মিত্ৰ দল বিজেপিৰ সৈতে আগন্তুক বিধানসভা নিৰ্বাচনত সমানে সমানে ফেৰ মৰাৰ লক্ষ্যৰে সভাপতি অতুল বৰাৰ নেতৃত্বত অসম গণ পৰিষদৰ আমবাৰীস্থিত মুখ্য কাৰ্য্যালয়ত এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰে অগপৰ কেন্দ্ৰীয় নেতৃত্ব।
বৈঠকত অগপৰ সকলো ভাতৃ-ভগ্নী সংগঠনৰ সৈতে মিলিত হয় কেন্দ্ৰীয় নেতৃত্ব।
অতুল বৰাৰ নেতৃত্বত সামাজিক দূৰত্ব মানি অনুষ্ঠিত হোৱা বৈঠকত ২১ বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ পদাংক অনুসৰণ কৰি সমষ্টি ভিত্তিত আই টি চেল গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
বিধান সভা নিৰ্বাচনত সামাজিক মাধ্যমৰ জৰিয়তে প্ৰচাৰ চলোৱাৰ লক্ষ্যৰে এটা দলীয় শক্তিশালী আই টি চেল গঠন কৰাৰ ওপৰত বিস্তৃতভাৱে চৰ্চা কৰা হয় ৷
মুঠ ৮৫ টা সমষ্টিত গঠন হ’ব এই আই টি চেল।
উল্লেখযোগ্য যে, অগপই আই টি চেল গঠন কৰিবলগীয়া সমষ্টি কেইটা এটা সময়ত অগপৰ দখলত আছিল।
বৈঠকৰ সিদ্ধান্ত মৰ্মে, ভিডিঅ’ কনফাৰেঞ্চিঙৰ জৰিয়তে প্ৰতিটো সমষ্টিত বিষয়ববীয়াৰ লগত মিলিত হ’ব কেন্দ্ৰীয় নেতৃত্ব ৷
প্ৰতিটো সমষ্টিপ আই টি চেলৰ দায়িত্ব এগৰাকী কেন্দ্ৰীয় নেতৃত্বক অৰ্পন কৰা হ’ব বুলিও জানিব পৰা গৈছে।
আনহাতে, আগন্তুক বানপানীৰ সময়ত প্ৰতিটো সমষ্টিতে দলৰ কৰ্মী সকলক ৰাইজক সহায় কৰাৰো আহ্বান জনাই সভাপতি অতুল বৰাই ৷
আজিৰ বৈঠকত উপস্থিত তাকে অগপৰ মহিলা পৰিষদ, যুৱ পৰিষদ, ছাত্ৰ পৰিষদৰ সদস্য সকল ৷
তাৰোপৰি বৈঠকত সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, ডা:কমলা কলিতা , বিধায়ক ৰমেন্দ্ৰ নাৰায়ন কলিতা, বিধায়ক সত্যব্ৰত কলিতা, মনোজ শইকীয়াকে আদি কৰি বহু কেইজন শীৰ্ষ নেতৃত্ব উপস্থিত থাকে ৷