NORTHEAST NOW (Assamese)

‘অপাৰেশ্যন মহাদেৱ’ৰ পিছত এইবাৰ ‘অপাৰেশ্যন অখল’ : কাশ্মীৰত সেনাৰ গুলীত নিহত সন্ত্ৰাসবাদী

August 2, 2025 10:44 am · নৰ্থ-ইষ্ট নাও
Updated: August 2, 2025 10:47 am

 ‘অপাৰেচন মহাদেৱ’ৰ পিছত এতিয়া চলি আছে ‘অপাৰেচন অখল’। জম্মু-কাশ্মীৰত ভাৰতীয় সেনাই পূৰ্ণাংগ উগ্ৰপন্থী বিৰোধী অভিযান চলাইছে।

খবৰ অনুসৰি শনিবাৰে পুৱা ভাৰতীয় সেনাই কুলগামত চলোৱা অভিযানত এজন উগ্ৰপন্থী নিহত হয়। অৱশ্যে ভাৰতীয় সেনাই এতিয়াও বিস্তৃত অঞ্চলত অনুসন্ধান আৰু উগ্ৰপন্থী বিৰোধী অভিযান চলাই আছে।

সোমবাৰে শ্ৰীনগৰত ‘অপাৰেচন মহাদেৱত ভাৰতীয় সেনাই পেহেলগাম আক্ৰমণৰ ৩জন উগ্ৰপন্থীকে হত্যা কৰে।

মঙলবাৰে লোকসভাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এক বিবৃতি প্ৰদান কৰে।

সেই সফল অভিযানৰ মাত্ৰ ৫ দিনৰ পাছত পুনৰ উগ্ৰপন্থী দমনৰ ক্ষেত্ৰত ভাৰতীয় সেনা সক্ৰিয় হৈ পৰিছে। চোৰাংচোৱা সূত্ৰই জনাইছে যে উগ্ৰপন্থীয়ে বনাঞ্চলত আত্মগোপন কৰি আছে। সেই তথ্যৰ ভিত্তিত শুকুৰবাৰে আৰম্ভ কৰা হয় অপাৰেচন আখল। সেনাৰ উপস্থিতি অনুভৱ কৰি উগ্ৰপন্থীয়ে গুলীচালনা আৰম্ভ কৰে। সেনাই প্ৰতিশোধ ল’বলৈ বাধ্য হয়। ফলত এজন উগ্ৰপন্থী নিহত হয়।

অৱশ্যে কুলগামৰ এক বৃহৎ অঞ্চলত সেনাই এতিয়াও তালাচী চলাই আছে, কিয়নো অঞ্চলটোত কেইবাজনো উগ্ৰপন্থীয়ে আত্মগোপন কৰি থকা বুলি জানিব পৰা গৈছে।

Related News