ৰীমা দাসক অগপৰ সম্বৰ্ধনা : আগবঢ়ালে ৫ লাখ টকাৰ অনুদান

01-10-18 Chaygaon- Rima Das feleciated by AGP (3)

ভিলেজ ৰকষ্টাৰ্ছৰ নিৰ্মাতা ৰীমা দাসক অগপৰ সম্বৰ্দ্ধনা। ফটো : ইউ বি

অস্কাৰৰ দৌৰত যুঁজিবলৈ ৰীমা দাসক প্ৰয়োজন এতিয়া আৰ্থিক সহোগিতাৰ। ‘ভিলেজ ৰকষ্টাৰ্ছ’ৰ অস্কাৰ বিজয়ৰ সপোন কেৱল ৰীমা দাসৰে নহয়, এই সপোন সমগ্ৰ অসমবাসীৰ। এই অস্কাৰৰ সপোন পূৰণ কৰিবলৈ সকলোৱে ৰীমাক সহায়ৰ হাত আগ বঢ়োৱাৰ প্ৰয়োজন। ৰাইজৰ মৰম আশীৰ্বাদেৰে ৰীমা দাসে অস্কাৰ বিজয়ৰ কামনা কৰিছে অসমৰ আঞ্চলিক দল অগপই।

সোমবাৰে অগপৰ সভাপতি অতুল বৰাৰ নেতৃত্বত যোৱা বিধায়িনী দলে ‘ভিলেজ ৰকষ্টাৰ্ছ’ৰ নিৰ্মাতা ৰীমা দাসৰ ছয়গাঁৱৰ চৌধুৰীপাৰাৰ বাসভৱনত উপস্থিত হৈ তেওঁক সম্বৰ্দ্ধনা জনায়।

‘ভিলেজ ৰকষ্টাৰ্ছ’ এ যাতে অস্কাৰ বিজয়ৰ দৌৰত সফল হ’ব পাৰে তাৰ বাবে অসমবাসী ৰাইজক সহায় সহযোগিতা আগবঢ়াবলৈ অগপৰ সভাপতি অতুল বৰাই আহ্বান জনায়।

সভাপতি অতুল বৰাৰ নেতৃত্বত যোৱা দলটোত দলৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, বিধায়ক সত্যব্ৰত কলিতা, গুণীন দাস, ৰেণুপমা ৰাজখোৱা, ভবেন ভৰালী আৰু নৰেন সোণোৱাল ৰামা দাসৰ ঘৰত উপস্থিত হৈ ফুলাম গামোচা, মানপত্ৰৰে সম্বৰ্ধনা জনোৱাৰ লগতে পাঁচ লাখ টকাৰ এখন চেক প্ৰদান কৰে।

সম্বৰ্ধনা গ্ৰহণ কৰি ৰীমা দাসে কয় যে তেওঁ ‘ভিলেজ ৰকষ্টাৰ্ছ’ৰ অস্কাৰ যাত্ৰাৰ বাবে ৰাইজৰ পৰা কোনো দান বৰঙনি নলয়। কিন্তু চৰকাৰ বা কোনো দল-সংগঠনে সাহায্য আগবঢ়ালে তেওঁ গ্ৰহণ কৰিব।

আনহাতে, স্বৰ্ণকমল লাভ কৰাৰ পাছত ৰাইজৰ পৰা পোৱা মৰম আশীৰ্বাদত অভিভূত হৈ পৰা বুলি উল্লেখ কৰি অস্কাৰৰ যাত্ৰাৰ বাবেও ৰাইজৰ পৰা মৰম আশীৰ্বাদ বিচাৰে।