• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দ্ৰৌপদী মুৰ্মু ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাত বঙাইগাঁৱত ঝুমুৰ নৃত্যৰে আনন্দ প্ৰকাশ আদিবাসী লোকৰ

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
July 22, 2022 5:05 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ প্ৰথমগৰাকী আদিবাসী জনগোষ্ঠীৰ মহিলা ৰাষ্ট্ৰপতি হিচাপে দ্ৰৌপদী মুৰ্মু নিৰ্বাচিত হোৱাত উৎফুল্লিত হৈ পৰিছে বঙাইগাঁৱৰ আদিবাসী লোকসকল ৷ দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি হিচাপে দ্ৰৌপদী মুৰ্মু নিৰ্বাচিত হোৱাৰ বাতৰি বিয়পি পৰা পিচতে বঙাইগাঁৱৰ বীৰঝৰা চাহ বাগিচাত আদিবাসী লোকসকলে ফটকা ফুটাই, ঝুমুৰ নৃত্যৰে আনন্দ প্ৰকাশ কৰে ৷

ইপিনে আদিবাসী জনগোষ্ঠীৰ নেতা হীৰু বাগদীয়ে কয় যে আমি  নথৈ আনন্দিত হৈছো আৰু গৌৰাম্বিত হৈছো যে চৰকাৰে আমাৰ আদিবাসী জনগোষ্ঠীৰ মহিলা দ্ৰৌপদী মুৰ্মুক ৰাষ্ট্ৰপতিৰ আসনত বহিবলৈ সুযোগ দিছে ৷ কিন্তু এই আনন্দৰ মাজতো আমাৰ এটাই দুখ যে সমগ্ৰ ভাৰততে আমি আদিবাসী বুলি জনাজাত বা পৰিচিত যদিও অসমত আমাক চাহ জনগোষ্ঠী বুলিহে পৰিচয় দিয়া হয় ৷ এয়া আমাৰ কাৰণে চৰম দুৰ্ভাগ্য ৷ গতিকে আমি অসম চৰকাৰক আহ্বান জনাওঁ যে যিহেতু আমাৰ আদিবাসী সম্প্ৰদায়ৰ মহিলা দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতিৰ আসনত বহিব ,সেয়ে আজিৰ পৰা আমাৰ গাত আৰু যাতে চাহ জনগোষ্ঠী শব্দটো লগাই নিদিয়ে ৷ এতিয়াৰে পৰা আমি যাতে আদিবাসী হিচাপেহে স্বীকৃত হওঁ আৰু অসমৰ ৰাইজ তথা চৰকাৰেও আদিবাসী হিচাপেহে স্বীকৃতি দিয়ে তাকে কামনা কৰিছো ৷

Apply Now

বিজেপিয়ে বিলালে মিঠাইঃবিজেপি তথা এনডিএ সমৰ্থিত ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে আদিবাসী সম্প্ৰদায়ৰ প্ৰথমগৰাকী মহিলা দ্ৰৌপদী মুৰ্মু নিৰ্বাচিত হোৱাত বঙাইগাঁও জিলা বিজেপিয়ে আদিবাসী লোকৰ মাজত মিঠাই বিতৰণ কৰি আনন্দ প্ৰকাশ কৰে ৷ বিজেপি দলৰ প্ৰত্যক্ষ সমৰ্থিত প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মু নিৰ্বাচিত হোৱাৰ খবৰ লাভ কৰাৰ পিচতে বঙাইগাঁও জিলা বিজেপিৰ তৰফৰ পৰা বীৰঝৰা চাহ বাগিচাৰ আদিবাসী লোকৰ লগতে দলত থকা আদিবাসী কৰ্মীসকলৰ মাজত মিঠাই বিতৰণ কৰে ৷

