NORTHEAST NOW (Assamese)

কেইজনমান নেতাৰ বাবে অগপৰ বদনাম হ’ব নোৱাৰে : প্ৰফুল্ল কুমাৰ মহন্ত

December 19, 2019 10:32 am · এন ই নাও নিউজ
Updated: December 19, 2019 10:40 am
প্ৰফুল্ল কুমাৰ মহন্তৰ ফাইল ছবি।

আৰম্ভনিৰে পৰা নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি অহা অসম গণ পৰিষদ দলৰ প্ৰতিষ্ঠাপক সভাপতি তথা প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই পুনৰ এবাৰ দলীয় নেতৃত্বক ক্ষুৰধাৰ সমালোচনা কৰে।

‘কা’ক লৈ বিভিন্ন সময়ত সুবিধাবাদী স্থিতি লৈ অহা অগপৰ কেইজনমান নেতাৰ বাবে আঞ্চলিক দলটো বদনামী তথা শেষ হৈ যাব নোৱাৰে বুলি বুধবাৰে ভৱানীপুৰত মন্তব্য কৰে মহন্তই।

কা বিৰোধী আন্দোলনত অংশ লৈ আৰক্ষীৰ গুলীত নিহত হোৱা আব্দুল আলীমৰ ভৱানীপুৰৰ হলংবাৰীস্থিত ঘৰত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে পৰিয়ালৰ লোকক সমবেদনা জ্ঞাপন কৰে প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে।

উল্লেখ্য যে প্ৰফুল্ল মহন্তই যোৱা কিছুদিনৰ পৰা কা বিৰোধী আন্দোলনত চহিদ হোৱা লোকসকলৰ পৰিয়ালক সাক্ষাৎ কৰি সহমৰ্মিতা প্ৰকাশ কৰা পৰিলক্ষিত আছে।

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ গুৱাহাটীৰ লালুংগাঁৱত আৰক্ষীৰ গুলীচালনাত মৃত্যু হোৱা আব্দুল আলীমৰ পৰিয়ালক সমবেদনা জ্ঞাপন কৰে স্থানীয় সাংসদ নৱ কুমাৰ শৰণীয়াই।

অসমত হৈ থকা কা বিৰোধী আন্দোলন কেৱল আছুৰ নহয়, এই আন্দোলনত অসমৰ সকলো স্তৰৰ জনতা জঁপিয়াই পৰিছে বুলিও সাংসদগৰাকীয়ে মন্তব্য কৰে।

Related News