লগ ডাউনৰ সমযছোৱাত অসমৰ চাহ উদ্যোগত পৰা বিৰূপ প্ৰভাৱৰ বাবে চৰকাৰে শেহতীয়াকৈ গ্ৰহণ কৰা শিথিলতাৰ বিৰোধিতা কৰিছে সদৌ অসম আদিবাসী ছাত্র সন্থাই।
যোৱা তিনিদিনৰ ভিতৰত অসমত ক’ৰ’না ভাইৰাছত আক্ৰান্তৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে সেই সময়ত চৰকাৰৰ এই ঘোষণাত চাহ অধ্যুষিত অঞ্চল সমূহত বস-বাস কৰা চাহ শ্ৰমিক সকলৰ লগতে সাধাৰণ লোকেও চিন্তিত হৈ পৰা বুলি বক্তব্য কৰিছে আদিবাসী ছাত্র সন্থাই।
এই সিদ্ধান্তই লগ ডাউনৰ সময়ছোৱাত চৰকাৰী নিৰ্দেশনা মানি ঘৰৰ ভিতৰতে আৱদ্ধ থকা চাহ শ্ৰমিক সকলৰ জীৱনক লৈ হেতালি খেলা বুলি সংগঠনটোৱে অভিযোগ কৰিছে।
চৰকাৰৰ এনে সিদ্ধান্তৰ বাবে উদ্ভৱ হ’ব পৰা যিকোনো ঘটনাৰ বাবে চৰকাৰ জগৰীয়া হ’ব বুলি স্পষ্ট কৰি দিয়ে আদিবাসী ছাত্র সন্থাৰ যোৰহাট জিলা সমিতিৰ উপদেষ্টা ৰাজেশ ৰবিদাসে।
ইপিনে চৰকাৰে দিন হাজিৰা কৰা ব্যক্তিসকলৰ বাবে মুকলি কৰি দিয়া চাউলৰ বাবে ধন্যবাদ জনোৱাৰ লগতে সেই পৰিয়ালসকলক কিছু পৰিমাণে হ’লেও দাইল, তেল আদি যোগান ধৰিবলৈ আহ্বান জনাইছে আদিবাসী ছাত্র সন্থাৰ যোৰহাট জিলা সমিতিৰ উপদেষ্টা গৰাকীয়ে।