পঞ্চায়ত নিৰ্বাচনৰ বাবে সম্পূৰ্ণৰূপে সাজু ‘অগপ’ : কেশৱ মহন্ত

Keshab Mahanta

অগপৰ কাৰ্যকৰী সভাপতি তথা জলসম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত। ফাইল ফটো

সোমবাৰে ৰাজ্যিক নিৰ্বাচনী আয়োগে পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছতে আজি সংবাদ মাধ্যমৰ আগত নিৰ্বাচনৰ প্ৰস্তুতি সম্পৰ্কে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম গণ পৰিষদ দলৰ কাৰ্যকৰী সভাপতি তথা ৰাজ্য চৰকাৰৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই।

ৰাজ্যত অহা ৫ আৰু ৯ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে অগপ দল সম্পূৰ্ণৰূপে সাজু বুলি উল্লেখ কৰি দলটোৰ কাৰ্যকৰী সভাপতিজনে কয় যে ৰাজ্যৰ সকলো পঞ্চায়ততে অগপ দলে প্ৰাৰ্থীত্ব আগবঢ়াব। অকলেই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই আমি অধিক পঞ্চায়ত দখলৰ চেষ্টা কৰিম বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

আনহাতে অচিৰেই জিলা আৰু সমষ্টিসমূহে পঞ্চায়ত নিৰ্বাচনৰ বাবে প্ৰাৰ্থী নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ কৰিব বুলি জানিবলৈ দিয়ে। ইফালে সমষ্টি কমিটি সমূহে বিচাৰিলে প্ৰয়োজন সাপেক্ষে কোনো দলৰ সৈতে মিত্ৰতা হ’ব পাৰে বুলিও ইংগিত দিয়ে মন্ত্ৰী মহন্তই।

উল্লেখযোগ্য যে সোমবাৰে ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়া হৰেন্দ্ৰ নাথ বৰাই এখন সংবাদমেলৰ জৰিয়তে পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে ৰাজনৈতিক দল সমূহৰ মাজত নিৰ্বাচনী তৎপৰতা বৃদ্ধি পাইছে। মন কৰিবলগীয়া যে ৰাজ্যত চলি থকা এক অশান্ত ৰাজনৈতিক পৰিস্থিতিৰ সময়তে অনুষ্ঠিত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনত কোন দলে আধিপত্য বিস্তাৰ কৰে সেয়া লক্ষ্যণীয় হ’ব।