বিগত বৰ্ষৰ ২২ এপ্ৰিলত কাশ্মীৰৰ পেহেলগামত হোৱা সন্ত্ৰাসবাদী আক্ৰমণত ২৬ গৰাকী লোকে প্ৰাণ হেৰুৱাইছিল। ভাৰতে ইয়াক পাকিস্তানৰ দ্বাৰা আশীৰ্বাদপুষ্ট আক্ৰমণ বুলি অভিহিত কৰিছিল আৰু ইয়াৰ প্ৰত্যুত্তৰত ৭ মে’ত অপাৰেচন সিন্ধুৰৰ অধীনত পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰৰ ৯টা সন্ত্ৰাসবাদী ঘাটিত সামৰিক অভিযান চলাইছিল। এই সামৰিক পদক্ষেপক আন্তৰ্জাতিক স্তৰত বৈধতা প্ৰদান কৰিবলৈ আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ কঠোৰ স্থিতি স্পষ্ট কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে এক বৃহৎ কূটনৈতিক অভিযান আৰম্ভ কৰিছিল। এই অভিযানৰ অংশ হিচাপে সাতটা সৰ্বদলীয় প্ৰতিনিধি দলক বিশ্বৰ ৩২খন দেশলৈ প্ৰেৰণ কৰা হৈছিল। শেহতীয়াকৈ তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে এই সমগ্ৰ বিদেশ ভ্ৰমণত হোৱা খৰচৰ এক চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে।
প্ৰাপ্ত তথ্য অনুসৰি ২১ মে’ৰ পৰা ৭ জুনলৈ চলা এই ১৮ দিনীয়া কূটনৈতিক অভিযানত চৰকাৰে মুঠ ১৩ কোটি ১১ লাখ ১৬ হাজাৰ ৬৪৭ টকা খৰচ কৰিছে। অৰ্থাৎ এই অভিযানত প্ৰতিদিনে গড়ে ৭২ লাখ ৮৪ হাজাৰ টকাৰো অধিক ধন ব্যয় কৰা হৈছে। এই অভিযানত মুঠ ৫৯ গৰাকী সদস্য অন্তৰ্ভুক্ত আছিল য’ত এনডিএৰ ৩১ গৰাকী আৰু বিৰোধী দলৰ ২০ গৰাকী নেতাৰ লগতে কেইবাজনো প্ৰাক্তন কূটনীতিক আছিল। আৰটিআই কৰ্মী কানহাইয়া কুমাৰে বিদেশ মন্ত্ৰালয়ৰ পৰা লাভ কৰা এই তথ্যসমূহে এতিয়া ৰাজহুৱা ধনৰ সঠিক ব্যৱহাৰক লৈ প্ৰশ্ন উত্থাপন কৰিছে। বিশেষকৈ অপাৰেচন সিন্ধুৰৰ পিছৰ এই কূটনৈতিক তৎপৰতা কিমান সফল আছিল তাক লৈ চৰ্চা আৰম্ভ হৈছে।
খৰচৰ ক্ষেত্ৰত আটাইতকৈ আগত আছিল বিজেপি সাংসদ ৰবি শংকৰ প্ৰসাদৰ নেতৃত্বত যোৱা প্ৰতিনিধি দলটো। ফ্ৰান্স, ইটালী, জাৰ্মানী আৰু ব্ৰিটেইনৰ দৰে গুৰুত্বপূৰ্ণ দেশ ভ্ৰমণ কৰা এই দলটোৱে ১৪ দিনত মুঠ ৩ কোটি ৪৪ লাখ ২৯ হাজাৰ টকা খৰচ কৰিছে। অৰ্থাৎ এই দলটোৰ এজন সদস্যৰ নামত গড়ে ৩৪ লাখ ৪২ হাজাৰ টকা খৰচ হৈছে। বহু দেশত থকা ভাৰতীয় দূতাবাসসমূহে ইয়াৰ আংশিক বিৱৰণ দিছে যদিও ইটালীৰ দূতাবাসে সুৰক্ষা আৰু ৰণনীতিৰ দোহাই দি তথ্য দিবলৈ অস্বীকাৰ কৰিছে। আনহাতে ব্ৰিটেইনৰ পৰা ব্যয়ৰ তথ্য এতিয়াও উপলব্ধ নহয় বুলি উত্তৰ পোৱা গৈছে। অৱশ্যে ডেনমাৰ্ক, বেলজিয়াম আৰু জাৰ্মানীৰ পৰা পোৱা তথ্য অনুসৰি এই তিনিখন দেশত কেৱল হোটেলতে ২৩ লাখৰো অধিক টকা খৰচ হৈছিল। পৰিবহণৰ নামত ডেনমাৰ্কতে সৰ্বাধিক ৩০ লাখ টকা খৰচ কৰা হৈছিল।
