• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অগপৰ ইস্তাহাৰ : এটা বাক্যতেই সীমাবদ্ধ ৰ’ল CAB সম্পৰ্কত দলৰ স্থিতি

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
April 9, 2019 6:24 pm
AGP Manifesto
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাত্ৰ ডেৰ মাহ আগলৈকে অসমৰ জনগণ আৰু অন্যান্য দল-সংগঠনৰ কাষত থাকি নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী আন্দোলনেৰে অসম তোলপাৰ কৰা অগপই আজি প্ৰকাশ কৰা নিৰ্বাচনী ইস্তাহাৰত মাত্ৰ এটা শাৰীতে বিধেয়কখন সন্দৰ্ভত নিজৰ স্থিতি সীমাবদ্ধ ৰখা দেখা গ’ল।

বিজেপিৰ সৈতে মিত্ৰতালৈ পুনৰ ঘূৰি গৈ একেলগে নিৰ্বাচনত অৱতীৰ্ণ হোৱা দলটোৱে ইস্তাহাৰখনত নিজৰ পূৰ্বৰ স্থিতি একে থাকিব বুলি জনোৱাৰ পৰিৱৰ্তে অধিক লিখাৰ পৰা বিৰত থাকে।

Apply Now

“নাগৰিকত্ব সংশোধনী বিধেয়কৰ ক্ষেত্ৰত অসম গণ পৰিষদ দলে পূৰ্বৰ স্থিতিতে অটল থাকিব”, ইস্তাহাৰত কোৱা হয়।

উল্লেখযোগ্য যে সাময়িকভাৱে শাম কটা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিষয়টোত বিজেপিয়ে ইয়াৰ ইস্তাহাৰত ‘বিধেয়কখন অনা হ’বই’ বুলি এক প্ৰকাৰৰ সংকল্প প্ৰকাশ কৰিছে। কিন্তু তাৰ পিছতো এবাৰ বিধেয়কৰ বিৰোধিতা কৰি মিত্ৰতা ত্যাগ কৰি পুনৰ ক্ষমতাৰ লোভত গেৰুৱা দলটোৰ লগ লগা অগপ এতিয়া নৰম।

প্ৰথম পৰ্য্যায়ৰ নিৰ্বাচনী প্ৰচাৰ শেষ হ’বলৈ কেইঘন্টামান বাকী থকা অৱস্থাত প্ৰকাশ কৰা ইস্তাহাৰখনতেই অগপৰ স্থিতি স্পষ্ট হৈ পৰিছে। অসমৰ খিলঞ্জীয়াৰ অস্তিত্বৰ প্ৰশ্ন জড়িত থকা গুৰুত্বপূৰ্ণ বিষয়টোত মাত্ৰ এটা শাৰী লিখিয়েই দায় সাৰিলে নিজকে জাতীয়তাবাদী দল বুলি দাবী কৰা অগপই।

বিজেপিয়ে জাপি দিব বিচৰা বিধেয়কখনক ‘জাতিধ্বংসী’ আখ্যাৰে অসমৰ ৰাইজ, জাতীয়-জনগোষ্ঠীয় দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ছাত্ৰ সমাজে দুবছৰৰো অধিক সময় তীব্ৰ আন্দোলন কৰিলে।

প্ৰথম অৱস্থাত চুৰচুৰীয়া প্ৰতিবাদ কৰা অগপই পাছত বিধেয়কখন লোক সভাত গৃহীত হোৱাটো নিশ্চিত হোৱাত অসমৰ ৰাইজৰ আৱেগৰ পক্ষত থকা দেখুৱাই ৭ জানুৱাৰিত বিজেপিৰে মিত্ৰতা ত্যাগ কৰিলে যদিও পদত্যাগ গৃহীত নহ’ল অগপৰ তিনি মন্ত্ৰীৰ। অৱশ্যে ৰাজ্যসভাত প্ৰয়োজনীয় সমৰ্থনৰ অভাৱত বিজেপিয়ে বিধেয়কখন গৃহীত কৰিব নোৱাৰিলে।

ইপিনে নিৰ্বাচন অহাৰ লগে লগে পুনৰ যোৱা ১২ মাৰ্চৰ মাজনিশা বিজেপিৰে পুনৰ মিত্ৰতাত আবদ্ধ হ’ল অগপ।

মন কৰিব লগীয়া যে বিধেয়ক-বিৰোধী মিত্ৰ অগপৰ প্ৰতি কোনো সন্মান নেদেখুৱাকৈ চৰকাৰলৈ আহিলে বিধেয়কখন পুনৰ আনিব বুলি বিজেপিয়ে নিৰ্বাচনী ইস্তাহাৰত স্পষ্ট ঘোষণা কৰিছে।

