ছুটীত থকা ‘অগ্নিবীৰ’ হৈ পৰিল কুখ্যাত ডকাইতি দলৰ নেতা, গ্ৰেপ্তাৰ আৰক্ষীৰ

ফটোঃ সংগ্ৰহীত।

সেনাৰ অস্থায়ী সেৱাৰ পৰা ছুটী লৈ আহি আৰু কামলৈ উভতি নাহিল। অপৰাধৰ অন্ধকাৰ জগতখনত ভৰি দিয়ে অগ্নিবীৰ ইছমীত সিঙে। ঘাইপথত ডকাইতি দলৰ নেতা হৈ পৰিল! প্ৰথমতে সকলো ঠিকেই চলি আছিল। মূৰত বন্দুক ৰাখি ইখনৰ পিছত সিখন গাড়ীত ডকাইতি কৰিলে। তাৰ পিছত ভুৱা নম্বৰ প্লেট লগাই সেই গাড়ীখন ব্যৱহাৰ কৰি বিক্ৰী কৰিলে। কিন্তু শেষ ৰক্ষা নহ’ল।

মোহালী আৰক্ষীৰ জালত ধৰা পৰিল ইছমীত। ভাতৃ প্ৰভদীপ আৰু বন্ধু বলকৰণ সিঙকো গ্ৰেপ্তাৰ কৰা হয়। ধৃতসকলৰ পৰা এখন টেক্সি, বুলেট মটৰবাইক, স্কুটাৰ আৰু কাৰ্টিজসহ দেশীয় পিষ্টল উদ্ধাৰ কৰা হৈছে। ঘটনাৰ তদন্ত চলি আছে।

লগতে পঢ়কঃ অসমত ছমাহৰ বাবে নিষিদ্ধ তৈল আৰু গেছ খণ্ডৰ কৰ্মচাৰীৰ ধৰ্মঘট

ইছমীত ঠিক কেনেকৈ অগ্নিবীৰৰ পৰা কুখ্যাত ডকাইত হৈ পৰিল? মোহালীৰ এছ এছ পি সন্দীপ গাৰ্গৰ ভাষাত, ‘২০২২ চনৰ নৱেম্বৰ মাহত ইছমীতক অগ্নিবীৰ হিচাপে নিযুক্তি দিয়া হৈছিল। পোষ্টিং আছিল পশ্চিম বংগত। দুমাহ পূৰ্বে ছুটী লৈছিল ইছমীতে। তাৰ পিছত তেওঁ কামলৈ ঘূৰি নগ’ল।

বালাংগীত ভাড়াঘৰ লৈ ভাতৃ আৰু বন্ধুৰ সৈতে ইছমীতে ঘাইপথত ডকাইতি কৰিবলৈ আৰম্ভ কৰে। প্ৰাথমিক তদন্তত ইছমীত আৰু তেওঁৰ সঙ্গীসকল যোৱা দুমাহ ধৰি পঞ্জাৱৰ বালাংগীত ভাড়াঘৰত বাস কৰি থকা বুলি জানিব পৰা গৈছে। এছ এছ পিয়ে কয় যে ইছমীতক অগ্নিবীৰ হিচাপে নিযুক্তিকে ধৰি কেইবাটাও বিষয় চালিজাৰি চাই থকা হৈছে।

আৰক্ষীৰ জেৰাত ইছমীতে কয় যে এই কামৰ বাবে তেওঁ কানপুৰৰ পৰা অবৈধ অস্ত্ৰ কিনিছিল। জানিব পৰা মতে, এপৰ সহায়ত গেং মেম্বাৰসকলে টেক্সি ভাড়া কৰি লৈছিল। তাৰ পিছত ড্ৰাইভাৰৰ মূৰত বন্দুক লগাই গাড়ীখন চুৰি কৰি লৈছিল।

লগতে পঢ়কঃ চলিত গ্ৰীষ্মত দেশত হিটষ্ট্ৰ’কত আক্ৰান্ত হৈছে ৪০ হাজাৰ লোক, মৃত্যু কিমানৰ? উদ্বিগ্ন ৰাষ্ট্ৰসংঘ!

যোৱা ২০ জুলাইত ইছমীতহঁতে চাপ্পৰচিৰিৰ ওচৰত এখন টেক্সি ৰখাইছিল। ইয়াৰ পিছত চালকৰ চকুত জলকীয়া গুৰি ছটিয়াই গাড়ীখন লৈ উধাও হয়। চালকজনে চিঞৰি থকাৰ সময়তে অভিযুক্তই দেশীয় পিষ্টলেৰে গুলীচালনা কৰে। বালাংগী থানাত পঞ্জীয়ন কৰা হৈছে এই ঘটনাৰ গোচৰ। বিশেষ সূত্ৰৰ পৰা তথ্য লাভ কৰি শেহতীয়াকৈ মোহালী আৰক্ষীয়ে অভিযান চলাইছিল। ইছমীত ওৰফে ইছু আৰু তেওঁৰ সহযোগীক গ্ৰেপ্তাৰ কৰা হৈছে।