• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

AFSPA নতশিৰ কেন্দ্ৰ! নাগালেণ্ডৰ পৰা বিতৰ্কিত আইন প্ৰত্যাহাৰৰ বাট মুকলি কৰিলে অমিত শ্বাহে

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
December 26, 2021 5:51 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সাহসী নগাসকলৰ ওচৰত ভয় খাইছে ভাৰত চৰকাৰে! নাগালেণ্ডৰ ৰাজনীতিত বিজেপিৰ প্ৰভাৱ অক্ষুণ্ণ ৰাখিবলৈ এইবাৰ প্ৰচেষ্টা হাতত ল’বলৈ ওলাইছে গৃহমন্ত্ৰী অমিত শ্বাহে।

নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ৰ শেহতীয়া এটা টুইটে এই কথাই প্ৰতিপন্ন কৰিছে। টুইটটোত ৰিঅ’ই জনায় যে গৃহমন্ত্ৰী অমিত শ্বাহৰ স’তে আজি এখন বৈঠক অনুষ্ঠিত হয়।

Apply Now

বৈঠকত নাগালেণ্ডৰ পৰা বিতৰ্কিত সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন ১৯৫৮, চমুকৈ আফস্পা বাতিলৰ প্ৰসংগ উত্থাপন হয়।

তদুপৰি নাগালেণ্ড চৰকাৰৰ তৰফৰ পৰাও এখন বিবৃতি প্ৰকাশ কৰা হৈছে। তাত কোৱা হৈছে যে আইনখনৰ বাতিলৰ সম্পৰ্কত এখনি সমিতি গঠন কৰা হ’ব। সমিতিখনে ৪৫ দিনৰ ভিতৰত এটা ৰিপ’ৰ্ট প্ৰদান কৰিব বুলিও ৰিঅ’ই জনায়।
গৃহমন্ত্ৰী অমিত শ্বাহৰ স’তে হোৱা বৈঠকখনত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও উপস্থিত থাকে।

উল্লেখযোগ্য যে নাগালেণ্ডত আছাম ৰাইফলছে ১৪ জনকৈ নিৰীহ লোকক গুলিয়াই হত্যা কৰিছিল ।

নাগালেণ্ডৰ মন জিলাত সংঘটিত হোৱা এই নৃশংস হত্যাকাণ্ডটো আফস্পা আইনৰ জৰিয়তেই কৰা হৈছিল। তাৰ পাছৰে আফস্পা বাতিলৰ দাবীত ৰাজ্যখন উত্তাল হৈ আছে। যোৱা সপ্তাহত নাগালেণ্ডৰ বিধানসভাতো আফস্পা বাতিলৰ দাবীত এটা প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

কিন্তু কেৱল নাগালেণ্ডেই নহয়, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাইও আফস্পা বাতিলৰ দাবী জনাই আহিছে।

চাংমাই শেহতীয়াকৈ কয় যে উক্ত আইনখনে উত্তৰ পূবত শান্তিৰ পৰিৱেশৰ সলনি অশান্তিকৰ পৰিস্থিতিৰ সূচনা কৰি আহিছে।

নাগালেণ্ড, মেঘালয়ৰ উপৰিও উত্তৰপূবৰ প্ৰায় আটাইকেইখন ৰাজ্যৰ জনসাধাৰণে এই আইন বাতিল কৰিবলৈ দাবী জনায় আহিছে। অসমতো এই আইনৰ ফলত নিৰীহ জনসাধাৰণে সেনাবাহিনীৰ নিৰ্যাতন সহিব লগা হৈছিল।

বিশেষকৈ নব্বৈৰ দশকত উগ্ৰপন্থী বিচৰাৰ নামত অসমীয়া যুৱতী-বোৱাৰীৰ ওপৰত অত্যাচাৰ আৰু হাজাৰ হাজাৰ ডেকা ল’ৰাই প্ৰাণ হেৰুৱাইছিল এই আইনৰ ফলতে। এইসমূহ কোনো সচেতন অসমীয়াই পাহৰিব নোৱাৰে।

মণিপুৰত ইৰম শৰ্মিলাইও এক দশকৰো অধিক কাল আফস্পা বাতিলৰ দাবীত ঐতিহাসিক অনশন কৰি আহিছিল। কিন্তু কেৱল নাগালেণ্ডৰ পৰাহে এই আইন বাতিল কৰিবলৈ আগবঢা হৈছে। ই উত্তৰপূবৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ অন্যায় নহয়নে?

উগ্ৰপন্থী দমনৰ নামত কেৱল সন্দেহৰ ভিত্তিতে নিৰীহ লোকক নিৰ্যাতন চলি থাকিব নেকি? নে নাগালেণ্ডৰ ঘটনাৰ অনুৰূপ পুনৰাবৃত্তি হ’লেহে উত্তৰপূবৰ আন ৰাজ্যসমূহৰ পৰাও আফস্পা বাতিল কৰাৰ কথা ভাবিব ভাৰত ৰাষ্ট্ৰই?

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm
বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

July 24, 2026 7:54 pm
মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

July 24, 2026 6:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd