• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যত আফ্ৰিকান ছোৱাইন ফিভাৰৰ ভয়াৱহ সংক্ৰমণ: চৰকাৰৰ বিৰুদ্ধে ক্ষোভ গাহৰি পালকৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 7, 2025 5:48 pm
29
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত আফ্ৰিকান ছোৱাইন ফিভাৰ (African Swine Fever – ASF)-এ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। এই ৰোগৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে পশুপালন বিভাগে হাজাৰ হাজাৰ গাহৰি নিধন কৰিছে, যাৰ ফলত ৰাজ্যৰ ১০ লাখতকৈ অধিক গাহৰি পালকৰ জীৱনলৈ দুৰ্যোগ নামি আহিছে। প্ৰতিবছৰে ASF-ত লোকচানৰ সন্মুখীন হৈ অহা গাহৰি পালকসকলে এইবাৰো উপযুক্ত ব্যৱস্থা আৰু ক্ষতিপূৰণ নিদিয়াৰ বাবে চৰকাৰ আৰু বিভাগৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে।

শিৱসাগৰ প্ৰেছ ক্লাবত আয়োজিত এক সংবাদমেলত কৃষক মুক্তি সংগ্ৰাম সমিতি (KMSS) আৰু সদৌ অসম গাহৰি পালক সন্থাই এই পৰিস্থিতিৰ বাবে বিভাগৰ ওপৰত অসন্তুষ্টি প্ৰকাশ কৰে।

Apply Now

সদৌ অসম গাহৰি পালক সন্থাৰ মুখ্য সাংগঠনিক সম্পাদক ৰিতুমনি হাজৰিকাই সংবাদমেলত কয় যে উজনি অসমত ASF-ত আক্ৰান্ত হৈ বৃহৎ সংখ্যক গাহৰিৰ মৃত্যু হোৱাৰ ফলত গাহৰি পালকসকলৰ মূৰত মাধমাৰ পৰিছে।

তেওঁ লগতে অভিযোগ কৰে যে বিভাগে নিজৰ দায়িত্ব সম্পূৰ্ণৰূপে পালন কৰা নাই। বিভাগে ইতিমধ্যে ২৮ খনমান ফাৰ্মত গাহৰি মাৰি পেলাইছে বা পুতি পেলাইছে। আনহাতে, বিভাগৰ নজনাকৈও বহু গাহৰিৰ মৃত্যু হৈছে যাৰ তথ্য বিভাগে সংগ্ৰহ কৰিব পৰা নাই। বিভাগে ২০০০ টকাতকৈ অধিক গাহৰি নিধন কৰি কেৱল গাহৰি মাংস আৰু গাহৰিৰ বেচা-কিনাত নিষেধাজ্ঞা জাৰি কৰিয়েই দায়িত্ব সামৰিছে।

ASF-ৰ ফলত শিৱসাগৰ, যোৰহাট, আৰু চৰাইদেউ জিলাৰ গাহৰি পালকসকলৰ গাহৰিৰ মৃত্যু হৈছে, যাৰ ফলত গাহৰি পালনৰ জৰিয়তে আত্মসংস্থাপনৰ পথ লোৱা নিবনুৱা যুৱকসকলৰ অৱস্থা শোচনীয় হৈ পৰিছে। সন্থাৰ মতে, চৰকাৰে দিয়া ক্ষতিপূৰণ নিতান্তই কম: এটা গাহৰি পোৱালিৰ বাবে – ২৫০০ টকা আৰু এক কুইণ্টলৰ ওপৰৰ প্ৰাপ্তবয়স্ক গাহৰিৰ বাবদ – ১২,০০০ টকা।

ৰিতুমনি হাজৰিকাই কয় যে এজন পালকে এটা গাহৰি এক কুইণ্টল কৰিবলৈ কমেও ১৫,০০০ টকা খৰচ কৰিব লাগে। তেনেস্থলত মাত্ৰ ১২,০০০ টকা দি চৰকাৰে দায় সাৰিছে বুলি তেওঁ অভিযোগ কৰে।

তেওঁ আঙুলিয়াই দিয়ে যে ASF বিয়পি পৰাৰ অন্য কাৰণসমূহৰ ভিতৰত আছে:

বহিঃৰাজ্যৰ গাহৰি ছিণ্ডিকেট: বহিঃৰাজ্যৰ গাহৰি ছিণ্ডিকেটে অসমৰ বজাৰ নিয়ন্ত্ৰণ কৰি থলুৱা পালকসকলক মাধমাৰ শোধাইছে।

সৰবৰাহৰ ফলত সংক্ৰমণ: বহিঃৰাজ্যৰ পৰা ৰে’লযোগে গাহৰি সৰবৰাহ কৰোতে মৃত্যু হোৱা গাহৰি য’তে-ত’তে পেলাই দিয়াটোও সংক্ৰমণ বিয়পাৰ অন্যতম কাৰণ।

সময়মতে ভেকচিনৰ অভাৱ: পশুপালন আৰু পশু চিকিৎসা বিভাগে সময়মতে ভেকচিন প্ৰদান নকৰাৰ বাবে ফ্লু-য়ে প্ৰতিবছৰে ভয়াৱহ ৰূপ লৈছে।

ASF-ৰ ফলত বৃহৎ লোকচানৰ সন্মুখীন হোৱা ধাৰ কৰি গাহৰি পালন কৰা নিবনুৱা যুৱকসকলে এতিয়া পুনৰ কাম বিচাৰি বহিঃৰাজ্যলৈ যাব লগা হৈছে। সেয়ে, কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু সদৌ অসম গাহৰি পালক সন্থাই শীঘ্ৰেই বিভাগীয় মন্ত্ৰীক ছোৱাইন ফ্লুৰ প্ৰাদুৰ্ভাৱৰ ক্ষেত্ৰত উপযুক্ত ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আদালতৰ নিৰ্দেশ অমান্য কৰি ৰে’ল, মেট্ৰ’, ইণ্টাৰনেট বন্ধ; উচ্চতম ন্যায়ালয়ত আজি জৰুৰী শুনানি

আদালতৰ নিৰ্দেশ অমান্য কৰি ৰে’ল, মেট্ৰ’, ইণ্টাৰনেট বন্ধ; উচ্চতম ন্যায়ালয়ত আজি জৰুৰী শুনানি

October 11, 2026 8:44 am
চিজেপি প্ৰতিবাদত দিল্লী আৰক্ষীৰ গণ আটকক লৈ উদ্বিগ্ন ৰাষ্ট্ৰসংঘ; আটকাধীনসকলক বিনাচৰ্তে মুক্তিৰ দাবী

চিজেপি প্ৰতিবাদত দিল্লী আৰক্ষীৰ গণ আটকক লৈ উদ্বিগ্ন ৰাষ্ট্ৰসংঘ; আটকাধীনসকলক বিনাচৰ্তে মুক্তিৰ দাবী

October 11, 2026 7:43 am
‘আমাক অপহৰণ কৰি দুঘণ্টা প্ৰিজন ভেনত ঘূৰালে’, দিল্লীত থানাৰ সন্মুখত এটুপি পানীও নোখোৱাকৈ মমতাৰ প্ৰতিবাদ

‘আমাক অপহৰণ কৰি দুঘণ্টা প্ৰিজন ভেনত ঘূৰালে’, দিল্লীত থানাৰ সন্মুখত এটুপি পানীও নোখোৱাকৈ মমতাৰ প্ৰতিবাদ

October 10, 2026 9:01 pm
মুকলি দুৱাৰৰ কাষত থিয় হৈ থাকোঁতেই ৰে’লৰ পৰা পৰি মৃত্যু হিমাশ্ৰী বড়োৰ! সহযাত্ৰীয়ে দিলে বৰ্ণনা

মুকলি দুৱাৰৰ কাষত থিয় হৈ থাকোঁতেই ৰে’লৰ পৰা পৰি মৃত্যু হিমাশ্ৰী বড়োৰ! সহযাত্ৰীয়ে দিলে বৰ্ণনা

October 10, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আদালতৰ নিৰ্দেশ অমান্য কৰি ৰে’ল, মেট্ৰ’, ইণ্টাৰনেট বন্ধ; উচ্চতম ন্যায়ালয়ত আজি জৰুৰী শুনানি

আদালতৰ নিৰ্দেশ অমান্য কৰি ৰে’ল, মেট্ৰ’, ইণ্টাৰনেট বন্ধ; উচ্চতম ন্যায়ালয়ত আজি জৰুৰী শুনানি

October 11, 2026 8:44 am
চিজেপি প্ৰতিবাদত দিল্লী আৰক্ষীৰ গণ আটকক লৈ উদ্বিগ্ন ৰাষ্ট্ৰসংঘ; আটকাধীনসকলক বিনাচৰ্তে মুক্তিৰ দাবী

চিজেপি প্ৰতিবাদত দিল্লী আৰক্ষীৰ গণ আটকক লৈ উদ্বিগ্ন ৰাষ্ট্ৰসংঘ; আটকাধীনসকলক বিনাচৰ্তে মুক্তিৰ দাবী

October 11, 2026 7:43 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd