ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচন(ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে ৰাজ্যখনত আফ্ৰিকান ছোৱাইন ফিভাৰে পুনৰ গুৰুতৰ ৰূপ ধাৰণ কৰি লক্ষাধিক গাহৰি পালকৰ বৃহৎ ক্ষতি সাধন কৰাত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে আৰু এই সংক্ৰামণ ৰোধ কৰাত ব্যৰ্থ হোৱা ৰাজ্য চৰকাৰ আৰু পশুপালন বিভাগক কঠোৰ সমালোচনা কৰিছে। শেহতীয়া তথ্য অনুসৰি, ২০২৫ বৰ্ষত এই ভাইৰাছৰ সংক্ৰমণৰ ফলত ৰাজ্যখনৰ কমেও ৩০ খন জিলাতে মহামাৰীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। যাৰ উফলত ২,২০০ ত কৈ অধিক গাহৰিৰ মৃত্যু ঘটিছে। সক্ৰমণ ৰোধ কৰিবলৈ পশু চিকিৎসা বিভাগে বৰ্তমানলৈকে প্ৰায় ৭,০০০ গাহৰি নিধন কৰিবলৈ বাধ্য হৈছে। যাৰ ফলত ৰাজ্যখনৰ থলুৱা গাহৰি পালকসকলে এতিয়া দিকবিদিক হেৰুৱাই পেলাইছে।
চৰকাৰী তথ্য মতে, সংক্ৰমিত পোৱালি গাহৰি আৰু প্ৰাপ্তবয়স্ক গাহৰি পৰীক্ষা নকৰাকৈ বেচা-কিনা কৰাটো এই ৰোগ দ্ৰুতগতিত বিয়পাৰ অন্যতম প্ৰধান কাৰণ। কিন্তু এইখিনিতে প্ৰশ্নৰ উত্থাপন হৈছে ৰাজ্যৰ গাহৰি কিনা-বেচা কৰা বজাৰখন কিয় নিয়ন্ত্ৰণ কৰা নাছিল পশু চিকিৎসা বিভাগ তথা প্ৰশাসনে? ৰাজ্যত এটা বিয়াগোম পশু চিকিৎসা বিভাগ থকাৰ পিছতো এই ৰোগ ইমান বেছি বিয়পিবলৈ কেনেকৈ পালে?
উল্লেখ্য যে ৰাজ্যত নিবনুৱা সমস্যাই ভয়াৱহ ৰূপ ধাৰণ কৰা সময়তে বিভিন্ন ধাৰ-ঋণ লৈ গাহৰি পালন কৰি স্বাৱলম্বী হোৱাৰ পথত আগবাঢ়িছিল বহু শিক্ষিত নিৱনুৱা যুৱক-যুৱতী। তেওঁলোকৰ জীৱন সংগ্ৰাম আৰু সপোন জড়িত হৈ আছিল গাহৰি ফাৰ্মসমূহৰ লগত। লাখ লাখ টকাৰ ঋণ লৈ গাহৰি ফাৰ্ম খোলা এই সকল গাহৰি পালকৰ ফাৰ্ম এতিয়া শূন্য হৈ পৰিছে। যাৰ ফলত তেওঁলোকৰ জীয়াই থকাৰ সকলো পথ বন্ধ হৈ পৰা উপক্ৰম হৈছে। ডি ৱাই এফ আই-ৰ অসম ৰাজ্যিক কমিটিয়ে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক তীঘ্ৰেই এই সংক্ৰমণ ৰোধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে লোকচানৰ সন্মুখীন হোৱা দুৰ্ভগীয়া গাহৰি পালকসকলক যথাযথ ক্ষতিপূৰণ প্ৰদান কৰাৰ লগতে পুনৰ সংস্থাপন দিবলৈ দাবী জনাইছে।





