NORTHEAST NOW (Assamese)

Grenades Recovered আসাম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ পাছতে মণিপুৰৰ ভাৰত-ম্যানমাৰ সীমান্তত উদ্ধাৰ M79 গ্ৰেনেড

November 15, 2021 9:04 am · এন ই নাও নিউজ, ইম্ফল

Grenades Recovered এগৰাকী কমাণ্ডিং অ’ফিচাৰ, তেওঁৰ পত্নী আৰু পুত্ৰকে ধৰি ৭জনৰ মৃত্যু ঘটা আসাম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ ঘটনাৰ এদিন পাছতে আৰক্ষী তথা নিৰাপত্তা বাহিনীৰ দলে মণিপুৰত মুঠ ২০ ৰাউণ্ড M79 গ্ৰেনেড উদ্ধাৰ কৰে।

আসাম ৰাইফলছৰ ফুনড্ৰেই বেটেলিয়ান আৰু মণিপুৰ আৰক্ষীয়ে যৌথভাৱে চলোৱা অভিযানত উদ্ধাৰ হয় এই গ্ৰেনেড।

যৌথ বাহিনীটোৱে ভাৰত-ম্যানমাৰ সীমান্তৰ সমীপৰ কাকচিং জিলাত এটা সন্ত্ৰাসবাদী ঘাটি ধ্বংস কৰাৰ সময়ত এই গ্ৰেনেডসমূহ উদ্ধাৰ কৰে।

স্থানীয়ভাৱে ‘লাথডে বোম’ হিচাপে পৰিচিত গ্ৰেনেডসমূহ কাকচিং জিলাৰ হিয়াংলম আৰক্ষী থানাৰ অন্তৰ্গত য়াংবি প্ৰাথমিক বিদ্যালয়ৰ পথৰ দাঁতিত পৰি থকা অৱস্থাত উদ্ধাৰ কৰে।

গ্ৰেনেডকেইটা এটা মৰাপাটৰ বস্তাত লুকাই ৰখা আছিল।

Also Read: T20 World Cup অষ্ট্ৰেলিয়াৰ বিশ্বজয়; ক্ৰিকেট অনুৰাগীৰ অন্তৰ জয় কৰিলে নিউজিলেণ্ডে

বাতৰি অনুসৰি, গ্ৰেনেডকেইটা শনিবাৰে সন্ধিয়া ৬বজাত উদ্ধাৰ কৰা হৈছে।

আৰক্ষীৰ উদ্ধৃতিৰে বাতৰি কোৱা হৈছে যে গ্ৰেনেডসমূহ মণিপুৰ আৰক্ষীৰ বোমা নিষ্ক্ৰিয়কাৰী বাহিনীৰ এটা দলে সুৰক্ষিতভাৱে নিষ্ক্ৰিয় কৰে।

বোমা নিষ্ক্ৰিয়কাৰী বাহিনীৰ দলে গ্ৰেনেডসমূহ দেওবাৰে পুৱা প্ৰায় ৮বজাত ৱাবাগাইৰ ম’হৰ পামত নিষ্ক্ৰিয় কৰে।

উল্লেখ্য যে শুকুৰবাৰে মণিপুৰৰ চুড়াচান্দপুৰ জিলাত উগ্ৰপন্থীয়ে আসাম ৰাইপলছৰ কনভয়ত চলোৱা এম্বুছত পত্নী আৰু পুত্ৰৰ সৈতে এগৰাকী কমাণ্ডিং অ’ফিচাৰ আৰু তিনিগৰাকী জোৱান নিহত হৈছিল। 

Related News