দিল্লীৰ শাসনভাৰ বিজেপিৰ হাতলৈ অহাৰ পাছতে আপৰ ওপৰত আধিক আক্ৰমনাত্মক হৈ পৰিছে শাসকীয় দলটো৷ আজি দিল্লী বিধানসভাত কেগৰ প্ৰতিবেদন প্ৰকাশ পোৱাৰ আগমুহূৰ্তত দিল্লী বিজেপিৰ নেতা পৰৱেশ বৰ্মাই আপক কটাক্ষ কৰি কয় বহু আপেক্ষৰ অন্তত সেই দিনটো আহি পালে, আজি কেগৰ ৰিপৰ্টত প্ৰকাশ পাব আপৰ কাৰ্যকালৰ সকলো হিচাপ নিকাচ উন্মোচিত হ’ব৷
দিল্লীৰ মন্ত্ৰী মঞ্জিনদৰ সিং ছিৰছাই কেগৰ প্ৰতিবেদন সন্দৰ্ভত মত প্ৰকাশ কৰে যে অৰবিন্দ কেজৰিৱাল চৰকাৰে বিগত তিনিতা বছৰে যিবিলাক তথ্য লুুকুৱাই ৰাখিছিল৷ তেনে ১৪ খন প্ৰতিবেদন এখন এখন কৈ প্ৰকাশ কৰা হ’ব৷ কেজৰিৱালে নিজৰ দুৰ্নীতি তথা অনিয়ম পোহৰলৈ আহিব বুলি জানিয়ে এই প্ৰতিবেদন লুকুৱাই ৰাখিছিল বুলি দাবী উত্থাপন কৰিছে মন্ত্ৰী গৰাকীয়ে৷
প্ৰশ্ন হয় যে আপ প্ৰশাসনৰ স্বচ্ছতাৰ ওপৰত যিদৰে গুৰুত্ব প্ৰদান কৰিছে নিজ দলৰ প্ৰশাসনৰ স্বছ্ছাতাৰ ওপৰতো গুৰুত্ব প্ৰদান কৰিব নে যিবিলাক বহু সময়ত কেগৰ প্ৰতিবেদনত উন্মোচিত হৈ আহিছে৷
অৱশ্যে এই অভিযোগ সন্দৰ্ভত এই পৰ্যন্ত আপে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা পৰিলক্ষিত হোৱা নাই৷ কেগৰ প্ৰতিবেদন প্ৰকাশ পোৱাৰ পাছতে প্ৰকৃত সত্য পোহৰলৈ আহিব৷ বিজেপিৰ অভিযোগ কিমান সঁচা কিমান মিছা৷
দিল্লী বিধানসভাত বিজেপিয়ে আপ চৰকাৰক আৰ্থিক ব্যৱস্থাপনাৰ অনিয়মৰ অভিযোগ উত্থাপন কৰি পতনি মেলা ৰাজনৈতিক যুঁজৰ মাজতে বিধানসভাৰ অধ্যক্ষ বিজেন্দৰ গুপ্তাই কেগৰ প্ৰতিবেদন দাখিল কৰাত পলম হোৱাক লৈ উদ্বেগ প্ৰকাশ কৰি কয় ২০১৭-১৮ চনৰ পিছত কেগৰ প্ৰতিবেদন বিধানসভাত উত্থাপন হোৱা নাই৷ কেগৰ প্ৰতিবেদন দাখিল কৰাত গাফিলতি কৰা হৈছিল৷ ইচ্ছাকৃতভাৱে সময়মতে প্ৰতিবেদনখন লেফটেনেণ্ট গৱৰ্ণৰলৈ প্ৰেৰণ কৰা হোৱা নাছিল বুলি বিধানসভাৰ অধ্যক্ষগৰাকীয়ে মন্তব্য কৰে৷ ইয়াৰ পাছতে বিৰোধী দলপতি আতিশী আৰু আপৰ বিধায়ক গোপাল ৰায়কে ধৰি আপৰ ১২জন বিধায়কক অধ্যক্ষ বিজেন্দৰ গুপ্তাই নিলম্বন কৰাৰ লগে লগে দিল্লী বিধানসভাত উত্তেজনা বৃদ্ধি পায়।