খৰচৰ তালিকাত দ্বিতীয় স্থানত আছিল কংগ্ৰেছ সাংসদ শশী থাৰুৰৰ নেতৃত্বত যোৱা ৯ জনীয়া প্ৰতিনিধি দলটো। আমেৰিকা, ব্ৰাজিল আৰু কলম্বিয়াকে ধৰি কেইবাখনো দেশ ভ্ৰমণ কৰা এই দলটোৰ নামত মুঠ ২ কোটি ৮ লাখ ৫৬ হাজাৰ টকা খৰচ হৈছে। ইয়াৰে আমেৰিকাত কেৱল হোটেল আৰু পৰিবহণতে প্ৰায় ৫০ লাখ টকা ব্যয় কৰা হৈছে। ইয়াৰ উপৰিও ডেনমাৰ্কত ফটো আৰু ভিডিঅ’ৰ নামত ২ লাখ ৬৭ হাজাৰ টকা আৰু কম্বোডিয়াত মোবাইলৰ চিম কাৰ্ডৰ বাবে ২২ হাজাৰ টকা খৰচ হোৱা বুলি তথ্য পোৱা গৈছে। একেদৰে ডিএমকে সাংসদ কানিমোঝিৰ নেতৃত্বত যোৱা দলটোৰ সাতজন সদস্যৰ বিপৰীতে গড়ে প্ৰতিজনৰ নামত ২৭ লাখ টকাৰো অধিক ধন ব্যয় কৰা হৈছে।
অন্যান্য দলসমূহৰ ভিতৰত শিৱসেনা নেতা শ্ৰীকান্ত একনাথ সিন্দেৰ নেতৃত্বত যোৱা দলটোৱে সংযুক্ত আৰব আমিৰাত আৰু কেইখনমান আফ্ৰিকীয় দেশ ভ্ৰমণ কৰি ১ কোটি ৫৩ লাখ টকা খৰচ কৰিছে। আকৌ জেডিইউ নেতা সঞ্জয় কুমাৰ ঝাৰ নেতৃত্বত যোৱা দলটোৱে জাপান আৰু ইণ্ডোনেছিয়া ভ্ৰমণত ১ কোটি ৪৮ লাখ টকা ব্যয় কৰিছে। এই অভিযানত জাপানত থকা সদস্যসকলক ৩ লাখ ১২ হাজাৰ টকাকৈ দৈনিক ভাত্তা দিয়া হৈছিল। আটাইতকৈ কম খৰচ কৰিছে এনচিপি সাংসদ সুপ্ৰিয়া চুলেৰ নেতৃত্বত যোৱা দলটোৱে যি চাৰিখন দেশ ভ্ৰমণ কৰি মুঠ ১ কোটি ৩১ লাখ টকা খৰচ কৰে।
ইমান বৃহৎ পৰিমাণৰ ধন খৰচ কৰাৰ পিছত এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে ভাৰতে ইয়াৰ জৰিয়তে আচলতে কি লাভ কৰিলে। জ্যেষ্ঠ সাংবাদিক সিদ্ধাৰ্থ বৰদৰাজনে প্ৰশ্ন উত্থাপন কৰিছে যে যদি পাহলগাম আক্ৰমণৰ বিৰুদ্ধে ভাৰতৰ হাতত পৰ্যাপ্ত প্ৰমাণ আছিল তেন্তে সেইবোৰ কিয় ফাইলৰ দ্বাৰা বিশ্বক জনোৱা নহ’ল। তেওঁৰ মতে এই অভিযান হয়তো দেশৰ অভ্যন্তৰত এটা বিশেষ বাতাবৰণ সৃষ্টি কৰিবলৈহে কৰা হৈছিল। ইমান ধন খৰচ কৰাৰ পিছতো কোনো ডাঙৰ দেশে পাকিস্তানক সন্ত্ৰাসবাদৰ পৃষ্ঠপোষক হিচাপে আনুষ্ঠানিকভাৱে গৰিহণা দিয়া নাই বা পাকিস্তানৰ ওপৰত কোনো ধৰণৰ অৰ্থনৈতিক নিষেধাজ্ঞা আৰোপ কৰা হোৱা নাই। এনে পৰিপ্ৰেক্ষিতত এই ব্যয়বহুল কূটনৈতিক যাত্ৰাৰ কাৰ্যকাৰিতা এতিয়াও অস্পষ্ট হৈয়ে ৰৈছে। চৰকাৰে অৱশ্যে দাবী কৰিছে যে এই পদক্ষেপে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতত থকা সৰ্বদলীয় ঐক্যক বিশ্বৰ আগত প্ৰদৰ্শন কৰাত সহায় কৰিছে।





