• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চৰকাৰলৈ সকীয়নি : ১ ফেব্ৰুৱাৰিৰ পৰা জংগী আন্দোলনৰ হুংকাৰ অতিৰিক্ত শিক্ষক সন্থাৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 29, 2018 8:03 am

2 min read

Teacher_No_Salary-768x496-750x375

সদৌ অসম অতিৰিক্ত শিক্ষক সন্থাৰ সংবাদমেল। ফাইল ফটো

239
VIEWS
Share on FacebookShare on Twitter

চৰকাৰে বাৰে বাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ তুলি এইবাৰ জংগী আন্দোলনৰ হুংকাৰ দিছে সদৌ অসম অতিৰিক্ত শিক্ষক সন্থাই। ৰাজ্যৰ শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই দুমাহৰ ভিতৰত তেওঁলোকৰ সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিও পালন নকৰাত ক্ষুব্ধ হৈ পৰিছে অতিৰিক্ত শিক্ষক সন্থা।

ৰাজ্যৰ ২৪ খন জিলাৰ চৰকাৰী স্কুলসমূহতে এই বৃহৎসংখ্যক শিক্ষক কৰ্মৰত হৈ থাকিও বিগত ৬ বছৰে তেওঁলোকে দৰমহাৰ পৰা বঞ্চিত হৈ আছে। উল্লেখযোগ্য যে ২০১২ চনলৈ তেওঁলোকে সংশোধিত দৰমহা লাভ কৰি আছিল।

আনহাতে, শিক্ষা বিভাগৰ নিৰ্দেশ অনুসৰি বুনিয়াদী প্ৰশিক্ষণো গ্ৰহণ কৰিছে এই শিক্ষকসকলে। তদুপৰি, স্থায়ী পদত নিযুক্ত ৰাজ্যৰ অন্য কৰ্মচাৰীসকলৰ দৰে তেওঁলোকৰো ছাৰ্ভিছ বুক আছে। তেওঁলোকে আনকি ভৱিষ্যনিধিৰ ধনো লাভ কৰি আছে।

উল্লেখ্য যে ৰাজপথত আন্দোলন নামি পৰা এই শিক্ষকসকলে উপায়ন্তৰ হৈ অৱশেষত আত্মজাহৰ ভাবুকি দিয়াৰ পাছত যোৱা ৭ ছেপ্টেম্বৰত দিচপুৰত শিক্ষা মন্ত্ৰীৰ সৈতে সদৌ অসম অতিৰিক্ত শিক্ষক সন্থাৰ এখন বৈঠক অনুষ্ঠিত হয়। উক্ত বৈঠকত শিক্ষা বিভাগৰ আয়ুক্ত প্ৰীতম শইকীয়া আৰু প্ৰাথমিক শিক্ষা সঞ্চালক সঞ্জীৱ ভূঞাও উপস্থিত আছিল।

উক্ত বৈঠকত শিক্ষা মন্ত্ৰী ভট্টাচাৰ্যই দুমাহৰ ভিতৰত শিক্ষকসকলৰ সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিছিল। তদুপৰি, বেতন বঞ্চিত শিক্ষকসকলৰ পদসমূহ নিয়মীয়াকৰণ আৰু নিয়মিত দৰমহা প্ৰদানৰ প্ৰতিশ্ৰুতিও দিয়া হৈছিল।

কিন্তু দুৰ্ভাগ্যজনকভাৱে, চাৰি মাহ উকলি যোৱাৰ পাছতো চৰকাৰে প্ৰতিশ্ৰুতি পালন নকৰাত ক্ষুব্ধ হৈ পৰিছে অতিৰিক্ত শিক্ষক সন্থা। সেয়েহে পুনৰ তেওঁলোকে ৰাজপথত নমাৰ বিকল্প বিচাৰি পোৱা নাই।

সদৌ অসম অতিৰিক্ত শিক্ষক সন্থাৰ সভাপতি নীলমণি নাথ আৰু সাধাৰণ সম্পাদক দিলীপ তাঁতীয়ে জানিবলৈ দিয়ে যে জানুৱাৰি মাহৰ ভিতৰত যদিহে শিক্ষামন্ত্ৰীয়ে প্ৰতিশ্ৰুতি ৰক্ষা নকৰে তেন্তে ১ ফেব্ৰুৱাৰিৰ পৰা শিক্ষক সন্থাই জংগী আন্দোলনৰ ঘোষণা কৰিব।

Recent News

a bcd

অৱশেষত কংগ্ৰেছ-AIUDF ৰ মিত্ৰতা চূড়ান্ত

a modi som

সোমনাথ মন্দিৰৰ অধ্যক্ষ পদত মোৰাৰজী দেশাইৰ পিছত দেশৰ দ্বিতীয়গৰাকী প্ৰধানমন্ত্ৰী মোদী

a mori

গণৰাজ্য দিৱস উদযাপন সন্দৰ্ভত মৰিগাঁৱত পৰ্যালোচনা সভা

3cc7ae1a4adc52c5d680f64cc290d44091aa9c846eb8c05567d7b88e61b981b1

অন্ত পৰিব কৃষক বিদ্ৰোহ!, ২১ জানুৱাৰিত সৰ্বোচ্চ ন্যায়ালয়ে গঠন কৰি দিয়া সমিতিৰ সৈতে প্ৰতিবাদকাৰী কৃষকৰ বৈঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd