DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, January 31, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home আন্ত: ৰাষ্ট্ৰীয়

বিশ্ববিদ্যালয়ত মহিলাৰ শিক্ষা গ্ৰহণত বাধা আৰোপ: তালিবানী সিদ্ধান্তৰ বিৰুদ্ধে ৰাজপথত নামিল আফগান যুৱতী-মহিলা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 22, 2022 7:15 pm
Afghan Women Protest
117
VIEWS
Share on FacebookShare on Twitter

বিগত বৰ্ষৰ আগষ্টত কট্টৰ ইছলামিক তালিবানে আফগানিস্তানৰ ক্ষমতা দখল কৰাৰ পিছৰে পৰা দেশখনৰ মহিলাসকলৰ স্বাধীনতা তথা অধিকাৰ হৰণ কৰি আহিছে। ইছলামিক নীতিৰ আধাৰত মহিলাসকলৰ ওপৰত যথেষ্ট বাধা-নিষেধ আৰোপ কৰা তালিবানে স্ত্ৰী শিক্ষাৰ তীব্ৰ বিৰোধ কৰি আহিছে।

বিশ্ববিদ্যালয়ত মহিলাৰ উচ্চ শিক্ষাৰ ওপৰত তালিবানে নিষেধাজ্ঞা আৰোপ কৰাৰ পিছত তালিবানৰ এই সিদ্ধান্তৰ বিৰুদ্ধে আজি ৰাজধানী কাবুলৰ ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰে আফগান মহিলা-যুৱতীৰ এটা দলে। এই প্ৰতিবাদ দমনৰ নামত তালিবানে গ্ৰেপ্তাৰ কৰিছে বহুকেইগৰাকী প্ৰতিবাদী মহিলাক।

দেশত মানৱ অধিকাৰৰ প্ৰতি চূড়ান্ত ভাবুকি কঢ়িয়াই অনা তালিবান চৰকাৰৰ উচ্চ শিক্ষা মন্ত্ৰীয়ে মঙলবাৰে সকলো ৰাজহুৱা আৰু ব্যক্তিগত বিশ্ববিদ্যালয়কে মহিলাসকলক অধ্যয়ন কৰাত নিষেধাজ্ঞা আৰোপ কৰিবলৈ নিৰ্দেশ দিছিল।

তালিবান চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদত নমা মহিলাসকলৰ এক ভিডিঅ’ প্ৰকাশ কৰিছে আন্ত:ৰাষ্ট্ৰীয় সংবাদ সংস্থা AFP- এ। ভিডিঅ’টোত প্ৰতিবাদকাৰী মহিলাসকলে শ্ল’গান দিয়া দেখিবলৈ পোৱা গৈছে, “বিশ্ববিদ্যালয়ৰ পৰা মহিলাসকলক বহিষ্কাৰ কৰিলে। হে সন্মানীয় লোকসকল, সমৰ্থন দিয়ক। সকলোৰে বাবে অধিকাৰ থাকক, নহ’লে কাৰো বাবে অধিকাৰ নাথাকক!”

এগৰাকী প্ৰতিবাদকাৰী যুৱতীয়ে AFP- ক জানিবলৈ দিয়া মতে, বহুকেইগৰাকী প্ৰতিবাদকাৰী মহিলাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ইয়াৰে দুগৰাকীক মুকলি কৰি দিয়া হৈছে যদিও কেইবাগৰাকীও আৰক্ষীৰ জিম্মাতে আছে বুলি যুৱতীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত অৱগত কৰে।

মঙলবাৰে নিশা তালিবান চৰকাৰৰ এই ঘোষণাই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। তালিবানৰ এই সিদ্ধান্তক আমেৰিকা, ৰাষ্ট্ৰসংঘৰ লগতে কেইবাখনো মুছলমান ৰাষ্ট্ৰয়ো ধিক্কাৰ দিছে।

আফগানিস্তানৰ হেৰাট বিশ্ববিদ্যালয়ত অধ্যয়নৰত ৱাহিদা ৱাহিদ ডুৰাণী নামৰ এগৰাকী ছাত্ৰীয়ে তালিবানৰ এনে নাৰীবিৰোধী নীতিৰ সমালোচনা কৰি আফগান যুৱতী-মহিলাসকল এতিয়া মৃত মানুহ বুলি ক্ষোভ প্ৰকাশ কৰিছিল।

“তেওঁলোকে আমাৰ বিৰুদ্ধে নিজৰ সকলো শক্তি ব্যৱহাৰ কৰিছে। মোৰ ভয় হৈছে যে অতি সোনকালে তেওঁলোকে ঘোষণা কৰিব যে মহিলাসকলক উশাহ ল’বলৈ দিয়া নহ’ব।”— নিজৰ ক্ষোভ উজাৰি এইদৰে কৈছিল ৱাহিদা ৱাহিদ ডুৰাণী নামৰ ছাত্ৰী গৰাকীয়ে।

ক্ষমতা দখল কৰাৰ পিছৰে পৰা তালিবানে মহিলাৰ ওপৰত বহু বাধা আৰোপ কৰিছে। দেশৰ বহু প্ৰদেশত কিশোৰীৰ মাধ্যমিক বিদ্যালয়ত শিক্ষাগ্ৰহণ নিষেধ কৰা হৈছে, মহিলাসকলক বহু চৰকাৰী চাকৰিৰ পৰা আঁতৰাই দিয়া হৈছে, পৰিয়াল তথা আত্মীয় পুৰুষ সদস্যৰ অবিহনে যাত্ৰা কৰাত বাধা দিয়া হৈছে।

লগতে মহিলাসকল ঘৰৰ পৰা বাহিৰলৈ ওলাই যোৱাৰ সময়ত বোৰ্খাৰে সৰ্বশৰীৰ ঢাকি ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে। ইয়াৰ উপৰি দেশখনত মহিলাসকলক উদ্যান বা বাগিচাত প্ৰৱেশতো নিষেধাজ্ঞা আৰোপ কৰিছে তালিবানে।

উল্লেখ্য যে, তালিবানৰ এনে নাৰী বিৰোধী নীতিৰ বিৰুদ্ধে দেশখনৰ যুৱতী-মহিলাসকলে পূৰ্বৰে পৰা প্ৰতিবাদ কৰি আহিছে। চলিত বৰ্ষৰ আৰম্ভণিতে এই প্ৰতিবাদৰ নেতৃত্ব বহন কৰা মানৱ অধিকাৰ কৰ্মীসকলক আটক কৰাৰ পিছত মহিলাসকলৰ প্ৰতিবাদৰ জোৰ কমি আহিছিল।

Recent News

death threat to Kejriwal

কেজৰিৱালৰ জীৱনলৈ সংশয়! আৰক্ষীৰ নিয়ন্ত্ৰণ কক্ষলৈ ফোন কৰি কেজৰিৱালক হত্যাৰ ভাবুকি

Adani

ফেচবুক কৰ্ণাৰ: ডুবিছে ‘মোডানি’ জাহাজ

বান্দৰেহে নুবুজে নাৰিকলৰ মোল! কিন্তু গোপন কেমেৰা পাই আনন্দতে ৪০০ চেলফি তুলিলে ভালুকে

বান্দৰেহে নুবুজে নাৰিকলৰ মোল! কিন্তু গোপন কেমেৰা পাই আনন্দতে ৪০০ চেলফি তুলিলে ভালুকে

সংসদত আৰম্ভ বাজেট অধিৱেশন; মোডী চৰকাৰৰ প্ৰশংসা কৰি ভাষণত কি ক’লে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে?

সংসদত আৰম্ভ বাজেট অধিৱেশন; মোডী চৰকাৰৰ প্ৰশংসা কৰি ভাষণত কি ক’লে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd