মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল : ডিফু মেডিকেল কলেজত শীঘ্ৰে আৰম্ভ হ’ব নামভৰ্তিৰ ব্যৱস্থা

থাকিব জনজাতিকৰণ বিচৰা ৬ জনগোষ্ঠীৰ শৈক্ষিক আসন সংৰক্ষণৰ ব্যৱস্থা

Himanta Biswa Sarmah (1)

স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি জনতা ভৱনত সম্বোধন কৰে এখন সংবাদমেল। কোভিড পৰিস্থিতিৰ পৰা আৰম্ভ কৰি আন কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত মন্ত্ৰী গৰাকীয়ে  কেতবোৰ অতি গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলতে উল্লেখ কৰে যে শীঘ্ৰে ডিফু মেডিকেল কলেজত নাম ভৰ্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰা  হ’ব।ডিফু মেডিকেল কলেজত ১০০ খন আসন থাকিব বুলি তেওঁ প্ৰকাশ কৰে।

কেবিনেট সিদ্ধান্ত অনুসৰি নামভৰ্তিৰ ক্ষেত্ৰত জনজাতিকৰণ বিচৰা ৬ জনগোষ্ঠীৰ শৈক্ষিক আসন সংৰক্ষণৰ ব্যৱস্থা কৰা হ’ব বুলিও তেওঁ তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়।

কোচ ৰাজবংশীৰ বাবে  মেডিকেলৰ ৮ খন আসন সংৰক্ষণ কৰা হৈছে বুলি তেওঁ কয়।  একেদৰে ৫ খন আসন আহোম জনগোষ্ঠীৰ বাবে , ৪ খন আসন চুতীয়াৰ বাবে আসন সংৰক্ষণ কৰা হৈছে।

অহা ২২ নৱেম্বৰত অৰুণোদয় আঁচনিৰ শুভাৰম্ভ হ’ব বুলি উল্লেখ কৰি মন্ত্ৰী হিমন্ত বিশ্বই কয় যে  ইতিমধ্যে হিতাধিকাৰী চিনাক্তকৰণ হৈ গৈছে। এই ক্ষেত্ৰত  মিছা তথ্যৰে যদি  কোনোৱাই নাম অন্তৰ্ভুক্ত কৰে তেন্তে  তেনে লোকক অপৰাধী হিচাপে গণ্য কৰা হ’ব বুলি তেওঁ সকিয়াই দিয়ে।

অৰুণোদয় প্ৰাপ্ত লোকৰ ঘৰৰ সন্মুখত অৰুনোদইৰ logo লগোৱা হ’ব। ২০ লাখ পৰিয়ালৰ ঘৰৰ ভিতৰত এই logo লগোৱা হ’ব বুলি তেওঁ উল্লেখ কৰে।

এই আঁচনিৰ বাবে এতিয়ালৈ ৬৬% হিতাধিকাৰীৰ নাম চৰকাৰৰ হাতলৈ আহিছে বুলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰে।

এইবাৰ অসমত MBBS ৰ  আসন ১০০০ খন কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। তেওঁ লগতে কয় যে তেওঁ যেতিয়া প্ৰথম স্বাস্থ্য মন্ত্ৰী আছিল  মাত্ৰ ৩৫০ খন আসন ।

উল্লেখ্য কাইলৈৰ পৰা চাহবাগিচাত ১১৯ খন হাইস্কুল নিৰ্মাণৰ কাম আৰম্ভ হ’ব। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইএই বিদ্যালয় সমূহৰ  আধাৰশিলা স্থাপন কৰিব।