NORTHEAST NOW (Assamese)

শংকিত! কৃষক বিক্ষোভৰ বিৰুদ্ধে বিজ্ঞাপনী প্ৰচাৰ আদানি গোষ্ঠীৰ

December 19, 2020 9:49 am · এন ই নাও নিউজ
কৃষক বিক্ষোভ।

কৃষক বিক্ষোভৰ বিৰুদ্ধে ওলোটাই বিজ্ঞাপনী প্ৰচাৰত নামিছে আদানি গোষ্ঠী। পঞ্জাৱকে ধৰি উত্তৰ ভাৰতৰ বিভিন্ন প্ৰকাশন সংস্থাত বিজ্ঞাপন দি ন্যস্ত স্বাৰ্থান্বেষীসকলে কৃষকৰ মংগলৰ বাবে কাম কৰা এটা সংস্থাক অপবাদ দিয়া বুলি দাবী কৰিছে।

আদানি গোষ্ঠীয়ে পঞ্জাৱৰ বিভিন্ন কাকতত পৃষ্ঠাজোৰা বিজ্ঞাপন দিছে। এই বিজ্ঞাপনৰ জৰিয়তে ভুৱা প্ৰচাৰৰ বিৰুদ্ধে সাধাৰণ জনতাক কণ্ঠ তুলি ধৰাৰ আহ্বান জনোৱা হৈছে।

আদানি গোষ্ঠীৰ মতে আন্দোলনত কৃষকসকলে ভুৱা প্ৰচাৰ চলাইছে। আদানিয়ে প্ৰত্যক্ষভাৱে কৃষকসকলৰ পৰা শস্য ক্ৰয় কৰি মজুত কৰা বুলি কোৱা হৈছে।

তদুপৰি, কৃষিৰ বাবে চুক্তিৰ নামত কৃষকসকলক শোষণ কৰা বুলি যি অবিযোগ তোলা হৈছে তাৰো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আদানিয়ে।

সেইদৰে বিশাল পৰিমানৰ কৃষিভূমি আদানি আদিয়ে অধিগ্ৰহণ কৰা বুলি তোলা অভিযোগৰো প্ৰত্যুত্তৰ দিয়া হৈছে।

আদানি গোষ্ঠীয়ে কৈছে যে চৰ্ত অনুসৰি তেওঁলোকৰ মাজত কোনো অনিশ্চয়তা নাই যিটো শস্য মজুত থাকিব সেয়া ফুড কৰ্পোৰেশ্যন অফ ইণ্ডিয়াৰ।

আনহাতে, আদানি গোষ্ঠীয়ে জানিবলৈ দিছে যে এই উদ্যোগ গোষ্ঠীয়ে কৃষকসকলৰ পৰা শস্য ক্ৰয় নকৰে আৰু তাৰ মূল্যও নিৰ্দ্ধাৰণ নকৰে। তেওঁলোকৰ সংস্থা বিমানবন্দৰকে ধৰি বিভিন্ন ব্যৱসায়ত জড়িত।

কৃষকসকলে আন্দোলনৰ লগতে কৰ্পোৰেট গোষ্ঠীৰ বিৰুদ্ধেও সৰৱ হৈছে। বিশেষকৈ আম্বানি-আদানি গোষ্ঠীৰ বিৰুদ্ধে। কৃষক বিক্ষোভে এই দুয়োটা গোষ্ঠীকে যে শংকিত কৰি তুলিছে তাত সন্দেহ নাই।

Related News