NORTHEAST NOW (Assamese)

বিজেপিৰ “ৰিজাল্ট”হে দিলে অগপৰ সভাপতিয়ে; নিজৰ দলৰ বিষয়ে ক’বলৈ অপাৰগতা প্ৰকাশ

May 20, 2019 9:02 pm · এন ই নাও নিউজ
Updated: May 20, 2019 9:12 pm
অতুল বৰা। ছবি- ইণ্টাৰনেটৰ সৌজন্যত।

সপ্তদশ লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ বাবে মাজত মাথো দুটা দিন বাকী থকা অৱস্থাত বিজেপি তথা এন ডি এক “জয়” দিলে অগপৰ সভাপতি অতুল বৰাই।

“এইবাৰ বিজেপি নেতৃত্বাধীন চৰকাৰ কেন্দ্ৰত আহিব”, এক্সিট প’ল বা নিৰ্বাচনোত্তৰ সমীক্ষাৰ কথা টানি আনি এটা ব্যক্তিগত খণ্ডৰ সংবাদ প্ৰতিষ্ঠানৰ আগত বিজেপিৰ মিত্ৰ দলৰ সভাপতিজনৰ মন্তব্য।

পিছে নিজৰ দলৰ ফলাফল সন্দৰ্ভত কোনো পূৰ্বানুমান দিয়াত অপাৰগতা প্ৰকাশ কৰে সভাপতি বৰাই।

“মই কৈ দিব নোৱাৰো যে জিকিম, কিন্তু এটা কথা নিশ্চিত যে কেন্দ্ৰত বিজেপি নেতৃত্বাধীন চৰকাৰ হ’ব”, নিজৰ দলৰ ফলাফলৰ বিষয়ে সোধা সাংবাদিকক সভাপতি বৰাৰ উত্তৰ।

অসমতো মিত্ৰজোঁটৰ ৰিজাল্ট ভালে হ’ব বুলি ইংগিত দি ক’লে, “বিজেপিয়ে যথেষ্ট আশাপ্ৰদ ফল লাভ কৰিব বুলি মই ভাবো।”

পুনৰ সাংবাদিকজনে নিজৰ দলৰ বিষয়ে সোধাত কয়, “২৩ তাৰিখটো যিহেতু পালেহিয়েই, মই আগতীয়াকৈনো কিয় কওঁ”?

Related News