DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, January 31, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

AASU-AJYCP ৰ হাতত পৰামৰ্শদাতাৰ ৪৫ পৃষ্ঠাৰ চুড়ান্ত প্ৰতিবেদন; কি আছে প্ৰতিবেদনত?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 2, 2020 4:58 pm
309
VIEWS
Share on FacebookShare on Twitter

সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বৰ হাতত প্ৰতিবেদন দাখিল কৰিলে গঠন কৰি দিয়া পৰামৰ্শদাতা কমিটিয়ে।

ৰাজ্যৰ নতুন ৰাজনৈতিক দল গঠনৰ সন্দৰ্ভত এই দীঘল প্ৰতিবেদন দাখিল কৰা বুলি জানিব পৰা গৈছে।

বুধবাৰে দুপৰীয়া প্ৰায় ১ বজাত পানবজাৰস্থিত হোটেল প্ৰাগ কন্টিনেন্টেলত প্ৰতিবেদনখন দাখিল কৰে কমিটিয়ে।

এই প্ৰতিবেদনৰ বাবে পৰামৰ্শদাতা কমিটিক ধন্যবাদ জ্ঞাপন কৰে দুয়োটা সংগঠনৰ নেতৃত্বই।

প্ৰতিবেদনখন লাভ কৰাৰ পাছত আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে সংবাদ মাধ্যমৰ আগত কয় ‘সামাজিক ৰাজনৈতিক প্ৰেক্ষাপটত যি প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আহিছিলো সেইখিনিৰ ওপৰত পৰামৰ্শদাতা কমিটিয়ে ৰূপৰেখা তৈয়াৰ কৰি দিছে।

সকলোখিনি চালি-জাৰি চাই আমি দুয়োটা ছাত্ৰ সংগঠনে পৰৱৰ্তী সময়ত পদক্ষেপ গ্ৰহণ কৰিম। শৈক্ষিক, সামাজিক ৰাজনৈতিক অৰ্থনৈতিক দিশ সামৰি পৰামৰ্শ আগবঢ়াইছে।

‘প্ৰতিবেদন পৰ্যালোচনা কৰাৰ পিছতহে নতুন ৰাজনৈতিক দল গঠন সন্দৰ্ভত স্থিতি স্পষ্ট কৰা হ’ব।অচিৰেই এই প্ৰতিবেদনখন ৰাজহুৱা কৰা হ’ব আৰু কাৰ্য্যকৰী পদক্ষেপ গ্ৰহণ কৰা হ’ব।’ এইদৰে কয় লুৰিণজ্যোতি গগৈয়ে।

aasu

ইপিনে, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে সংবাদ মাধ্যমৰ আগত কয় ‘শৈক্ষিক আৰ্থ সামাজিক বিষয়সমূহ আগবাঢ়ি গ’লে ৰাজ্যখনৰ উন্নতি হ’ব।‘

উল্লেখযোগ্য যে, এই কমিটিৰ উপদেষ্টা হিচাপে আছিল বিশিষ্ট নিবন্ধকাৰ তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ নগেন শইকীয়া আৰু বিশিষ্ট সাহিত্যিক ডঃ অৰূপ কুমাৰ দত্ত।

সমিতিৰ অন্যান্য সদস্যসকল ক্ৰমে মেঘালয়ৰ প্ৰাক্তন ৰাজ্যপাল ৰঞ্জিত শেখৰ মুছাহাৰী, বিশিষ্ট চলচিত্ৰ নিৰ্মাতা জাহ্নু বৰুৱা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ডঃ কৃষ্ণগোপাল ভট্টাচাৰ্য, সন্দিকৈ মহাবিদ্যালয়ৰ প্ৰাক্তন সহকাৰী অধ্যাপক বসন্ত ডেকা, কামৰূপ জিলাৰ প্ৰাক্তন উপায়ুক্ত ধীৰেণ শইকীয়া, আলী হাইদৰ লস্কৰ, ৰূপা চাংমাই, আবু ছাহিদ ৰফিকউদ্দিন আহমেদ, পৃথ্বিৰাজ ৰাভা, সূৰ্য্য থাওছেন, হুছেইন আহমেদ লস্কৰ, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা প্ৰণৱজ্যোতি শইকীয়া, প্ৰদীপ কোঁচ আৰু সঞ্জয় কুমাৰ তাঁতী।

Recent News

সংসদত আৰম্ভ বাজেট অধিৱেশন; মোডী চৰকাৰৰ প্ৰশংসা কৰি ভাষণত কি ক’লে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে?

সংসদত আৰম্ভ বাজেট অধিৱেশন; মোডী চৰকাৰৰ প্ৰশংসা কৰি ভাষণত কি ক’লে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে?

মুম্বাই অভিমুখী বিমানত অৰ্ধনগ্ন মহিলাৰ তাণ্ডৱ; বিমান কৰ্মীক দুৰ্ব্যৱহাৰ, গটালে আৰক্ষীক

মুম্বাই অভিমুখী বিমানত অৰ্ধনগ্ন মহিলাৰ তাণ্ডৱ; বিমান কৰ্মীক দুৰ্ব্যৱহাৰ, গটালে আৰক্ষীক

গোৰখনাথ মন্দিৰত আৰক্ষীৰ ওপৰত আক্ৰমণ; অভিযুক্ত মুৰ্তাজাক ‘নিয়া আদালত’ৰ মৃত্যুদণ্ড

গোৰখনাথ মন্দিৰত আৰক্ষীৰ ওপৰত আক্ৰমণ; অভিযুক্ত মুৰ্তাজাক ‘নিয়া আদালত’ৰ মৃত্যুদণ্ড

বোধোদয় নে পশ্চৎপট! ইউক্ৰেইনক যুঁজাৰু বিমান নিদিয়াৰ ঘোষণা বিডেনৰ

বোধোদয় নে পশ্চৎপট! ইউক্ৰেইনক যুঁজাৰু বিমান নিদিয়াৰ ঘোষণা বিডেনৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd