আমেৰিকা যুক্তৰাষ্ট্ৰৰ দক্ষিণ অঞ্চলৰ ভাৰ্জিনিয়া প্ৰদেশত বুধবাৰে ব্যক্তিগত উপভোগৰ বাবে ক্ষুদ্ৰ পৰিমাণৰ মাৰিজুৱানা বৈধ ঘোষণা কৰা হৈছে।
যাৰ ফলত ভাৰ্জিনিয়া দেশখনৰ ভিতৰতে প্ৰথম দক্ষিণাঞ্চলৰ প্ৰদেশ হিচাপে বিবেচিত হৈছে- য’ত মাৰিজুৱানা সেৱনত আইনী বাধা নাথাকিব।
ষ্টেট চিনেট আৰু হাউচ অৱ ডিলেগেটছে ১ জুলাইৰ পৰা প্ৰাপ্তবয়স্ক লোকে মাৰিজুৱানা সেৱনৰ বৈধতাৰ বাবে ভোট প্ৰদান কৰে।
আনহাতে ইয়াৰ বিৰোধ কৰে ৰিপাব্লিকান পাৰ্টিৰ সাংসদসকলে।
উল্লেখযোগ্য যে দেশখনৰ ভাৰ্জিনিয়া হৈছে সামাজিক আৰু ৰাজনৈতিকভাৱে এখন ৰক্ষণশীল প্ৰদেশ, য’ত ৰিপাব্লিকান পাৰ্টিৰ ভোট বেংক প্ৰচুৰ পৰিমাণে আছে।
তেনেস্থলত তাত মাৰিজুৱানা বৈধ ঘোষণা কৰাটো গুৰুত্বপূৰ্ণ বিবেচিত হৈছে।
ইয়াৰ পূৰ্বে দেশখনৰ নিউয়ৰ্ক আৰু কলৰাডো প্ৰদেশতো একেধৰণেই মাৰিজুৱানা বৈধ ঘোষণা কৰা হৈছিল।
কিন্তু উক্ত প্ৰদেশকেইখন সামাজিকভাৱে বহু পৰিমাণে উদাৰনৈতিক।
মাৰিজুৱানা বৈধ ঘোষণা কৰাৰ পাছত ২১ বয়সৰ উৰ্ধৰ লোকে ব্যক্তিগত সেৱনৰ বাবে খুব বেছি ২৮.৩ গ্ৰাম ওজনৰ মাৰিজুৱানা লগত ৰাখিব পাৰিব।
ঘৰুৱা ব্যৱহাৰৰ বাবে ৪ জোপা মাৰিজুৱানাৰ গছ ৰোপন কৰিবও পাৰিব।
আনহাতে, ৰাজহুৱা স্থানত মদ্যপানত বাধানিষেধ থকাৰ দৰে, মাৰিজুৱানা সেৱনতো একেধৰণৰ বাধা নিষেধ থাকিব।
মাৰিজুৱানা বৈধতাৰ বাবে কাম কৰি অহা আমেৰিকা যুক্তৰাষ্ট্ৰৰ কৰ্মীসকলে কৈছে যে ইয়াৰ দ্বাৰা মাৰিজুৱানাৰ নামত যুৱক, দৰিদ্ৰ আৰু কৃষ্ণাংগ লোকসকলক কৰি অযথা হাৰাশাস্তিৰ অন্ত পৰিব।