নাগৰিকত্ব বিধেয়ক বিৰোধিতাৰ বাবেই মোদীৰ নতুন চৰকাৰত স্থান নাপালে আগাথাই?

Agatha not to get ministerial berth in Modi 2.0 government Is it because NPP was opposed to the Citizenship (Amendment) Bill 2016?

আগাথা চাংমা।

মেঘালয়ৰ প্ৰাক্তন মুখ্য মন্ত্ৰী মুকুল চাংমাক তুৰা সমষ্টিত পৰাজিত কৰা উত্তৰ-পূবৰ আটাইতকৈ কনিষ্ঠতম সাংসদ আগাথা কে চাংমাই মোদীৰ নতুন চৰকাৰত স্থান নাপায়।

লোকসভাৰ প্ৰাক্তন অধ্যক্ষ পূৰ্ণ আগিত’ক চাংমাৰ কনিষ্ঠা কন্যা আগাথাই মোদীৰ চৰকাৰত স্থান পাব বুলি উত্তৰ-পূবৰ সকলোৱে আশা কৰি আছিল, কাৰণ তেওঁ খুব সক্ৰিয় আৰু স্পষ্টবাদী।

তাৰোপৰি ইউ পি এ’-২ চৰকাৰত গ্ৰামোন্নয়ন বিভাগৰ ৰাজ্যিক মন্ত্ৰী হিচাপে অভিজ্ঞতাও আছিল এন পি পিৰ তুৰা সমষ্টিৰ সাংসদগৰাকীৰ।

এন পি পিৰ ঘনিষ্ঠ সূত্ৰই নৰ্থ ইষ্ট নাও-ক জনাই যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আবেলি ৪:৩০ বজাত আয়োজন কৰা চাহ-মেললৈ আগাথাই নিমন্ত্ৰণ পোৱা নাই।

মোদীয়ে শপত ল’বলগা সকলো সাংসদকে চাহমেলটোলৈ আমন্ত্ৰণ কৰিছে। নতুন চৰকাৰৰ ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে চাহমেলতে মোদীয়ে অৱগত কৰিব বুলি আশা কৰা হৈছে।

এইবাৰকে ধৰি মুঠ তিনিবাৰ সাংসদৰূপে নিৰ্বাচিত আগাথাই নিশ্চিতভাৱে নতুন চৰকাৰত সক্ৰিয় মন্ত্ৰী হিচাপে কাম কৰিব পাৰিলেহেঁতেন।

২০০৮ চনৰ মে’ত তেওঁ ১৪সংখ্যক লোকসভালৈ প্ৰথম নিৰ্বাচিত হৈছিল। মেঘালয়ৰ ৰাজনীতিলৈ ঘূৰি অহা দেউতাক পি এ’ চাংমাই এৰি দিয়া আসনখনত আগাথা নিৰ্বাচিত হৈ আহিছিল।

১৫সংখ্যক লোকসভালৈ তেওঁ পুনৰ এন চি পি সাংসদৰূপে নিৰ্বাচিত হৈছিল, আৰু তেওঁ হৈছিলগৈ মনমোহন সিঙৰ দ্বিতীয়খন চৰকাৰৰ কনিষ্ঠতম মন্ত্ৰী (২৯ বছৰ)।

এই কথা এতিয়াও স্পষ্ট হোৱা নাই, কিয় নৰেন্দ্ৰ মোদীয়ে তেওঁৰ মন্ত্ৰীসভাত আগাথাক নল’লে। মেঘালয়ৰ মুখ্য মন্ত্ৰী তথা তেওঁৰ ককায়েক কনৰাদ কে চাংমাই যোৱা ২৫ মে’ত ভাৰতৰ পৰৱৰ্তী প্ৰধান মন্ত্ৰীৰূপে নৰেন্দ্ৰ মোদীৰ প্ৰতি এন পি পিৰ সৰ্বসন্মত সমৰ্থন আগবঢ়াইছিল।

এন পি পিৰ নাগৰিকত্ব বিধেয়ক বিৰোধিতা আৰু এইক্ষেত্ৰত কনৰাদ চাংমাৰ নেতৃত্বদায়ী ভূমিকাৰ বাবেই এনে হ’ল নেকি?