অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিদ্যালয়ৰ পাঠ্যপুথিত মোগল সম্ৰাট আকবৰৰ নামৰ পৰা মহান শব্দটো আঁতৰাই দিয়া আৰু টিপু চুলতানক পাঠৰ পৰা বাদ দিয়াৰ বাবে ৰাষ্ট্ৰীয় শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (NCERT)-ক তীব্ৰ সমৰ্থন জনাইছে।
সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে মই ব্যক্তিগতভাৱে নতুন পাঠ্যপুথিসমূহ পৰীক্ষা কৰা নাই। কিন্তু সঁচাকৈয়ে যদি মোগল সম্ৰাট আকবৰৰ নামৰ পৰা মহান শব্দটো আঁতৰাই দিয়াৰ লগতে টিপু চুলতানক পাঠৰ পৰা বাদ দিয়া হৈছে তেন্তে ই আদৰণীয় পদক্ষেপ।
মুছলমান শাসকৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী শৰ্মাই এই মন্তব্যৰ জৰিয়তে তেওঁৰ পূৰ্বৰ স্থিতিকে পুনৰাবৃত্তি কৰিছে। তেওঁ বিতৰ্কিত ঐতিহাসিক ব্যক্তিসকলৰ সৈতে জড়িত অধ্যায়সমূহ সংশোধন কৰাৰ ক্ষেত্ৰত আগ্ৰহ প্ৰকাশ কৰি আহিছে।
তেওঁৰ মন্তব্যৰ আটাইতকৈ বিতৰ্কিত অংশটো আছিল টিপু চুলতানৰ উল্লেখ সম্পৰ্কে: “টিপু–ইপু কো মাৰো একদম। জাহা ভেজনা হায়, উধৰ হী ভেজ দো। সমুন্দৰ মেইন ফেক দো।” স্কুলীয়া শিক্ষাত এনে ঐতিহাসিক ব্যক্তিসকলক মহিমামণ্ডিত কৰা উচিত নহয় বুলি জোৰ দি তেওঁ কয়।
মুখ্যমন্ত্ৰী শৰ্মাৰ এই মন্তব্যক লৈ বিৰোধী দল আৰু কেইবাটাও শিক্ষাবিদৰ গোটে তীব্ৰ সমালোচনা কৰিছে। NCERT-এ দীৰ্ঘম্যাদী পাঠ্যপুথিৰ যুক্তিবাদীকৰণৰ বাবে এই পৰিৱৰ্তনসমূহ কৰিছে বুলি পক্ষ লোৱাৰ বিপৰীতে, সমালোচকসকলে এই সংশোধনীসমূহক ৰাজনৈতিকভাৱে প্ৰেৰিত বুলি অভিহিত কৰিছে।