সকলো জানি-বুজিও পুনৰ বিজেপিৰ লগ লগা অগপৰ যে এতিয়া বিধেয়কখনক লৈ গা এৰা মন্তব্যৰ বাহিৰে আন একো উপায় নাই দলটোৰ ইস্তাহাৰখনেই সেয়া প্ৰমাণ কৰিছে।

আনহাতে, অগপৰ ইস্তাহাৰ প্ৰকাশৰ পাছতেই তাত বিধেয়কখনক লৈ লিপিবদ্ধ শাৰীটো সন্দৰ্ভত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে এক সংবাদমেলত প্ৰতিক্ৰিয়া ব্যক্ত কৰে।

“বিজেপিৰ চৰকাৰ গঠন কৰিব পৰা ক্ষমতা থাকিব পাৰে। কিন্তু অসম গণ পৰিষদৰ এজন বা দুজনহে সাংসদ থাকিব পাৰে। গতিকে তাত অগপৰ কোনো ধৰণৰ অধিকাৰেই নাথাকিব। সেইকাৰণে বিজেপিৰ লগত যোৱা অগপই ‘কেব’ সন্দৰ্ভত একে স্থিতিতে থকা বুলি কোৱা কথাটো অসমবাসীৰ বাবে এটা অপমান আৰু দলটোৰ ভণ্ডামি”, অখিল গগৈয়ে কয়।

তেওঁ আঞ্চলিক দলটোক বিজেপি মিত্ৰজোঁটৰ পৰা পুনৰ ওলাই আহিবলৈ আহ্বান জনায়।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মুখ্যমন্ত্ৰীৰ টেবুলত ‘তাণ্ডৱ নৃত্য’ৰ হুংকাৰ অখিল গগৈৰ! মন্ত্ৰী-বিধায়কৰ চিণ্ডিকেটেই শিৱসাগৰলৈ আনিলে প্ৰলয়ংকৰী বান

মুখ্যমন্ত্ৰীৰ টেবুলত ‘তাণ্ডৱ নৃত্য’ৰ হুংকাৰ অখিল গগৈৰ! মন্ত্ৰী-বিধায়কৰ চিণ্ডিকেটেই শিৱসাগৰলৈ আনিলে প্ৰলয়ংকৰী বান

July 29, 2026 1:09 pm
এদিনীয়া বিশ্বকাপৰ দলত স্থান পাবনে বৈভৱ সূৰ্যবংশীয়ে? ফিটনেছ আৰু আচৰণক লৈ ক্ৰিকেট মহলত চৰ্চা

এদিনীয়া বিশ্বকাপৰ দলত স্থান পাবনে বৈভৱ সূৰ্যবংশীয়ে? ফিটনেছ আৰু আচৰণক লৈ ক্ৰিকেট মহলত চৰ্চা

July 29, 2026 12:00 pm
উন্নয়নৰ নামত হাবি-বন, খাল-বিল, নৈ পুতি পেলালে পানী ক’লৈ যাব?

উন্নয়নৰ নামত হাবি-বন, খাল-বিল, নৈ পুতি পেলালে পানী ক’লৈ যাব?

July 29, 2026 10:31 am
‘জেন-জি’ৰ প্ৰতিবাদত উচপ খাই উঠিল নেকি বিজেপি? ‘জেন-জি’ ভোটাৰৰ কাষ চপাৰ ব্যাপক প্ৰস্তুতি

‘জেন-জি’ৰ প্ৰতিবাদত উচপ খাই উঠিল নেকি বিজেপি? ‘জেন-জি’ ভোটাৰৰ কাষ চপাৰ ব্যাপক প্ৰস্তুতি

July 29, 2026 10:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মুখ্যমন্ত্ৰীৰ টেবুলত ‘তাণ্ডৱ নৃত্য’ৰ হুংকাৰ অখিল গগৈৰ! মন্ত্ৰী-বিধায়কৰ চিণ্ডিকেটেই শিৱসাগৰলৈ আনিলে প্ৰলয়ংকৰী বান

মুখ্যমন্ত্ৰীৰ টেবুলত ‘তাণ্ডৱ নৃত্য’ৰ হুংকাৰ অখিল গগৈৰ! মন্ত্ৰী-বিধায়কৰ চিণ্ডিকেটেই শিৱসাগৰলৈ আনিলে প্ৰলয়ংকৰী বান

July 29, 2026 1:09 pm
এদিনীয়া বিশ্বকাপৰ দলত স্থান পাবনে বৈভৱ সূৰ্যবংশীয়ে? ফিটনেছ আৰু আচৰণক লৈ ক্ৰিকেট মহলত চৰ্চা

এদিনীয়া বিশ্বকাপৰ দলত স্থান পাবনে বৈভৱ সূৰ্যবংশীয়ে? ফিটনেছ আৰু আচৰণক লৈ ক্ৰিকেট মহলত চৰ্চা

July 29, 2026 12:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd