তৰ দিলে বেটিং প্ৰশিক্ষকে

July 17, 2026 12:12 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd