ৰাজ্যত দ্ৰুত গতিত বৃদ্ধি হৈছে ক’ৰ’না আক্ৰান্ত লোকৰ সংখ্যা। পানবজাৰস্থিত মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ৰ পাছত ক’ৰ’না ৰোগীৰে সম্পূৰ্ণৰূপে ভৰি পৰিল মহানগৰীৰ কালাপাহাৰস্থিত জিলা যক্ষ্মা চিকিৎসালয়।
বিগত ২৩ মে’ত কালাপাহাৰস্থিত চিকিৎসালয়খন কোভিড-১৯ চিকিৎসালয়লৈ ৰূপান্তৰিত কৰা হৈছিল।
২৩ মে’ৰ পৰা ২৬ মে’লৈ মাত্ৰ চাৰিদিনত মুঠ ১২১ গৰাকী ৰোগী চিকিৎসালয় খনত ভৰ্তি কৰোৱাৰ ফলত চিকিৎসালয়খনৰ বিচনা ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে।
চিকিৎসালয়খন পৰিদৰ্শন কৰাৰ পাছত সংবাদ মাধ্যমৰ আগত স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰে।
শেহতীয়াকৈ কালি নতুনকৈ আক্ৰান্ত হোৱা ১৬ গৰাকী ৰোগীক ভৰ্তি কৰোৱাৰ পাছতে সম্পূৰ্ণ হৈ পৰে চিকিৎসালয় খনৰ বিচনা।
চিকিৎসালয়খনত ১২৬ গৰাকী ৰোগীক চিকিৎসা কৰিব পৰাকৈ বিচনা আছিল যদিও জৰুৰীকালীন পৰিস্থিতিৰ বাবে ৫ খন বিচনা খালী ৰখা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
ইপিনে, আজিৰে পৰা সোণাপুৰ জিলা অসামৰিক চিকিৎসালয়ত কোভিড-১৯ ৰোগীৰ চিকিৎসা আৰম্ভ কৰা হ’ব বুলি তেওঁ উল্লেখ কৰে।
চিকিৎসালয়খনত মুঠ ১১০ খন বিচনা খালী থকা বুলি মন্ত্ৰীগৰাকীয়ে জনায়।
ইয়াৰোপৰি, অহা ৩০ মে’ ৰ ভিতৰত বহু কেইগৰাকী ৰোগীক মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ৰ পৰা মুক্তি দিয়াৰ সম্ভাৱনা আছে বুলি তেওঁ দাবী কৰে।
তেওঁ লগতে কয় যে অহা ৩ জুনৰ ভিতৰত কালপাহাৰ চিকিৎসালয়ৰ পৰাও বহু খিনি সুস্থ হৈ উঠা ৰোগীক মুকলি কৰিব পৰা যাব।
জালুকবাৰীৰ আয়ুৰ্বেদিক কলেজ হস্পিতালখনো ইতিমধ্যে কোভিড-১৯ ৰোগীৰ চিকিৎসাৰ বাবে সাজু কৰি তোলা হৈছে।