লগতে জিলা বিজেপিৰ সভানেত্ৰী হিমানী অধিকাৰী, যুটীয়া সাধাৰণ সম্পাদক শংকৰ বিশ্বাস, বিজেপিৰ বিষয়ববীয়া, ৱাৰ্ড কমিচনাৰ আদি বীৰঝৰা চাহ বাগিচাত নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতিগৰাকীৰ প্ৰতিচ্ছবি লৈ উপস্থিত হৈ আদিবাসী যুৱতীসকলৰ সৈতে ঝুমুৰ নৃত্য কৰি আনন্দ উৎসৱত অংশ গ্ৰহণ কৰে ৷ ইয়াৰ পিচতে বীৰঝৰা চাহ বাগিচাৰ পৰিচালকৰ মূল কাৰ্যালয়লৈ বুলি নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি গৰাকীৰ প্ৰতিচ্ছবি লৈ সমদল কৰি যায় আৰু পৰিচালকৰ হাতত প্ৰতিচ্ছবি এখন প্ৰদান কৰে ৷

ইপিনে জিলা বিজেপিৰ সভানেত্ৰী হিমানী অধিকাৰীয়ে কয় যে আদিবাসী সম্প্ৰদায়ৰ মহিলা এগৰাকী আজি দেশৰ ৰাষ্ট্ৰপতি পদত অধিস্থিত হোৱাৰ মূলতে হ’ল বিজেপি নেতৃত্বাধীন নৰেন্দ্ৰ মোদী চৰকাৰ ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰী মোদীৰ সদিচ্ছাৰ বাবেই এয়া সম্ভৱপৰ হৈছে ৷ সেয়ে আদিবাসী লোকসকলৰ লগতে দেশৰ বাবেও এয়া গৌৰৱৰ কথা বুলি কয় ৷ লগতে দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি হিচাপে আদিবাসী সম্প্ৰদায়ৰ প্ৰথম গৰাকী মহিলা ৰাষ্ট্ৰপতি হিচাপে দৌপদী মুৰ্মু নিৰ্বাচিত হোৱাত আমিও আনন্দিত আৰু সেয়ে আদিবাসী লোকসকলৰ আনন্দ উৎসৱত অংশ লৈছো বুলিও কয় জিলা সভানেত্ৰী অধিকাৰীয়ে ৷

ভাৰতৰ প্ৰথম জনজাতি সম্প্ৰদায়ৰ মহিলা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক বিজেপিৰ বঙাইগাঁও জিলা সমিতিয়ে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে৷ বঙাইগাঁও জিলা বিজেপিৰ সভানেত্ৰী হিমানী অধিকাৰী স্বাক্ষৰিত এক প্ৰেছ বিবৃতিত কয় যে,১৯৫৮ চনৰ ২০ জুনত উৰিষ্যাত জন্মগ্ৰহণ কৰা দ্ৰৌপদী মুৰ্মুয়ে ১৯৯৭ চনত বিজেপি দলত যোগদান কৰি ৰায়ৰংপুৰ নগৰ পঞ্চায়তৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হৈ ৰাজনৈতিক পৰিক্ৰমা আৰম্ভ কৰি বহুত উত্থান পতনৰ মাজেৰে উৰিষ্যাৰ ৰায়ৰংপুৰ বিধান সভা সমষ্টিৰ পৰা বিধায়িকা হিচাপে নিৰ্বাচিত হৈ উৰিষ্যা চৰকাৰৰ মন্ত্ৰীত্ব পদ অলংকৃত কৰিছিল৷উল্লেখ্য ২০১৫ চনত দ্ৰোপদী মুৰ্মুয়ে ঝাৰখণ্ড ৰাজ্যৰ ৰাজ্যপাল হিচাপে নিযুক্ত হৈছিল৷ৰাজনৈতিক ক্ষেত্ৰত ভৰি দিয়াৰ আগতে উৰিষ্যাৰ এখন বিদ্যালয়ৰ শিক্ষয়ত্ৰী হিচাপে জীৱন যাত্ৰা আৰম্ভ কৰা দ্ৰৌপদী মুৰ্মুয়ে ভাৰতবৰ্ষৰ ১৫ তম ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাত তেখেতক শুভেচ্ছা জ্ঞাপন কৰে৷তেখেতৰ নেতৃত্বত ভাৰতবৰ্ষই ৰাষ্ট্ৰ হিচাপে বিশ্বত আৰু বেছি উজলি উঠাৰ কামনা কৰি তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘজীৱনৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনাও জনায় জিলা বিজেপিৰ সভানেত্ৰী হিমানী অধিকাৰীয়ে৷

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd